নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশংকা ! গ্রীনলেণ্ডত সেনা মোতায়েন ডেনমার্কৰ

নিউজ ডেস্ক, ২৫ জানুৱাৰী : ড’নাল্ড ট্রাম্পৰ ওপৰত ভৰসা নাই৷ গ্রীনলেণ্ডৰ ওপৰত সামৰিক অভিযানৰ সিদ্ধান্তৰ পৰা আঁতৰি অহাৰ কথা মুখেৰে প্রকাশ কৰিলেও তাক বিশ্বাস কৰিব নোৱাৰি৷ গ্রীনলেণ্ড দখল কৰাৰ বাবে যেতিয়াই–তেতিয়াই মার্কিন সেনাই আক্রমণ চলাব পাৰে৷ এই আশংকাতে এইবাৰ গ্রীনলেণ্ডত সন্তর্পণে বিশাল সেনা মোতায়েন কৰিবলৈ আৰম্ভ কৰিছে ডেনমার্কে৷ সেনাক কঠোৰ নির্দেশ দিয়া হৈছে যাতে সার্বভৌমত্বত আঘাত কৰিলে গুলীৰে তাৰ উত্তৰ দিয়া হয়৷

উল্লেখযোগ্য যে ডেনমার্কৰ মূল ভূখণ্ডৰ পৰা প্রায় ৩০০০ কিলোমিটাৰ দূৰত অৱস্থিত ৫৬০০০ জনসংখ্যাৰ দ্বীপটোৰ ওপৰত প্রায় তিনিশ বছৰ ধৰি ক’পেনেহেগেনে (ডেনমার্কৰ ৰাজধানী) নিয়ন্ত্রণ অব্যাহত ৰাখিছে৷ নিজস্ব আভ্যন্তৰীণ বিষয়সমূহ পৰিচালনা আৰু উন্নয়ন সংক্রান্তৰ দায়িত্ব দ্বীপটোৰ স্বায়ত্তশাসিত কর্তৃপক্ষই পালন কৰে৷ তেনেদৰে বিদেশ তথা প্রতিৰক্ষা সংক্রান্তীয় বিষয়সমূহ চম্ভালে ডেনমার্ক চৰকাৰে৷

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাৰ পিছত ড’নাল্ড ট্রাম্পে যোৱা ১১ মাহে একাধিকবাৰ গ্রীনলেণ্ড দখলৰ হুমকি দিছে৷ প্রয়োজনসাপেক্ষে সামৰিক অভিযান চলাব পাৰে বুলিও সাৱধানবাণী শুনাইছে তেওঁ৷ কিন্তু শেহতীয়াকৈ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱ’ৰ্ল্ড  ইক’নমিক ফ’ৰামৰ মঞ্চত ট্রাম্পে প্রকাশ কৰে যে বল প্রয়োগ কৰি তেওঁ গ্রীনলেণ্ড দখল নকৰে৷ কিন্তু ট্রাম্পৰ এই কথাত আশ্বস্ত হ’ব পৰা নাই ডেনমার্ক৷

কাৰণ ডাভোছত তেওঁ গ্রীনলেণ্ডক ‘আমাৰ অঞ্চল’ বুলি দাবী কৰি জনায় যে দ্বীপটোৰ দাবীৰ পৰা আঁতৰি নাহে ৱাশ্বিংটন৷ সেইবাবেই যেতিয়াই–তেতিয়াই মার্কিন আক্রমণৰ আশংকাত ডেনমার্কে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ দেশখনৰ প্রশাসনিক সূত্রই জনোৱা মতে, সকলো ধৰণৰ পৰিস্থিতিৰ বাবে প্রস্তুত থাকিবলৈ গ্রীনলেণ্ডত সেনা মোতায়েন কৰা হৈছে৷

সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, ডেনমার্কৰ চৰকাৰ–বিৰোধী উভয় পক্ষই গ্রীনলেণ্ড ৰক্ষাৰ বাবে এই সিদ্ধান্তত সন্মতি জনাইছে৷ গ্রীনলেণ্ডত মার্কিন আক্রমণ হ’বই বুলি কোনোধৰণৰ চোৰাংচোৱা তথ্য নাই যদিও মার্কিন ৰাষ্ট্রপতিগৰাকীৰ কথাত আস্থা নথকাৰ বাবেই ডেনমার্কে গ্ৰীনলেণ্ডত সেনা সাজু কৰি ৰখাৰ সিদ্ধান্ত লৈছে৷

You might also like