নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত এজন আক্ৰান্ত ক’ভিড-১৯ তঃ ২৫ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ৰাজ্য়ত ক্ৰমাত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা । শুকুৰবাৰে নিশা ৪ জন বৃদ্ধি পোৱা পাচত শনিবাৰে পুৱা পুনৰ এজনৰ শৰীৰত ধৰা পৰে ক’ৰোনা ভাইৰাছ । ৰাজ্যত বৰ্তমানলৈকে মুঠ ২৫ জনৰ শৰীৰত পোৱা গৈছে ক’ভিড- ১৯ ।

উল্লেখ্য যে, শেহতীয়াভাৱে উত্তৰ লখিমপুৰৰ যিগৰাকী লোকৰ শৰীৰত ক’ভিড – ১৯ পজিটিভ পোৱা গৈছে তেওঁ নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like