ধেমাজি জিলাৰ বগীবিলৰ কাৰেং চাপৰিত ২৬ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দশম সংখ্যক মিচিং যুৱ মহোৎসৱ । ক্ৰমে সকলো মূল আৰু উপ-মণ্ডপৰ শুভাৰম্ভণি, পঞ্জীয়ন, যোগাসন আদি কাৰ্যসূচীৰে আৰম্ভণি কৰা বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যময় অন্যান্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, নৃত্য-গীত, লোকবাদ্য আৰু ঐতিহ্যবাহী প্ৰতিযোগিতাসমূহ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।
ইফালে, অসমৰ প্ৰায় সকলো জিলাৰ পৰা ১০ হাজাৰৰো অধিক প্ৰতিনিধিয়ে মহোৎসৱৰ বিভিন্ন প্ৰতিযোগিতা আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব, যিয়ে মহোৎসৱখনক অধিক ৰঙীন আৰু আকৰ্ষণীয় কৰি তুলিব।
আনহাতে, মহোৎসৱৰ প্ৰতিদিনে বিভিন্ন জাতি-জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান, নৃত্য-গীত আৰু লোকসংগীতৰ বিশেষ আয়োজন কৰা হৈছে। কৃষ্টি-সংস্কৃতিৰ এক বিশাল মিলনস্থল হিচাপে পৰিগণিত হ’বলগীয়া এই পাঁচদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতি মহোৎসৱৰ অন্যতম গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব। ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, উত্তৰ-পূৰ্বাঞ্চলৰ বহু বিশিষ্ট ব্যক্তি আৰু অসমৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বস্থানীয় ব্যক্তিসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰিছে।
অন্তিম দিনৰ মুকলি সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনাবলৈ দুই লক্ষাধিক মিচিং ৰাইজ উপস্থিত থাকিব বুলি জনায়।। ইতিমধ্যে মহোৎসৱস্থলীত পেণ্ডেল, মঞ্চ আৰু তোৰণ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু সকলো প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।
পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে টিএমপিকেৰ সভাপতি তিলক দলে আৰু সাধাৰণ সম্পাদক চান দঃঞি পাংগিঙে।