আজি ২৮ জানুৱাৰী, মাঘ মাহৰ ১৪ তাৰিখ
বুধবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : কৃত্তিকা, যাত্রা : শুভ
মেষ : কর্ম বৃদ্ধি পাব৷ চাকৰিৰ ক্ষেত্রত কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ প্রেমত অশুভ৷ শুভ ৰং হালধীয়া৷
বৃষ : সাৱধানে চলা–ফুৰা কৰিব৷ দেহত আঘাত পোৱাৰ সম্ভাৱনা আছে৷ প্রেমত মধ্যম৷ শুভ ৰং হালধীয়া৷
মিথুন : পুৰণি কোনো ৰোগে আমনি কৰিব৷ বিদ্যার্থীৰ বাবে নতুন সুযোগ আহিব পাৰে৷ বিবাহ প্রার্থীৰ বাবে শুভ৷ শুভ ৰং ক্রীম৷
কর্কট : দিনটো শান্তিপূর্ণ থাকিব৷ চাকৰিয়ালসকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যাই দেখা দিব৷ বিদ্যার্থীৰ শুভ৷ শুভ ৰং মেৰুন৷
সিংহ : ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ প্রেমত কষ্টদায়ক৷ শুভ ৰং কমলা৷
কন্যা : ভ্রমণত শুভ৷ বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ মাতৃৰ শুভ৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া৷
তুলা : ব্যৱসায়ীসকল সাৱধান হোৱাটো ভাল৷ চাকৰিয়ালৰ শুভ৷ উত্তৰ দিশে ভ্রমণ নকৰিব৷ শুভ ৰং নীলা৷
বৃশ্চিক : পৰিশ্রম কৰিলে বহুত সমস্যা সমাধান হ’ব৷ ব্যক্তিগত কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব৷ প্রেমৰ ক্ষেত্রত শুভ নহয়৷ শুভ ৰং সেউজীয়া৷
ধনু : বিদ্যার্থীৰ বাধা৷ যান–বাহন চলাওঁতে সাৱধান হ’ব৷ ভ্রমণত কষ্টদায়ক হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ক’লা৷
মকৰ : শাৰীৰিক বেয়া নহয়৷ চাকৰিৰ নতুন সুযোগ৷ খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেম–প্রণয়ত শুভ৷ শুভ ৰং সোণালী৷
কুম্ভ : মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে৷ শাৰীৰিক ক্ষেত্রত বেয়া নহয়৷ দূৰ ভ্রমণৰ সুযোগ৷ বিদ্যার্থীৰ ভ্রমণৰ যোগ আছে৷ শুভ ৰং বগা৷
মীন : ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনা আছে৷ আনৰ কথা শুনি অশান্তিৰ সৃষ্টি নকৰিব৷ প্রেমত চিন্তিত৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং ৰঙা৷