সম্পাদকীয় : খেতি যাৰ, মাটি তাৰ
পূর্বতে অসমৰ ৮০ শতাংশ লোকেই খেতি কৰি জীৱন নির্বাহ কৰিছিল৷ খেতি কৰিয়ে পৰিয়াল পোহপাল দিছিল৷ খেতিক কেন্দ্র কৰিয়েই মানুহবোৰৰ মাজত সামাজিক দায়বদ্ধতা–আত্মীয়তা গঢ় লৈছিল৷ ইঘৰে আনঘৰক কৃষিকার্যত সহায় কৰিছিল৷ সেয়াই কালক্রমত পৰম্পৰা, লোকাচাৰ, লোক–সংস্কৃতিৰ জন্ম দিছিল৷ যিয়ে সমাজখন সুশৃংখলিত কৰাত গুৰুত্বপূর্ণ অৰিহণা যোগাইছিল৷ হালৰ গৰুহালকেই ব’হাগ বিহুত সেৱা জনাই খেতিত লাগিছিল৷ পোহনীয়া গৰু–ছাগলীৰ বিষ্ঠাই মাটি উর্বৰ কৰি ৰাখিছিল৷ কিন্তু আজিকালি কৃষিপ্রধান ৰাজ্যখনত খেতিয়কৰ সংখ্যা ক্রমাৎ হ্রাস পাইছে৷ সম্প্রতি অসমীয়া মানুহে খেতি কৰিবলৈ বাদ দিছে৷ নিজৰ মাটিখিনিক আধিয়াৰ বা ঠিকা ভিত্তিত অনা–অসমীয়াক এৰি দিছে৷ কিছুমানে আজোককাদিনীয়া গাঁৱৰ মাটি বেচি চহৰৰ বন্ধ ফ্লেটত বিলাসিতাৰ সোৱাদ লৈছে৷ হালৰ সলনি ট্রেক্টৰ আহিল৷ কেঁচু–কুমটিৰ সংখ্যা কমিল৷ অত্যধিক কৃত্রিম সাৰ ব্যৱহাৰ নকৰিলে খেতিবোৰ ভাল নোহোৱা হ’ল৷ ছন পৰি থকা খেতি মাটিও বৃদ্ধি হ’ল৷ খেতি কৰা সামর্থ্য থাকিলেও বহুতে খেতি কৰিবলৈ বেয়া পায়৷ খেতি কৰি সময় নষ্ট কৰাতকৈ চহৰত চাকৰি কৰিহে সন্তুষ্টি লভে৷ সেয়ে বহু যুৱক–যুৱতী অসমৰ বাহিৰলৈ গৈ কোম্পানীত কাম কৰিছে৷
এনে পৰিস্থিতি কিয় হৈছে? এই বিষয়বোৰ আলোচনা কৰাটো অতীব প্রয়োজন৷ কৃষি লাভজনক ব্যৱসায় হ’লে নিশ্চয়কৈ কৃষিক্ষেত্রখনৰ সৈতে উঠি অহা প্রজন্ম নিবিড়ভাৱে সংযুক্ত হ’লহেঁতেন৷ কিন্তু তেনে পৰিৱেশ গঢ়ি উঠা নাই৷ বহু অসমীয়াই নিজৰ কৃষি মাটি বণিয়াক বিক্রী কৰি ধনী হোৱাৰ সপোন দেখিছে৷ খেতিক মানুহে কাম বুলিয়ে গণ্য নকৰা এক পৰিৱেশৰ সৃষ্টি হৈছে৷ কোনোবাখিনিত নহয় কোনোবাখিনিত কেন্দ্রীয় চৰকাৰেও খেতিয়কসকলক এলাগী কৰিছে৷ প্রাপ্য দাবী বা অধিকাৰৰ বাবে মাত মাতিছেহে মাতিছেহে৷ আজিপর্যন্ত খেতিয়কসকলৰ সমস্যাৰ স্থায়ী সমাধান হোৱা নাই৷ খেতি–খেতিয়কৰ মান উন্নত কৰিব নোৱাৰিলে আগন্তুক সময়ত আমি বহু বিপদৰ সন্মুখীন হ’ব লাগিব৷ খেতি এটা লাভজনক ব্যৱসায়লৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত৷ তেতিয়াহে নতুন প্রজন্ম কৃষিৰ প্রতি আগ্রহী হ’ব৷ আমাৰ মাটিবোৰ আমাৰ হৈ থাকিব৷ নহ’লে বণিয়াই সকলো ক্রয় কৰি আমাকেই বনুৱা কৰিব৷ চৰকাৰেও কৃষকৰ আয় দুগুণ কৰি দিম বুলি প্রতিশ্রুতি দিছিলে৷ কিন্তু আজিপর্যন্ত কৃষকৰ আয় দুগুণ নহ’ল,বৰঞ্চ অধিকাংশ কৃষক লোকচানৰহে সন্মুখীন হৈছে৷ অসমৰ কৃষকসকল দুটা কাৰণে বিপর্যয়ৰ সন্মুখীন হয়৷ প্রথমটো হ’ল– এখন উপযুক্ত বজাৰৰ অভাৱ আৰু আনটো হ’ল প্রতিকূল বতৰ বা কীট–পতংগৰ উপদ্রৱ৷ এই দুয়োটাৰ ফলতেই কৃষকসকল লোকচানৰ সন্মুখীন হৈ পৰৱর্তী বছৰত মূলধনৰ অভাৱত পৰিছে৷ অলপতে উৎপাদিত আলুৰ উচিত মূল্য নোপোৱাৰ বাবেই শদিয়াত কৃষকে বিক্ষোভ প্রদর্শন কৰিবলগীয়া হৈছিল৷ পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যতো সঘনাই এনে বিক্ষোভ দেখা যায়৷
এজন কৃষকে ট্রেক্টৰ, বীজ, সাৰ, কীটনাশক দ্রব্য, পানী আৰু মজুৰিৰ নামত বহু টকা খৰচ কৰাৰ পিছতো যদি বজাৰত উচিত মূল্য নাপায়, তেনেহ’লে এনে বিক্ষোভ কৰাটো স্বাভাৱিক৷ সম্প্রতি কৃষকে খেতি কৰিয়েই নহয়, হাঁহ, কুকুৰা, গাহৰি আদি পশুপালন কৰিও খাব নোৱাৰা গুৰুতৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ বহু সময়ত গাহৰি, হাঁহ, কুকুৰা বেমাৰ লাগি শেষ হৈ যায়৷ যাৰ ফলত এটা পৰিয়ালত আর্থিক দিশত নেতিবাচক প্রভাৱ পৰে৷ এই সমস্যাবোৰৰ ক্ষেত্রতো চৰকাৰে গুৰুত্ব দিব লাগে৷ অসমৰ প্রতিখন গাঁৱত পশু চিকিৎসালয়ৰ লগতে একোজনকৈ পশু চিকিৎসক দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ যাতে পোহনীয়া জীৱ–জন্তু কিবা ৰোগত আক্রান্ত হ’লে ততাতৈয়াকৈ বিহিত ব্যৱস্থাৰ বাবে পৰামর্শ ল’ব পাৰে৷ তেনে পৰিৱেশ এটা নোহোৱাৰ বাবেই বহু পালকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ কৃষিক্ষেত্রখনৰ এই বিপর্যয়ৰ বাবে চৰকাৰে চকুত লগাকৈ বৰ বিশেষ কাম কৰা নাই যেন অনুমান হয়৷ খৰাং বতৰত খাজনা মাফ বা বানপানীৰ কবলত পৰা কৃষকক আর্থিক সাহায্য আগবঢ়োৱা, বীজ–সাৰ যোগান ধৰাটোৱে কেৱল চৰকাৰৰ দায়িত্ব নহয়৷ তদুপৰি চৰকাৰৰ হিতাধিকাৰীৰ সুবিধা প্রকৃত কৃষকসকলে লাভ কৰিছে নে নাই সেয়াও লক্ষণীয়৷ সম্প্রতি চৰকাৰে এখন সঠিক বজাৰ ঠিক কৰি দিব লাগিব৷ বিজ্ঞানসন্মতভাৱে ভূ–গর্ভৰ জলসম্পদ সংৰক্ষণ, কৃষি পদ্ধতিত পৰিৱেশসন্মত ব্যৱস্থা গ্রহণ, কেঁচুসাৰ উৎপাদন, উন্নত জাতৰ বীজ ৰোপণ আদি বিষয়ত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব৷
কৃষিক্ষেত্রত কৃত্রিম সাৰ–কীটনাশক দ্রব্যৰ ব্যাপক প্রয়োগে ভূমি আৰু জলস্তৰ বিষময় কৰি তুলিছে৷ যাৰ ফলত বহু সময়ত মাছ, চৰাই–চিৰিকটি আদিকে ধৰি বহু জীৱৰ মৃত্যু ঘটে৷ আনকি এই বিহবোৰ জৈৱ–বিৱর্ধক (Biomagnification) প্রক্রিয়াৰে খাদ্য শৃংখলৰ ওপৰ স্তৰত প্রৱেশ কৰিছে৷ যাৰ ফলত সেই ওপৰ স্তৰত অৱস্থান কৰা মানুহৰ দেহত নানানটা মাৰাত্মক ৰোগে দেখা দিছে৷ পানীত আর্ছেনিক, পাৰা, ফ্ল’ৰাইড আদিৰ বিষাক্ত দ্রব্যৰ পৰিমাণ বৃদ্ধি পাইছে৷ মাটিৰ উর্বৰতাও হ্রাস পাইছে৷ বর্তমান চৰকাৰে জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব দিছে যদিও সফল হ’ব পৰা নাই৷ তাৰ বাবে চৰকাৰে উন্নত আৰু উপযুক্ত গৱেষণাগাৰ স্থাপন কৰিব লাগিব৷ যিয়ে আগন্তুক সময়ত ইতিবাচক প্রভাৱ পেলাব বুলি আশা কৰিব পাৰি৷ মুঠতে খেতি মাটিবোৰ আমাৰ হৈ থাকিবলৈ চৰকাৰে যিকোনো প্রকাৰে কৃষিক লাভজনক ব্যৱসায়লৈ নিব লাগিব৷ তদুপৰি খেতিয়কক দিব লাগিব উচিত সন্মান–আদৰ৷ কৃষিকর্মৰে জীপাল হৈ থকা এই ৰাজ্যৰ কৃষকসকলৰ সমস্যবোৰ বিজ্ঞানসন্মত পৰিকল্পনাৰে সমাধান কৰিবই লাগিব৷ এই ক্ষেত্রখনত কিদৰে সংস্কাৰ আহিব ই হ’ব লক্ষণীয়৷ কিন্তু মনত ৰাখিব লাগিব কৃষিক্ষেত্রখনক যাতে কোনো কাৰণতে ৰাজনৈতিক লাভালাভৰ অংশ হিচাপে কোনো দলে নাভাবে৷ ইয়াক আমি জাতীয় দায়িত্ব হিচাপে সংস্কাৰ কৰিব লাগে৷