নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠান-আৱাসগৃহ ভস্মীভূত

ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : জোনাই বজাৰত আজি পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসগৃহ ভস্মীভূত হয়। হনুমান মন্দিৰৰ বিপৰীত দিশত থকা এখন দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

এই অগ্নিকাণ্ডত কাপোৰ, ইলেক্ট্ৰনিক, মোবাইল আৰু বেটাৰী দোকানকে ধৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হয়। প্ৰায় ৫০ লাখ টকাৰো অধিক সা-সম্পত্তি ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।

জোনাই আৰু অৰুণাচল প্ৰদেশৰ ৰুকচিন-পাছিঘাটৰ অগ্নিনিৰ্বাপক বাহিনীয়ে বহু প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

You might also like