নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৬সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

কেৰালাত ২৮ জানুৱাৰীৰ পৰা  ১ ফেব্ৰুৱাৰী ২০২৬ত অনুষ্ঠিত ৪৬তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ মাষ্টাৰ্ছ খেলুৱৈসকলে সাফল্য অৰ্জন কৰি মুঠ ৯৮টা পদক লাভ কৰে। এই পদকসমূহৰ ভিতৰত আছিল ২৩টা স্বৰ্ণ, ৪১টা ৰূপ আৰু ৩৪টা ব্ৰঞ্জ পদক।

এই চেম্পিয়নশ্বিপ ৱৰ্ল্ড মাষ্টাৰ্ছ এথলেটিকছৰ কৰ্তৃত্বত অনুষ্ঠিত হয় আৰু ভাৰতত ইয়াৰ প্ৰতিনিধিত্ব কৰে ভাৰতৰ মাষ্টাৰ্ছ এথলেটিকছ ফেডাৰেশ্বন। অসমত এই সংস্থাৰ একমাত্ৰ স্বীকৃত আৰু সংযুক্ত ৰাজ্যিক সংগঠন হৈছে অসম মাষ্টাৰ্ছ এথলেটিকছ এছ’চিয়েছন। আৰু মাষ্টাৰ্ছ এথলেটিকছৰ ক্ষেত্ৰত এই ব্যৱস্থাই  একমাত্ৰ বৈধ, স্বীকৃত আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণযোগ্য পন্থা হিচাপে ৰেকৰ্ড, ৰেংকিং আৰু প্ৰতিনিধিত্ব নিৰ্ধাৰণ কৰে।

সদৃশ নাম ব্যৱহাৰ কৰা বা বিভিন্ন ধৰণৰ প্রলোভনৰ মাধ্যমে সমান্তৰালভাৱে চলা সংগঠনসমূহৰ এথলেটিকছৰ ক্ষেত্রত কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু এনে কাৰ্যকলাপে বহু সময়ত খেলুৱৈসকলক বিভ্ৰান্ত কৰে। অসমৰ মাষ্টাৰ্ছ খেলুৱৈসকলৰ এই সাফল্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে সংগঠিত আৰু স্বীকৃত ক্ৰীড়া ব্যৱস্থাই সুস্থ জীৱনধাৰা, শৃংখলা আৰু সক্ৰিয় প্রাক-যৌবন আৰু বৃদ্ধাৱস্থাক উৎসাহিত কৰে। একে সময়তে, এই কৃতিত্বসমূহে ৰাজ্যখনৰ শিশু আৰু যুৱ প্ৰজন্মকো ক্ৰীড়াক জীৱনৰ স্থায়ী অংশ হিচাপে গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়।

মহিলা শাখাৰ স্বৰ্ণ পদকপ্ৰাপ্ত খেলুৱৈসকলৰ ভিতৰত আছিল খনিবালা বসুমাতাৰী (ম ৩৫+) –জেভেলিন থ্ৰ’; অনিমা সোনোৱাল (ম ৫০+), যিয়ে ১০০ মিটাৰ, পোল ভল্ট আৰু হাই জাম্পত তিনিটাকৈ স্বৰ্ণ পদক জয় কৰে; ৰঞ্জনা বৰা (ম ৬০+) – ৫০০০ মিটাৰ; অৰুণা নাথ (ম ৬০+) – ২০০০ মিটাৰ ষ্টিপলচেজ; অনু দেৱী মহন্ত (ম ৭০+) – জেভেলিন থ্ৰ’; মনিকা নেওগ (ম ৭০+) – ২০০০ মিটাৰ ষ্টিপলচেজ; ৰুণু নাথ (ম ৭৫+) – ২০০ মিটাৰ বাধা দৌৰ; নিৰুমাই দেউৰী (ম ৭৫+) – ১৫০০ মিটাৰ আৰু ২০০০ মিটাৰ ষ্টিপলচেজ; শকুন্তলা পেগু (ম ৮০+) – হেমাৰ থ্ৰ’; আৰু চম্পা গগৈ (ম ৮৫+), যিয়ে জেভেলিন থ্ৰ’, ডিস্কাছ থ্ৰ’ আৰু হেমাৰ থ্ৰ’ত তিনিটাকৈ স্বৰ্ণ পদক জয় কৰি উচ্চ বয়স গোটত এক অনন্য কৃতিত্ব স্থাপন কৰে।

পুৰুষ শাখাৰ স্বৰ্ণ পদকপ্ৰাপ্ত খেলুৱৈসকলৰ ভিতৰত আছিল জিয়াউৰ ৰহমান (পু ৪৫+) – ১০,০০০ মিটাৰ দৌৰ; গণেশ গগৈ (পু ৫৫+), যিয়ে ৪০০ মিটাৰ বাধা দৌৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰে; আৰু ফণিধৰ শইকীয়া (পু ৬৫+) – ৫ কিলোমিটাৰ খোজ কঢ়া।

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী

You might also like