লখিমপুৰৰ আদালতত হাজিৰ অখিল গগৈ
লখিমপুৰৰ আদালতত ৰুজু হোৱা এক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি আদালতত হাজিৰ হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে একাংশ সংগঠনৰ নেতৃত্ব লৈ আন্দোলন কৰাৰ সময়ত ২০১৩ চনত তেওঁৰ বিৰুদ্ধে লখিমপুৰৰ আদালতত দেশদ্রোহিতাৰ এক গোচৰ ৰুজু হয়।
উল্লেখ্য সেই সময়ত অখিল গগৈয়ে সন্মুখৰ পৰা আন্দোলন টোৰ নেতৃত্ব দিছিল।ফলত নদীবান্ধৰ নিৰ্মাণ বন্ধ হৈ পৰিছিল।কিন্তু পাছত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ লগে লগে পুনৰ নদীবান্ধৰ নিৰ্মাণ আৰম্ভ হয়। তেতিয়াই লখিমপুৰত অখিল গগৈকে ধৰি আন্দোলনৰ একাংশ নেতৃত্বৰ ওপৰত গোচৰ ৰুজু হয়। দেহদ্ৰোহীতাৰ গোচৰো ৰুজু হয়।
অখিল গগৈৰ ওপৰত ৰুজু হোৱা গোচৰ সমুহৰ এটা আছিল দেশদ্রোহীতাৰ গোচৰ। পিছে গোচৰ ৰুজু হলেও তেনে গোচৰ চলাবলৈ চৰকাৰে অনুমতি দিব লাগে। কিন্তু তেতিয়াৰ কংগ্রেছৰ চৰকাৰে সেই অনুমতি দিয়া নাছিল। পৰৱৰ্তী সময়ৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ খনেও সেই অনুমতি দিয়া নাছিল। কিন্তু শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে সেই গোচৰ সমুহ চলাবলৈ অনুমতি দিয়ে।
যাৰ বাবে আজি সেই দেশদ্রোহীতাৰ গোচৰত লখিমপুৰৰ আদালতত হাজিৰ হয় অখিল গগৈ।আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত তেওঁ ব্যংগ কৰি কয় মূখ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা মোৰ ভাল বন্ধু আৰু খুউব ভাল পাই বাবে এনে গোচৰ চলাবলৈ অনুমতি দিছে ।
উল্লেখ্য ২০১৩ চনত নদীবান্ধৰ আন্দোলন কৰাৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে লখিমপুৰৰ আদালতত ৮১৪/১৩ নম্বৰত আৰু দণ্ড বিধিৰ ১০১/১১৫/১১৭/১২০(বি) /১২১(এ) ধাৰাত এটা গোচৰ ৰুজু হয়। সেই গোচৰটোৰ ১২১(এ) আৰু ১২০(বি) ধাৰা হল দেশদ্রোহীতাৰ। আন গোচৰ কেইটা চলি শেষ হলেও আগৰ দুখন চৰকাৰৰ দিনত এই দেশদ্রোহীতাৰ গোচৰ চলাবলৈ চৰকাৰে অনুমতি দিয়া নাছিল।
বৰ্তমানৰ চৰকাৰ খন অহাৰ পাছত এই গোচৰ চলাবলৈ অনুমতি দিয়ে। অখিল গগৈয়ে কয় অসমৰ বিভিন্ন থানাত মোৰ বিৰুদ্ধে এনেকুৱা বহু গোচৰ আছে৷ ইয়াৰ আগত কিন্তু এনে গোচৰ সমুহ চলাবলৈ চৰকাৰে অনুমতি দিয়া নাছিল। মই সদায় হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আহিছো। বিজেপিকো সমালোচনা কৰি আহিছো। সেয়ে মোক ৰাষ্ট্ৰ দ্ৰোহী সজোৱাৰ চেষ্টা কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই মোক ধাৰে গাদীয়ে সকলো ধৰণে মাৰিব খোজে।
মোক বিধান সভাত কিমান অপমান কৰে আপনালোকে দেখিছে। মোক কথা কবলৈ নিদিয়ে। বাহিৰতো মোৰ বদনাম উলিয়ায়। এনআইএ ৰ যিটো গোচৰ মোৰ ওপৰত আছিল সেইটো বিশেষ গোচৰ নহয় বুলি এনআইএ নাইকীয়া কৰিছিল। কিন্তু চৰকাৰে পুনৰ সেই গোচৰটো চলাবলৈ দিলে। মোক ৰাষ্ট্ৰ দ্ৰোহী সজাবলৈ তেওলোকে চেষ্টা কৰিছে। কিন্তু আমি যুজি যাম।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত অখিল গগৈয়ে কয় দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ নিৰ্মাণ আৰম্ভ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইতিমধ্যে পাচ শ ইউনিট উৎপাদন আৰম্ভ হৈছে। কিন্তু আমি ৰাইজক জনাব বিচাৰো যে যদি আগন্তক নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ ৰাজ্যৰ ক্ষমতালৈ আহে তেন্তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আমি বন্ধ কৰি দিম। এইদৰে স্পষ্ট ঘোষণা কৰে অখিল গগৈয়ে।
বিশেষ বাৰ্তা, লখিমপুৰ, ১১ ফেব্ৰুৱাৰী