নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ ভাৰতী ৰয়লৈ ৰাষ্ট্ৰীয় সন্মান ‘ভাৰত গৌৰৱ’ সন্মান

মৰিয়নি নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা-মহিলা সমাজসেৱিকা ভাৰতী ৰয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। সামাজিক কামকাজৰ লগতে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী ৰয়লৈ ‘ভাৰত গৌৰৱ’ সন্মান প্ৰদান কৰা হৈছে।

নতুন দিল্লীৰ খেলো ভাৰত বুক অৱ ৰেকৰ্ডছে ভাৰতী ৰয়লৈ এই সন্মান আগবঢ়াইছে। এই সন্দৰ্ভত ভাৰত বুক অৱ ৰেকৰ্ডছৰ বঁ‌টা সমিতিয়ে জানিবলৈ দিয়া মতে, ভাৰতী ৰয় দীৰ্ঘদিন ধৰি সমাজসেৱা আৰু জনকল্যাণৰ ক্ষেত্ৰত সক্ৰিয় হৈ আহিছে। তেওঁৰ কামে স্থানীয় পৰ্যায়ত বহু ইতিবাচক পৰিৱৰ্তন আনিছে।

বঁটা সমিতিখনে ভাৰতী ৰয়ৰ নাৰী সবলীকৰণ, সামাজিক উত্থান আৰু সাংস্কৃতিক অৱদানৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁলোকে লগতে কয় যে এই বঁটাৰ জৰিয়তে নিজ নিজ ক্ষেত্ৰত ব্যতিক্ৰমী নেতৃত্ব আৰু সেৱা প্ৰদৰ্শন কৰা ব্যক্তিসকলক স্বীকৃতি দিয়া হয়।

ভাৰতী ৰয়ে কেৱল মৰিয়নিকে নহয়, সমগ্ৰ অসমকে ৰাষ্ট্ৰীয় মানচিত্ৰত প্ৰাধান্যলৈ আনিছে বুলিও লগতে উল্লেখ কৰে। অহা মাহত দিল্লীত অনুষ্ঠিত হ’বলগীয়া এক ৰাষ্ট্ৰীয় অনুষ্ঠানত ভাৰতী ৰয়ক এই সন্মান প্ৰদান কৰা হ’ব বুলি খেলো ভাৰত বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা জানিবলৈ দিছে। ভাৰতী ৰয় মৰিয়নিৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু ৰয়ৰ পত্নী। ভাৰতী ৰয়ৰ এই স্বীকৃতিক সচেতন মৰিয়নিবাসীয়ে শলাগ লৈছে।

বিশেষ বাৰ্তা, মৰিয়নি, ১১ ফেব্ৰুৱাৰী

You might also like