স্পেইনলৈ আমন্ত্ৰিত তেজপুৰৰ গৱেষক মেধাৱী ছাত্ৰ অভীপ্সিত কলিতা
স্পেইনৰ বাৰ্চিলোনা চহৰত চলিত বৰ্ষৰ ৬-১০ জুলাইত ইউৰোপীয় স্নায়ৱিক বিজ্ঞান মহাসংঘৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া স্নায়ৱিক বিজ্ঞান (Neuroscience) বিশ্বৰ শীৰ্ষতম স্নায়ৱিক মহাসন্মিলনলৈ আমন্ত্ৰিত হৈছে তেজপুৰৰ সন্তান তথা স্নায়ৱিক বিজ্ঞানৰ গৱেষক অভীপ্সিত কলিতা।
তেজপুৰ মুঢ়াতেতেলী (শইকীয়া চুবুৰি) নিবাসী ৰঙাপৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা আৰু লাকু কলিতাৰ একমাত্ৰ সন্তান অভীপ্সিত কলিতা বৰ্তমান বিৰলা প্ৰযুক্তি আৰু বিজ্ঞান প্ৰতিষ্ঠানৰ (BITS Pilani) হায়দৰাবাদ চৌহদৰ ভেষজ বিজ্ঞান বিভাগৰ এগৰাকী স্নায়ৱিক বিজ্ঞানৰ পূৰ্ণকালীন গৱেষক হিচাপে অধ্যয়নৰত।
উক্ত বিশ্বমহাসন্মিলনত বিশ্বৰ শীৰ্ষ স্নায়ৱিক বিজ্ঞানীসকলৰ লগতে স্নায়ৱিক বিজ্ঞানৰ গৱেষকসকলে যোগদান কৰিব। অভীপ্সিতে উক্ত বিশ্বসন্মিলনত Mast Cell–Microglia Axis Drives Cognitive Impairment and Peripheral Neuropathy in Experimental Chronic Kidney Disease বিষয়ত তেওঁৰ গৱেষণা উদ্ভাৱন প্ৰদৰ্শন কৰিব।
জানিব পৰা মতে উক্ত স্নায়বিক বিজ্ঞানৰ বিষয়ক বিশ্ব মহাসন্মিলনত পৃথিবীৰ ১২০খনৰ দেশৰ স্নায়ৱিক বিজ্ঞানী আৰু স্নায়ৱিক বিজ্ঞানৰ গৱেষকে অংশগ্ৰহণ কৰিব।
বাৰ্তা ব্যুৰ’, তেজপুৰ, ১১ ফেব্ৰুৱাৰী