সম্পাদকীয় : বনাঞ্চলত বেদখল উচ্ছেদ
বনাঞ্চলসমূহ পৃথিৱীৰ হাঁওফাঁওস্বৰূপ৷ বনাঞ্চলসমূহে বায়ুমণ্ডলৰ পৰা এঙাৰ গেছ শুহি লৈ অম্লজান গেছ এৰি দিয়ে আৰু আমি জীৱকুলে সেই অম্লজান গেছকে সেৱন কৰি জীৱন ধাৰণ কৰোঁ৷ পৃথিৱীত জীৱজগতখনৰ অস্তিত্বৰ মূল আধাৰেই হৈছে এই অম্লজান গেছ৷ গতিকে, বায়ুমণ্ডলত অম্লজান গেছৰ বিলুপ্তি মানেই পৃথিৱীত প্রাণশক্তিৰো বিনাশ৷ সেইবাবেই বনাঞ্চল ৰক্ষা কৰাৰ বাবে বিজ্ঞানীসকলৰ লগতে প্রতিগৰাকী সচেতন ব্যক্তিয়েই মত প্রকাশ কৰি আহিছে৷ আজি পৃথিৱীৰ পাৰিপার্শ্বিক ভাৰসাম্য বিনষ্ট হ’বলৈ ধৰাৰ মূলতে এই বনাঞ্চলৰ ক্রম বিলুপ্তি৷ তেনে পৰিপ্রেক্ষিততে আমাৰ বনাঞ্চলসমূহক সুৰক্ষা প্রদান কৰাটো কেৱল চৰকাৰৰেই নহয়, প্রতিগৰাকী শুভবুদ্ধিসম্পন্ন লোকৰে এটা গুৰু দায়িত্ব আৰু কর্তব্য৷ আন্তঃৰাষ্ট্রীয় পর্যায়তো ইতিমধ্যে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰি পৃথিৱীৰ জীৱকুলৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা বচাবলৈ বিভিন্ন প্রয়াস চলিছে৷ ৰাষ্ট্রসংঘৰ উপৰি বিভিন্ন ৰাষ্ট্রৰ মাজত শীর্ষ সন্মিলন অনুষ্ঠিত হৈছে৷ সেইমর্মে বিভিন্ন সিদ্ধান্তও লোৱা হৈছে৷ পিছে সেইমতে আগবঢ়াহে নাই ৰাষ্ট্রসমূহে৷ বিশেষকৈ ধনী ৰাষ্ট্রসমূহৰ আজল–মথালিয়ে এইক্ষেত্রত বিধি–পথালি দিছে৷ শেহতীয়াকৈ আমেৰিকাই ৰাষ্ট্রসংঘৰ বিভিন্ন সংস্থাক আদায় দিবলগীয়া ধন আদায় নিদিয়াকৈ সেই সংস্থাসমূহৰ পৰা নিজৰ সম্পর্ক ছিন্ন কৰিছে৷ সি যি কি নহওক, তাৰ মাজতো পৃথিৱীৰ বিভিন্ন প্রান্তত প্রকৃতি সুৰক্ষাৰ বাবে প্রয়াস ৰাজহুৱা বা গাইগুটীয়া স্তৰত চলি আছে৷ অসমতে ‘অৰণ্য মানৱ’ যাদৱ পায়েঙৰ নিজাববীয়া আশাশুধীয়া প্রচেষ্টাত ‘মোলাই কাঠনি’ গঢ়ি উঠিছে৷ পিছে তাতো পৰিছে অপশক্তিৰ কুদৃষ্টি৷ অলপতে ‘মোলাই কাঠনি’ৰ এটা অংশত কোনোবা দুষ্টচক্রই জুই লগাই দি বনানীখন আৰু তাৰ বন্যপ্রাণীৰ অনিষ্ট কৰিছে৷ এই দুষ্কার্যক আটায়ে একমুখে গৰিহণা দিছে৷ লগতে এইটো লক্ষণীয় যে চৰকাৰী বা ৰাজহুৱা পর্যায়ত বিভিন্ন উপলক্ষত যিমানবোৰ গছপুলি আনুষ্ঠানিকভাৱে ৰোপণ কৰা হৈছে, তাৰ সিংহভাগৰেই অপমৃত্যু ঘটিছে প্রতিবছৰে৷ গছপুলি ৰোপণেৰে নিজকে যহোৱাৰ পিছত তাৰ প্রতিপালনৰ প্রতি মন–কাণ নিদিয়াৰ ফলতে প্রতিবছৰে লাখ লাখ গছপুলি নিধন হৈছে৷ তাৰ মাজতে ‘ভূতৰ ওপৰত দানহ পৰা’ৰ দৰে বনাঞ্চলসমূহত পৰিছে বেদখলৰ হাঁতোৰা৷ বিভিন্ন কাৰণত সংৰক্ষিত বনাঞ্চলসমূহত মানুহৰ বেদখলৰ আগ্রাসী প্রৱণতাৰ ফলত অন্যান্য ঠাইৰ দৰে ৰাজ্যখনলৈও অশনি সংকেত নামি আহিছে৷ তাৰ বাবেই চৰকাৰে সেই স্থানসমূহত উচ্ছেদকার্য চলাবলগীয়া হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ৰাজ্যখনৰ বনভূমিৰ ২৬–২৭ লাখ বিঘা মাটিত বেদখল আছে বুলি চিনাক্ত কৰা হৈছে৷ সময়ে সময়ে ৰাজ্য চৰকাৰে এই বেদখল উচ্ছেদ কৰাৰ প্রয়াস চলাই আহিছে৷ ইয়াক লৈ ৰাজ্যখনত সৃষ্টি হৈছে বিতর্কৰ৷ কোনোৱে যদি সপক্ষে মাত মাতিছে, আন কোনোৱে আকৌ বিৰোধিতা কৰিছে৷ বিষয়টোৱে ন্যায়ালয়ৰ মজিয়া পালেগৈ৷ ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বেদখল উচ্ছেদ সন্দর্ভত উচ্চতম ন্যায়ালয়ে এটা ৰায় প্রদান কৰিছে৷ এই ৰায়ৰ পিছত উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্রত ৰাজ্যৰ বন বিভাগ আইনী বাধাৰ পৰা মুক্ত হ’ল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে অসমৰ বাবে এয়া এটা ঐতিহাসিক ৰায়৷ সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদ অভিযানক প্রত্যাহ্বান জনাই প্রায় ৭০জন লোকে দাখিল কৰা এলানি আবেদন নিষ্পত্তি কৰি উচ্চতম ন্যায়ালয়ে বনাঞ্চলত পৰৱৰ্তী উচ্ছেদ চলোৱাৰ পূর্বে বন আৰু ৰাজহ বিভাগক লৈ এখন সমিতি গঠন কৰাৰ পৰামর্শ দিছে৷
উচ্ছেদৰ জাননী লাভ কৰা লোকসকলে নিজৰ নিজৰ দাবীৰ সমর্থনত উপযুক্ত নথি-পত্রসহ এই সমিতিত আবেদন কৰিব লাগিব৷ সেইবোৰ পৰীক্ষা–নিৰীক্ষা কৰি চাই সমিতিখনে সংশ্লিষ্ট লোকসকল প্রকৃততে বেদখলকাৰী হয় নে নহয় সিদ্ধান্ত ল’ব৷ বেদখলকাৰী হিচাপে চিনাক্ত হোৱা লোকসকলে সংশ্লিষ্ট ভূমি খালী কৰি দিয়াৰ বাবে ১৫ দিনৰ সময় দি তেওঁলোকলৈ জাননী জাৰি কৰিব লাগিব৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক অসম চৰকাৰৰ বাবে ঐতিহাসিক জয় বুলি অভিহিত কৰে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, ইতিমধ্যে ৰাজ্য চৰকাৰে এক লাখ বিঘাৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে৷ এই বেদখলমুক্ত ভূমিত বন বিভাগে বনানীকৰণৰ কাম আৰম্ভ কৰিছে৷ উচ্ছেদৰ ফলস্বৰূপে ওৰাং আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাজৰ বাঘৰ পৰম্পৰাগত বিচৰণ ভূমি পুনৰুদ্ধাৰো কৰা হৈছে৷ এয়া নিশ্চয়কৈ প্রশংসনীয় কার্য৷ পিছে অসমত বেদখল চলোৱা এইখনেই প্রথমখন চৰকাৰ নহয়, ইয়াৰ পূর্বেও স্বৰাজোত্তৰৰ পিছৰ পৰাই প্রায় প্রতিখন চৰকাৰেই উচ্ছেদ কার্য চলাই আহিছে৷ কিন্তু সকলো যেন ‘গালো বালো খোলাকটিৰ তালহে’ হ’ল৷ বেদখল উচ্ছেদ কৰি বন বিভাগৰ লোকে পিছ দিবলৈয়েই নাপায়, বেদখলকাৰীয়ে ঘৰ সাজিলেই৷ ফলত, দিনকদিনে বনাঞ্চলত বেদখল বাঢ়ি আহিবলৈ ধৰিছে আৰু ক্রমান্বয়ে টুটি আহিবলৈ ধৰিছে বনাঞ্চল৷ সেউজীয়া আৱৰণ বৃদ্ধি কৰিবলৈ চৰকাৰে যিদৰে কোনো সংকীর্ণ স্বার্থৰ ঊর্ধ্বত কাম কৰিব লাগিব, ঠিক তেনেদৰে সাধাৰণ নাগৰিকেও এই কার্যত হাত উজান দিব লাগিব৷ পিছে উচ্ছেদ কৰাটোৱেই এইক্ষেত্রত একমাত্র বিকল্প হ’ব নোৱাৰে৷ কেৱল উচ্ছেদ অভিযান চলাই চমক সৃষ্টি কৰিব পাৰি, কিন্তু সমস্যাটোৰ স্থায়ী সমাধান কৰিব নোৱাৰি৷ বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণ উভয় ক্ষেত্রতে গুৰুত্ব দিব লাগিব চৰকাৰ আৰু সাধাৰণ নাগৰিক উভয়ে৷ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন আন এটা দিশ যদিও এইক্ষেত্রত উচ্ছেদিত ভূমিত যাতে সাধাৰণতে দেখিবলৈ পোৱাৰ দৰে পুনৰ বেদখল হ’ব নোৱাৰে, তাৰ বাবে চৰকাৰে দৃঢ় পদক্ষেপ ল’ব লাগিব৷ আচলতে এখন বনাঞ্চলৰ ব্যাপক এলেকাত এদিনতে বেদখলকাৰীয়ে খুঁটি পুতি নিগাজীকৈ বহিব নোৱাৰে৷ ই এটা দীঘলীয়া প্রক্রিয়া৷ গতিকে, এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো তেওঁলোকৰ চকুত ধূলি দি কিদৰে বেদখলকাৰীয়ে বনাঞ্চল ধ্বংস কৰিব পাৰে, সেয়াহে চিন্তনীয় কথা৷ এইক্ষেত্রত বিভাগীয় গাফিলতিকে নিশ্চয় দোষাৰোপ কৰিব লাগিব৷ বেদখলৰ আৰম্ভণিতেই পুলিয়ে–পোখাই উভালি পেলাব পাৰিলে ইমান ব্যাপক সমস্যাৰ সৃষ্টি এতিয়া নহ’লহেঁতেন৷ সেইবাবে চৰকাৰে বনভূমিত যাতে পুনৰ বেদখল হ’ব নোৱাৰে, তাৰ বাবে বিভাগক জবাবদিহি কৰাৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷ যিকোনো বেদখলৰ বাবে বিভাগীয় মুৰব্বীগৰাকীক বা আয়ুক্তক জগৰীয়া কৰাৰ ব্যৱস্থা কৰিব পাৰিলে নিশ্চয় বেদখলৰ এনে প্রৱণতা ৰোধ কৰিব পৰা যাব৷ তাৰ বাবে প্রয়োজন মূলতঃ চৰকাৰৰ সদিচ্ছা আৰু বিভাগীয় বিষয়া–কর্মচাৰী তথা সাধাৰণ নাগৰিকৰ সহযোগিতা৷