নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বাংলাদেশৰ নতুন জনাদেশ

দীর্ঘদিনীয়া অশান্তি–অস্থিৰতাৰ পিছত অৱশেষত বাংলাদেশত বহু প্রত্যাশিত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ল৷ চুবুৰীয়া দেশ এখনত বাহাল থকা স্থিতি আৰু পৰিস্থিতিয়ে স্বাভাৱিকতেই ভাৰতকো উদ্বিগ্ন কৰি ৰাখিছে৷ ২০২৪ বর্ষৰ জুলাই মাহত বাংলাদেশত সংঘটিত অভ্যুত্থানে হঠাতে ৰাজনৈতিক পট পৰিৱর্তন ঘটাটো কেৱল দেশখনৰ বাবেই নহয়, চুবুৰীয়া ৰাষ্ট্র হিচাপে ভাৰতৰ উপৰি সমগ্র বিশ্বৰ বাবেই লক্ষণীয় হৈ পৰাটোৱেই স্বাভাৱিক৷ তেনে পৰিপ্রেক্ষিতত দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চয়কৈ আশাব্যঞ্জক৷ চুবুৰীয়া ৰাষ্ট্র হিচাপে বাংলাদেশৰ সৈতে ভাৰতৰ দীঘলীয়া সু–সম্পর্কৰ পিছত হঠাতে সংঘটিত অভ্যুত্থানে এক তিক্ততাৰ পৰিৱেশ গঢ়ি তোলে দুয়োখন ৰাষ্ট্রৰ দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত৷ যিহেতু অভ্যুত্থানৰ মূলতেই আছিল এটা ভাৰতবিৰোধী শক্তিৰ হাত, সেয়েহে শ্বেখ হাছিনা চৰকাৰৰ আকস্মিক পতনৰ পিছত দেশখনত এখন অন্তর্ৱর্তীকালীন চৰকাৰ গঠন হ’ল যদিও ভাৰতবিৰোধী শক্তিটোৰ লম্ফ–জম্ফ চলিয়েই থাকিল৷ শান্তিৰ নোবেল বঁটাপ্রাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰখনৰো কাম–কাজ ভাৰতবিৰোধী উষ্মাৰে পৰিচালিত হোৱা দেখিবলৈ পোৱা গ’ল৷ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতে আগবঢ়োৱা সহায়, আনকি স্থানীয় মুক্তিযোদ্ধাসকলৰো ত্যাগক পোনছাটেই নস্যাৎ কৰা দেখা গ’ল অভ্যুত্থানৰ পৰৱর্তী বাংলাদেশত৷ যি পাকিস্তানে দীর্ঘদিন ধৰি বাংলাদেশক অৱদমিত কৰি ৰাখিছিল আৰু ভাৰতৰ সহযোগিতাত দেশখনে পাকিস্তানৰ কবলৰ পৰা মুক্তি লাভ কৰিছিল, সেইখন পাকিস্তানেই এই সময়ছোৱাত বাংলাদেশৰ বুকুৰ কুটুম হৈ পৰা দেখিবলৈ পোৱা গ’ল৷ পাকিস্তানপন্থী মৌলবাদীসকল দেশখনত অধিক সক্রিয় হৈ উঠিল৷ এই সুযোগতেই পাকিস্তানেও বাংলাদেশৰ প্রতি দৰদ দেখুৱাবলৈ আৰম্ভ কৰিলে৷ যি ভাষিক জাতীয়তাবাদৰ ভেটিত স্বাধীন বাংলাদেশ গঢ়ি উঠিছিল, সেই দেশখনত ভাষিক জাতীয়তাবাদৰ ঠাইত ধর্মীয় সংকীর্ণতাবাদে গা কৰি উঠাত দুয়োখন দেশৰ মাজৰ পূর্বৰ তিক্ততাৰ শাম কাটি বন্ধুত্বৰ বাট মুকলি হ’ল৷ ধর্মীয় সংকীর্ণতাৰ সুযোগ কেৱল পাকিস্তান ৰাষ্ট্রই বাণিজ্যিক আৰু কূটনৈতিক ক্ষেত্রত যে ল’লে তেনে নহয়৷ পাকিস্তানৰ মদতপুষ্ট বিভিন্ন সন্ত্রাসবাদী সংগঠনেও ভাৰতৰ বিৰুদ্ধে কূটাঘাত ৰচাৰ বাবে আন এখন দেশত পুলি–পোখা মেলাৰ সুযোগ আৰু সুবিধা লাভ কৰিলে৷ সেই বলতে বলীয়ান হৈয়ে হয়তো অন্তর্ৱর্তীকালীন চৰকাৰখনেও ভাৰতৰ উত্তৰ–পূর্বাঞ্চলক ‘চিকেন নেক’ত সংযোগ বিচ্ছিন্ন কৰি বৃহত্তৰ বাংলাদেশ গঠনৰ হুংকৰো প্রদান কৰিলে৷ দেশখনত ইমানদিনে তলে তলে গুজৰি–গুমৰি থকা মৌলবাদী ভাৰতবিৰোধী শক্তিটোৱে অন্তর্ৱর্তীকালীন চৰকাৰখনৰো পৃষ্ঠপোষকতা লাভ কৰাটো স্বাভাৱিকতেই ভাৰতৰ বাবে এক উদ্বিগ্ণতাৰ বিষয় হৈ পৰিছে৷

ধর্মীয় মৌলবাদৰ উত্থান আৰু ভাৰতবিৰোধিতাৰ প্রকাশ্য উদগীৰণৰ কুফল ভোগ কৰিবলগীয়া হ’ল দেশৰ সংখ্যালঘু নাগৰিকসকলে৷ শ্বেখ হাছিনা চৰকাৰৰ দুর্নীতি আৰু অনাচাৰৰ প্রতিবাদতেই জুলাইত অভ্যুত্থান সংঘটিত হোৱাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যদিও আচলতে তাৰ অন্তৰালত যেন মৌলবাদী শক্তিৰ উত্থানেহে সক্রিয় হৈ আছিল, সেয়া তাৎক্ষণিকভাৱে পোহৰলৈ আহিছিল৷ শ্বেখ হাছিনাই পৰিস্থিতি বিষম দেখি তাৎক্ষণিকভাৱে ঢাকাৰ পৰা আঁতৰি আহি ভাৰতৰ শৰণ লোৱাত ভাৰতে তেওঁক সসন্মানে ৰাজনৈতিক আশ্রয় প্রদান কৰাটোকে অজুহাত হিচাপে লৈ মৌলবাদী শক্তিসমূহে ভাৰতৰ বিৰুদ্ধে প্রকাশ্যে ওলাই আহিবলৈ ল’লে৷ দেশখনত এজনৰ পিছত এজনকৈ হিন্দু লোকক হত্যা কৰা হ’ল৷ বিশেষকৈ নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰাই দেশখনত হত্যা–হিংসাৰ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ বিভিন্ন দলে কঁকালত টঙালি বান্ধি সাজু হ’ল নির্বাচনলৈ৷ তাৰ মাজতে শ্বেখ হাছিনাৰ আৱামী লীগক নির্বাচনত অংশগ্রহণ কৰাৰ পৰা বাৰণ কৰা হ’ল৷ বাংলাদেশ নেচনেলিষ্ট পার্টীৰ নেত্রী তথা প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ মৃত্যু হ’ল৷ ১৭ বছৰৰ স্বনির্বাসন সামৰি দেশত উপস্থিত হ’লহি খালেদা জিয়াৰ পুত্র তাৰিক ৰহমান৷ তেওঁৰ নেতৃত্বতে বিএনপি দলটোৱে নির্বাচনত অৱতীর্ণ হ’ল৷ সমানে সমানে ছাত্র শক্তি আৰু মৌলবাদী শক্তিসমূহেও নির্বাচনত ভাগ ল’লে৷ হত্যা, হিংসা, বিস্ফোৰণৰ মাজেৰেই নির্বাচনৰ দিনটো পালেহি৷ দেশখনৰ ভোটাৰসকলে হয়তো মুকলিমূৰীয়াকৈ ওলাই আহিবলৈ শংকা কৰিলে৷ সেইবাবেই ভোটদানৰ হাৰ সেৰেঙা হ’ল৷ বিএনপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে৷ এয়া নিশ্চয়কৈ দেশখনৰ লগতে ভাৰতৰ বাবেও তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ বিএনপি দলটোৱে ইতিপূর্বে নিজৰ নির্বাচনী ইস্তাহাৰত ভাৰতৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক অটুট ৰখাৰ পোষকতা কৰা দেখা গৈছে৷ সেইফালৰ পৰা চুবুৰীয়া ৰাষ্ট্রখনত এটা ইতিবাচক পৰিৱর্তন ঘটাৰ আশা কৰিব পাৰে ভাৰতে৷ পিছে সেয়া ষোল্ল অনাই ভৰসা কৰিব পৰা বুলিও একে আষাৰে কৈ দিব পৰা নাযায়৷ এই নির্বাচনী ফলাফল মর্মে গঠন হ’বলগীয়া নতুন চৰকাৰখনে মৌলবাদী আৰু ভাৰতবিৰোধী শক্তিসমূহৰ হাতোৰাৰ পৰা কিমান দূৰ ওলাই আহিব পাৰিব, সেয়া সময়তহে ওলাব৷ কিন্তু এইটো খাটাং যে দেশখনৰ গভীৰলৈ শিপোৱা এই শক্তিটোক উলাই কৰাটো নতুন চৰকাৰখনৰ বাবে এক বিৰাট প্রত্যাহ্বান হ’ব৷

You might also like