🔹 প্রদেশ কংগ্রেছ সভাপতিৰ শত্রুৰাষ্ট্র ভ্রমণত ক্ষোভ শ্বহীদ পৰিয়ালৰ
ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান যাত্রাক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে এই ঘটনাই শ্বহীদ পৰিয়ালসমূহৰ মাজত সৃষ্টি কৰিছে গভীৰ অসন্তুষ্টি৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ পাকিস্তান ভ্রমণক লৈ ইতিপূর্বে শ্বহীদ জিণ্টু গগৈৰ পৰিয়ালে বিষয়টোক লৈ দুখ প্রকাশ কৰাৰ পিছত এইবাৰ কার্গিল যুদ্ধৰ শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালেও গৌৰৱ গগৈৰ কাণ্ডক লৈ দুখ প্রকাশ কৰিলে৷
উল্লেখ্য যে ১৯৯৯ চনৰ ২৪ জুনত কার্গিল যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে প্রাণ আহুতি দিছিল বাক্সা জিলাৰ আঞ্চলিক গাঁৱৰ ৰাম দাসৰ পুত্র উদ্ধৱ দাসে৷ পাকিস্তানী উগ্রপন্থীৰ গুলীত শ্বহীদ হোৱা উদ্ধৱ দাসক আজিও বাক্সা আঞ্চলিক তথা বজালী অঞ্চলৰ ৰাইজে গভীৰ শ্রদ্ধাৰে সোঁৱৰে৷ এইগৰাকী শ্বহীদৰ পৰিয়ালে চিৰবৈৰী পাকিস্তানলৈ গৌৰৱ গগৈয়ে ভ্রমণ কৰা কথাটোত গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে। উদ্ধৱ দাসৰ খুৰা কুলেন দাস আৰু ভনীয়েক জয়ন্তী দাসে এই সন্দর্ভত কয়– গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো আমি শ্বহীদ পৰিয়াল হিচাপে দুখ পাইছোঁ৷ পাকিস্তান আমাৰ চিৰবৈৰী ৰাষ্ট্র, সেই ৰাষ্ট্রলৈ এজন নির্বাচিত সাংসদ কিয় গ’ল সেই কথা ৰাজহুৱা হ’ব লাগে৷ কার্গিল যুদ্ধ আমি সগৌৰৱেৰে জয়ী হৈছোঁ৷ কিন্তু আমি কিমানক হেৰুৱালোঁ৷ কোনোবাই পুত্র, কোনাবাই স্বামী আৰু মই নিজৰ ভাতৃক হেৰুৱাইছোঁ৷ সেয়েহে গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল, কি কাৰণত গৈছিল সেয়া ৰাজহুৱা হ’ব লাগে৷ অসম তথা দেশবাসীক তেওঁৰ পাকিস্তান যাত্রাৰ বিস্তৃত তথ্য সদৰী কৰিব লাগে৷
উল্লেখ্য যে ইতিপূর্বে জিণ্টু গগৈৰ পৰিয়ালে গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ দুখ প্রকাশ কৰাৰ পাছত এইবাৰ উদ্ধৱ দাসৰ পৰিয়ালে মুকলিভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰা ঘটনাই স্বাভৱিকতে বিষয়টো অধিক স্পর্শকাতৰ কৰি তুলিছে৷