১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব তাৰিক ৰহমানে
ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : সদ্যসমাপ্ত বাংলাদেশৰ নিৰ্বাচনত জয়লাভ কৰা বিএনপিৰ নেতা তাৰিক ৰহমানে ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই উপলক্ষে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ১৩খন দেশৰ চৰকাৰৰ মুৰব্বীক নিমন্ত্ৰণ জনাইছে। এই পদক্ষেপক নতুন বাংলাদেশ চৰকাৰৰ বৈদেশিক নীতি আৰু আঞ্চলিক ভাৰসাম্যৰ দিশত এক সংকেত হিচাপে দেখা গৈছে।
শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা দেশসমূহ হৈছে ভাৰত, চীন, ছৌদি আৰব, পাকিস্তান, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ আৰু ভূটান। দক্ষিণ এছিয়াৰ পৰা পশ্চিম এছিয়াৰ দেশবোৰক একেলগে নিমন্ত্ৰণ জনোৱাটো অনুষ্ঠানটোক কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।
ঢাকাত অনুষ্ঠিত হ’বলগীয়া নতুন মন্ত্ৰীসভাৰ এই শপতগ্ৰহণক কেৱল আনুষ্ঠানিক অনুষ্ঠান বুলি গণ্য কৰা হোৱা নাই, বৰঞ্চ এয়া নতুন চৰকাৰৰ এক আন্তৰ্জাতিক বাৰ্তা বুলিহে চৰ্চা চলিছে। বিশেষকৈ ভাৰত আৰু চীন দুয়োখন দেশকে নিমন্ত্ৰণ জনোৱাটো আঞ্চলিক ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস হিচাপে দেখা গৈছে।
উল্লেখ্য যে বাংলাদেশৰ নতুন মন্ত্ৰীসভাৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণৰ সম্ভাৱনা কম। কাৰণ ১৭ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা।