নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অনলাইন শিক্ষাৰ ভৱিষ্যৎ

ক’ভিড–১৯ মহামাৰীৰ সময়তে অনলাইন শিক্ষাৰ সৈতে সকলো শিক্ষার্থী পৰিচিত হ’ল৷ ইয়াৰ পূর্বে অনলাইন শিক্ষা কমসংখ্যক ছাত্র–ছাত্রীৰ মাজত সীমাবদ্ধ আছিল৷ সম্প্রতি দেশৰ সর্বত্র ইয়াৰ প্রচলন প্রায় বাধ্যতামূলক হৈছে৷ শিক্ষাৰ ক্ষেত্রত অনলাইন শিক্ষাই যুগান্তকাৰী পৰিৱর্তন আনিছে৷ দ্রুত প্রযুক্তিগত পৰিৱর্তনৰ কাৰক আছিল ভয়াৱহ মহামাৰী৷ তদুপৰি ইণ্টাৰনেটৰ ব্যৱহাৰ সণ্ঢালনি হোৱাৰ ফলত আটায়ে ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ ধৰিলে৷ বিশ্বৰ সর্বাধিক যুৱ জনসংখ্যাৰ দেশ ভাৰতত ডিজিটেল শিক্ষাই তৰুণ–তৰুণীক জ্ঞান আহৰণ কৰি চাকৰিৰ বজাৰখনত নিজকে প্রস্তুত হোৱাত সহায় কৰিব পাৰে৷ বর্ধিত ডিজিটেল শিক্ষা প্রসাৰৰ ফলত সম্প্রতি ইয়াৰ মূল্যায়ন অতি জৰুৰী হৈ পৰিছে৷ ইয়াৰ ভৱিষ্যতক লৈও বেছ চর্চাৰ থল আছে৷ পৰিৱর্তিত আর্থিক অৱস্থাৰ পৰিপ্রেক্ষিতত ডিজিটেল শিক্ষাৰ আৱশ্যকতাৰ বিষয়ে বিস্তৃত আলোচনা হোৱা বাঞ্ছনীয়৷ ইণ্টাৰনেট তথা প্রযুক্তিৰ দ্রুত উন্নয়নৰ লগে লগে অনলাইন বা ডিজিটেল শিক্ষা অধিক সহজলভ্য আৰু জনপ্রিয় হৈ উঠিছে৷ ইয়াৰ সুবিধাসমূহৰ ভিতৰত অন্যতম হ’ল সহজলভ্যতা৷ বিশ্বৰ যিকোনো ঠাইৰ পৰা যিকোনো সময়ত অনলাইন শিক্ষাৰ সুবিধা গ্রহণ কৰিব পৰা যায়৷ ই কম ব্যয়সাপেক্ষ, কাৰণ ছাত্র–ছাত্রীসকলে ভ্রমণ ব্যয় বা থকা–খোৱা খৰচৰ পৰা মুক্ত হ’ব পাৰে৷

তদুপৰি প্রত্যেক শিক্ষার্থীক নিজৰ ধৰণেৰে, মেধাৰ সৈতে খাপ খোৱাকৈ অনলাইন শিক্ষা গ্রহণ কৰিব পৰা যায়৷ সৃষ্টিশীলতাৰ বিকাশ ঘটাই শিক্ষার্থীক নিজৰ প্রকল্প অথবা কাম–কাজ কৰিবলৈ অনুপ্রাণিত কৰিব পাৰি৷ চৰকাৰী মঞ্চ আৰু প্রযুক্তিৰ সাহায্যত অনলাইন আৰু অফলাইন শিক্ষাৰ সমন্বয় ঘটাই সংকৰ শিক্ষা পদ্ধতিও বর্তমান প্রচলিত হৈছে৷ বিভিন্ন শিক্ষানুষ্ঠানে অনলাইন বক্তৃতা, আভাসী অনুশীলন আৰু ডিজিটেল পৰীক্ষাৰ সুবিধা গ্রহণ কৰিছে৷ অনলাইন শিক্ষা গাঁৱৰ ছাত্র–ছাত্রী, চাকৰিয়াল আৰু ঘৰতে থকাসকলৰ বাবে বৰ সুবিধাজনক৷ শিক্ষার্থীয়ে নিজৰ মেধা অনুসৰি খৰতকীয়াকৈ নাইবা মন্থৰ গতিত শিক্ষা গ্রহণ কৰিব পাৰে৷ বেজ, লীডাৰ ব’ৰ্ড, পইণ্ট, কুইজ আদি ব্যৱহাৰ কৰি শিক্ষার্থীসকলৰ আগ্রহ আৰু কৌতূহল বঢ়াব পৰা যায়৷ ছিমুলেচন আৰু ত্রিমাত্রিক আর্হিৰ জৰিয়তে ছাত্র–ছাত্রীয়ে ন ন তথ্য পূর্বতকৈ অধিক ভালকৈ আয়ত্ত কৰিবলৈ সক্ষম হয়৷ ভার্চুৱেল লেব’ৰেটৰীৰ জৰিয়তে শিক্ষার্থীসকলে পৰীক্ষা–নিৰীক্ষা চলাবলৈ আৰু উন্নত সঁজুলি ব্যৱহাৰ কৰিব পাৰে৷ বর্তমান এ আৰ আৰু ভি আৰৰ সহায়ত চিকিৎসা ক্ষেত্রতো দক্ষতা অর্জন কৰিব পৰা যায়৷

অনলাইন শিক্ষাৰ প্রসাৰ হোৱাৰ লগে লগে কাগজৰ ব্যৱহাৰ আৰু ভ্রমণৰ পৰা উদ্ভৱ হোৱা কার্বন নির্গমন হ্রাস হোৱাৰ সহায় কৰে৷ মুখস্থ বিদ্যাৰ বিপৰীতে ব্যৱহাৰিক শিক্ষা প্রদানেৰে শিশুক প্রকৃত দিশলৈ আগবঢ়াই নিয়া হৈছে৷ অনলাইন পর্টেলসমূহে কোডিং, ডেটা বিজ্ঞান ডিজাইন, উদ্যোক্তা আৰু ছফট স্কিলৰ বিষয়ে পাঠদান আগবঢ়াই শিক্ষার্থীক চাকৰিৰ বজাৰখনৰ বাবে উপযুক্তভাৱে গঢ়ি তোলে৷ অৱশ্যে অনলাইন শিক্ষাৰ সন্মুখত প্রত্যাহ্বানো আছে৷ প্রযুক্তিগত সমস্যাই অনলাইন শিক্ষাত বিঘিনি জন্মাব পাৰে৷ নেটৱর্কৰ সমস্যা, প্রকৃত সঁজুলিৰ অভাৱ আদি শিক্ষা গ্রহণত অন্তৰায় হৈ উঠা পৰিলক্ষিত হয়৷ ডিজিটেল শিক্ষাত শিক্ষকৰ ভূমিকা যথাযথ নহ’লে শিক্ষা গ্রহণত বাধা জন্মিব পাৰে৷ তৎসত্ত্বেও দেশত অনলাইন শিক্ষাৰ সন্তোষজনক অগ্রগতি তথা ক্রমবর্ধমান চাহিদাৰ লগে লগে ইয়াৰ ভৱিষ্যৎ উজ্জ্বল পৰিলক্ষিত হৈছে৷ এ আই আৰু বিগ ডেটা একেলগে আনি ডিজিটেল শিক্ষাৰ অনিৰুদ্ধ যাত্রাই নৱপ্রজন্মক আগুৱাই লৈ যাব৷ ভাৰতীয় শিক্ষার্থীসকলে বিদেশী বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ বত্তৃণতা, পাঠ্যক্রম আৰু প্রমাণ–পত্র প্রদান অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰিছে ৰাষ্ট্রসমূহৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে৷ গতিকে শিক্ষার্থীসকলৰ মানসিক পৰিসৰ বৃদ্ধি পোৱাত ই বহু পৰিমাণে সহায় কৰে৷

ভাৰতত এড–টেক ষ্টার্টআপসমূহ পূর্বতকৈ অধিক সমৃদ্ধ হৈ উঠিছে৷ চৰকাৰৰ সক্রিয় প্রচেষ্টাই শিক্ষার্থীসকলে লাভ কৰা তথ্যসমূহৰ উচ্চমান, সমতা আৰু সুৰক্ষা নিশ্চিত কৰিব৷ গ্রামাঞ্চলৰ ৰাইজে ইয়াৰ লাভ গ্রহণ কৰিব পাৰিব৷ তেওঁলোকে যাতে কম মূল্যত ডিভাইচ কিনিব পাৰে সেয়া নিশ্চিত কৰিব পাৰিলে ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা পূর্বতকৈ বাঢ়িব৷ ডিজিটেল শিক্ষাৰ ভৱিষ্যৎ যথেষ্ট ইতিবাচক হ’ব পাৰে যদি ইয়াক সঠিক দিশত আগবঢ়াই নিয়া হয়৷ ব্যক্তিগতকৃত শিক্ষাৰে মেধা অনুসৰি এ আই আৰু মেচিন লার্নিং ব্যৱহাৰ কৰি শিক্ষার্থীসকলক তেওঁলোকৰ নিজস্ব গতিৰ ওপৰত ভিত্তি কৰি পাঠ্যক্রম প্রস্তুত কৰিব পৰা হ’ব৷ ভার্চুৱেল বা অগমেণ্টেড ৰিয়েলিটী (ভি আৰ–এ আৰ) বা গেমৰ মাধ্যমেৰে ডিজিটেল শ্রেণীকক্ষসমূহক অধিক আকর্ষণীয় কৰি তুলিব পৰা যাব৷ সুদীর্ঘ বক্তৃতাৰ পৰিৱর্তে সৰু সৰু ভিডিঅ’ বা মডিউলত যদি মাইক্র’লার্নিং আগবঢ়োৱা হয় তেন্তে দ্রুত জ্ঞান অর্জনৰ প্রৱণতা বঢ়িব৷ সম্প্রতি অনলাইন ডিগ্রী আৰু প্রশংসা–পত্রসমূহ গ্রহণযোগ্যতা বৃদ্ধি পাইছে আৰু ই শিক্ষার্থীসকলৰ বিশ্বমানৰ শিক্ষা নিশ্চিত কৰিছে৷ স্মার্টফোনৰ প্রসাৰৰ লগে লগে চলমান অৱস্থাতো শিক্ষাগ্রহণ কৰাৰ সুবিধা গ্রহণ কৰিব পাৰি৷ অনলাইন শিক্ষাৰ সম্ভাৱনাক প্রকৃত অর্থত উন্মোচন কৰাৰ লগতে ইয়াক শিক্ষাৰ প্রধান মাধ্যমৰূপে গঢ়ি তুলিবলৈ বিশ্বজুৰি শীর্ষস্থানীয় শিক্ষকসকলক আকর্ষণ কৰাটো সময়ৰ আহ্বান৷ অনলাইন শিক্ষাই বিশ্বজুৰি শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনিৰ সৈতে অধিক সংহত হোৱাৰ লগতে জ্ঞান অর্জনৰ প্রক্রিয়াটোক অধিক গণতান্ত্রিক কৰি তুলিব৷ তদুপৰি ইয়াৰ ফলত দ্রুত পৰিৱর্তনশীল বিশ্বত ব্যক্তিৰ বিকাশৰ বাবে সবলীকৰণ হ’ব৷ পৰিৱর্তনৰ বর্তমান গতিৰ দিশলৈ দৃষ্টি দিলে এই কথা স্পষ্ট হৈ পৰে যে প্রযুক্তিগত অগ্রগতিয়ে সমাগত বর্ষসমূহত শিক্ষাৰ প্রৱণতা নির্ধাৰণ কৰিব৷

You might also like