নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ব্যৱসায় আৰু সন্মান

আমাৰ সমাজত ‘সফলতা’ৰ সংজ্ঞা আজিও যথেষ্ট ক্ষীণ পৰিসৰৰ মাজতেই বন্দী হৈ আছে৷ কোনোবা এজন যুৱক বা যুৱতীয়ে চৰকাৰী চাকৰি এটা লাভ কৰিলে গাঁও–চহৰ, আত্মীয়–স্বজন সকলোৰে মুখত গৌৰৱৰ হাঁহি ফুটি উঠা দেখা যায়৷

কিন্তু একেখন সমাজতে যদি কোনোবাই নিজে মূলধন যোগাৰ কৰি, বিপদাশংকা লৈ ব্যৱসায় আৰম্ভ কৰে, তেনে সময়ত সেই আনন্দৰ লহৰ সাধাৰণতে দেখা নাযায়৷ কেতিয়াবা সন্দেহ, কেতিয়াবা অৱহেলা, কেতিয়াবা ‘চাওঁচোন আৰু কি হয়’ ধৰণৰ অপেক্ষা৷

এই মানসিকতাই বর্তমানৰ আর্থ–সামাজিক চিন্তাধাৰাৰ গভীৰতাত সোমাই থকা প্রশ্ন এটা উলিয়াই আনে– এই সমাজখনে ব্যৱসায়ীক সামাজিক স্বীকৃতি–সন্মান দিবলৈ শিকিছেনে? স্বৰাজোত্তৰ অসমত ইতিহাসত চৰকাৰী চাকৰিৰ স্থিৰতা আৰু নিৰাপত্তা আছিল এক ধৰণৰ সুৰক্ষা কৱচ৷

ঔপনিৱেশিক শাসনকালৰ প্রশাসনিক কাঠামো আৰু স্বাধীনতাৰ পিছৰ সমাজবাদী নীতি–দর্শনে চৰকাৰী চাকৰিক মর্যাদাৰ কেন্দ্রবিন্দু কৰি তুলিছিল৷ চৰকাৰী চাকৰি মানে নিশ্চিত আয়, সামাজিক স্বীকৃতি আৰু স্থিৰ জীৱন৷

ইয়াৰ ফলত বিপদাশংকা আৰু অনিশ্চয়তা থকা ব্যৱসায়ক সন্দেহজনক চকুৰে চোৱাৰ মানসিকতা গঢ় লৈ উঠিছিল৷ এই অভ্যাস লাহে লাহে অসমৰ মধ্যবিত্ত সমাজৰ জীৱনৰ এটা অংগ হৈ পৰিল৷

কিন্তু এই মানসিক কাঠামোটোত এটা মৌলিক বৈপৰীত্য আছে৷ সমাজখনে কর্মসংস্থাপন বিচাৰে, উদ্যোগ বিচাৰে, স্থানীয় উৎপাদন বিচাৰে, কিন্তু এইবোৰ সৃষ্টি কৰাসকলক পূর্ণ স্বীকৃতি দিবলৈ কুণ্ঠাবোধ কৰে৷ সামাজিক দৃষ্টিভংগীৰ পৰিৱর্তনেহে এই বৈপৰীত্য লাহে লাহে কমাই আনিব পাৰিব৷

অসমীয়া সাহিত্য, নাটক আদিত সাধাৰণতে ধনী ব্যৱসায়ী আদিক আদর্শ চৰিত্র হিচাপে উপস্থাপন কৰা দেখা পোৱা নাযায়৷ এই বাক্ধাৰায়ো ব্যৱসায়ৰ লগত জড়িত মানুহৰ সামাজিক ভাবমূর্তি সৃষ্টিত সহায় কৰি আহিছিল৷

সন্মানৰ অর্থ অন্ধ সমর্থন নহয়৷ আর্থিকভাৱে সফল ব্যৱসায়ীসকলৰ প্রতিও সমাজৰ একধৰণৰ বিশেষ দৃষ্টি থাকে৷ একে সময়তে সমাজে তেওঁলোকৰ পৰা সামাজিক দায়বদ্ধতাও আশা কৰে৷ কর্মচাৰীৰ অধিকাৰ সুৰক্ষিত কৰা, কৰ সঠিকভাৱে পৰিশোধ কৰা, পৰিৱেশৰ ক্ষতি নকৰা আদি দিশবোৰ পৰিচ্ছন্ন নাথাকিলে সন্মানৰ ভিত্তি দুর্বল হয়৷

উদ্যোগ এটি সততা আৰু দায়িত্বশীলতাৰে আগবাঢ়িলে তাক সন্দেহৰ চকুৰে চোৱা অনুচিত৷ আজি গুৱাহাটী আৰু অন্যান্য নগৰবোৰত নতুন প্রজন্মই খাদ্য প্রস্তুতকৰণ, ডিজিটেল সেৱা, কৃষিভিত্তিক মূল্য সংযোজন, হস্তশিল্পৰ অনলাইন বিপণন আদি ক্ষেত্রত আগবাঢ়িছে৷ তেওঁলোকে অকল নিজৰ বাবেই উপার্জন কৰা নাই, আনৰ বাবেও কর্মসংস্থাপন সৃষ্টি কৰিছে৷ এই যুৱ উদ্যোগীসকলৰ প্রতি সমাজে ইতিবাচক আৰু প্রেৰণামূলক আচৰণ কৰিলে অসমৰ উদ্যোগ সংস্কৃতি অধিক শক্তিশালী হ’ব৷

এখন সমাজত সন্মানৰ মান যদি কেৱল চাকৰিৰ ওপৰত নির্ভৰ কৰে, তেন্তে সেই সমাজ নিজৰ সম্ভাৱনাক ক্ষুদ্র আকাৰত বন্দী কৰি থয়৷ উদ্যোগপতি মানে সৃষ্টিকাৰক৷ তেওঁ নতুন পথ মুকলি কৰে, স্থানীয় সম্পদক মূল্য দিয়ে আৰু অর্থনৈতিক আত্মবিশ্বাস গঢ়ে৷ সেয়ে ব্যৱসায়ী–উদ্যোগীক সন্মান প্রদর্শন কৰাটোৱে অকল ব্যক্তিগত সাফল্য উদযাপন নুবুজায়, ই আর্থ–সামাজিক পৰিৱর্তনৰ শক্তিক স্বীকাৰ কৰাৰো ইংগিত বহন কৰে৷

অসমে যদি সঠিক অর্থত বহনশীল উন্নয়ন বিচাৰে, তেনেহ’লে উন্নয়নৰ চালিকা শক্তিক সামাজিক মর্যাদা দিবই লাগিব৷ চাকৰি বিচৰা যুৱক–যুৱতীৰ লগতে চাকৰি সৃষ্টি কৰা উদ্যোগপতিকো সমানে সামাজিক গৌৰৱ অনুভৱৰ সুবিধা দিব লাগিব৷

দিয়ক, কিন্তু এই মানসিক পৰিৱর্তন নিজে নিজে নাহে, ইয়াৰ বাবে সচেতন সামাজিক প্রচেষ্টা লাগিব৷ সংবাদ মাধ্যমে এইক্ষেত্রত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিব পাৰে৷ সংবাদপত্র, টেলিভিছন আৰু ডিজিটেল প্লেটফর্মসমূহে মুখৰোচক তথ্য আৰু বিতর্কৰ মাজতো ইতিবাচক উদ্যোগ, সততা আৰু সামাজিক দায়বদ্ধতাৰে আগবঢ়া উদ্যোগী–ব্যৱসায়ীসক সফলতাৰ কাহিনী নিয়মীয়াকৈ সমাজলৈ আগবঢ়াই দিব পাৰে৷

এই কামটো কিছু সংবাদপত্রই কৰি আছে, কিন্তু সেই কাম অধিক প্রভাৱশালী ৰূপত হোৱাটো বাঞ্ছনীয়৷ গাঁও বা সৰু চহৰৰ পৰা উঠি অহা যুৱ উদ্যোগীৰ কাহিনীয়ে আন দহজনক অনুপ্রাণিত কৰাৰ লগতে মানসিকতাৰ পৰিৱর্তনতো সহায় কৰিব৷

সমাজ, সংবাদ মাধ্যম আৰু চৰকাৰ– এই তিনিটা স্তম্ভই যদি একেলগে ব্যৱসায়ী–উদ্যোগপতি ইতিবাচক ক্ষেত্র এখনত স্থাপন কৰে, তেন্তে ই অসমৰ অর্থনৈতিক আত্মবিশ্বাসক নতুন উচ্চতালৈ লৈ যাব পাৰিব৷ এখন সমাজে সৃষ্টিকাৰী এজনক সন্মান কৰাৰ অর্থই হ’ল সেই সমাজে নিজৰ ভৱিষ্যতক সন্মান কৰা৷

You might also like