নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য সুৰক্ষা কাৰ্ড নথকা ২০০ পৰিয়াললৈ আৰ্থিক সাহায্য

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণত সমগ্ৰ বিশ্বৰ লগতে অসমো আতংকিত হৈ পৰিছে। দিনক দিনে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। লকডাউন চলি থকাৰ সময়ত যাতে ৰাজ্যখনৰ কোনো দৰিদ্ৰ পৰিয়ালে খাদ্যৰ নাটনিট ভুগিব তাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে প্ৰতিখন পঞ্চায়তৰ পৰিয়াল পৰিচয় পত্ৰ তথা খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা ব্যক্তিসকলৰ মাজত ১,০০০ টকাকৈ বিতৰণৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ ৩খন পঞ্চায়তে ৬০০গৰাকী হিতাধিকাৰীৰ মাজত ১০০০ টকাকৈ বিতৰণ কৰে। জানিব পৰা মতে চন্দ্ৰপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী মিতালী কলিতা আৰু সচিব সঞ্জীৱ দৈমাৰীয়ে ৱাৰ্ড মেম্বাৰৰ সহযোগত খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা ২০০টি পৰিয়ালৰ মাজত নগদ ১০০০ টকাকৈ বিতৰণ কৰে। ইয়াৰ উপৰিও পানীখাইতী গাঁও পঞ্চায়তৰ সচিব পাৰ্থপ্ৰতিম হাজৰিকাই দহটা ৱাৰ্ডৰ ২০০ পৰিয়ালৰ মাজত ১০০০ টকাকৈ বিতৰণ কৰে। আমছিং পঞ্চায়তৰ সভাপতি কল্পনা বৰা আৰু সচিব ইছাদ হুছেইনও ৱাৰ্ড মেম্বাৰক লগত লৈ পঞ্চায়ত খনৰ ২০০দৰিদ্ৰ পৰিয়ালৰ মাজত ১০০০টকাকৈ বিতৰণ কৰে।

You might also like