নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্লিনত ৰীমা দাসৰ ‘Not A Hero’লৈ ক্রিষ্টেল বীয়েৰ স্পেচিয়েল মেনচন সন্মান

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ভিলেজ ৰকষ্টার্ছ, বুলবুল কেন ছিং, তৰাছ হাজবেণ্ড আদি বহুচর্চিত আৰু জনপ্রিয় চলচ্চিত্রৰে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত সন্মান বুটলি আনিবলৈ সক্ষম হোৱা চলচ্চিত্র পৰিচালক তথা নির্মাতা ৰীমা দাসে পুনৰ আন এক আন্তঃৰাষ্ট্রীয় সন্মান বুটলি আনিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ৰীমা দাসৰ শেহতীয়া চিনেমা নট এ হিৰ’ই ক্রিষ্টেল বীয়েৰ স্পেচিয়েল মেনচন লাভ কৰি অসম আৰু অসমীয়াৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে৷

উল্লেখ্য যে বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত নট এ হিৰ’ বোলছবিখনৰ ৱ’র্ল্ড প্রিমিয়াৰ হৈছিল৷ মহোৎসৱত বোলছবিখনে জেনেৰেচন কে প্লাছ কম্পিটিচন শাখাত বাছনিভুক্ত হৈছিল৷ এই শাখাত শিশু আৰু যুৱচাম দর্শকৰ বাবে নির্মিত আৰু তেওঁলোকক গভীৰভাৱে আকর্ষিত কৰিব পৰা বোলছবি প্রদর্শন কৰা হয়৷

বার্লিন চলচ্চিত্র মহোৎসৱত নট এ হিৰ’ই স্পেচিয়েল মেনচন লাভ কৰা সন্দর্ভত পৰিচালক তথা ছবি নির্মাতা ৰীমা দাসে প্রতিক্রিয়া প্রকাশ কৰি কয় যে যুৱ দর্শকৰ সৈতে গভীৰ সম্পর্কৰ বাবেই এই চিনেমাখনে স্বীকৃতি লাভ কৰিছে৷ মহানগৰীৰ সা-সুবিধাৰ পৰা দূৰত পূর্বপুৰুষৰ পুৰণি গাঁৱত এজন কিশোৰৰ এটা ঘোঁৰাৰ সৈতে বন্ধুত্ব আৰু এদল স্থানীয় শিশুৰ সৈতে ল’ৰাজনৰ নানানটা ঘটনা–পৰিঘটনা আৰু অভিযানে জীৱনৰ সৌন্দর্য কিদৰে আৱিষ্কাৰ হৈছিল, তাক বোলছবিখনৰ জৰিয়তে ফুটাই তোলা হৈছে৷ শিশুসকলৰ কথা ভালদৰে শুনি আৰু তেওঁলোকৰ শক্তি, সাহস আৰু তেওঁলোকে কি হ’ব খোজে, সেয়া বাছনি কৰাৰ তেওঁলোকৰ অধিকাৰক গুৰুত্ব দি এই চিনেমাখন নির্মাণ কৰা হৈছে৷ বার্লিন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্পেচিয়েল মেনচন সন্মান লাভ মোৰ বাবে গভীৰ অর্থপূর্ণ৷

উল্লেখ্য যে আকাংগা ফিল্ম এছিয়া আৰু ট্রেইন ট্রিপাৰ ফিল্মছৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছে বোলছবিখন প্রযোজনা কৰিছে৷ প্রিমিয়াৰৰ পূর্বে পেৰিছৰ বিপণন কোম্পানী এমএমএম ছেলছে চিনেমাখনৰ বিশ্ব বিপণনৰ স্বত্ব ক্রয় কৰে৷

You might also like