অৰুণাচলক লৈ নতুন ব্লুপ্রিণ্ট চীন-পাকিস্তানৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ভাৰত ভূমিত আগ্রাসনৰ নিত্য–নতুন কূটকৌশল অব্যাহত ৰাখিছে আগ্রাসী ৰঙা চীনে৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশক নিজৰ মানচিত্রত অন্তর্ভুক্ত কৰাৰ মানসিকতা ড্রেগনৰ দেশে এতিয়াও ত্যাগ কৰা নাই৷ এইবাৰ এইক্ষেত্রত বেইজিঙে সংগী কৰি লৈছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক৷ নতুন পৰিকল্পনাৰ অংশ হিচাপে নেপালৰ ভূমিৰ পৰা অৰুণাচল প্রদেশলৈ দুয়োখন শত্রু ৰাষ্ট্রই এক নতুন ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ যাৰ তথ্য শেহতীয়াকৈ হাতত পৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমত এই সন্দর্ভত প্রকাশিত এক বাতৰি অনুসৰি, নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ আটাইতকৈ সুৰক্ষিত হিচাপে পৰিচিত বালুবাটাৰত যোৱা ১৬ ফেব্রুৱাৰীত পাকিস্তান আৰু চীনৰ বিষয়াবর্গৰ মাজত এখন গোপন বৈঠক অনুষ্ঠিত হয়৷ য’ত উপস্থিত আছিল দুয়োখন দেশৰ জ্যেষ্ঠ বিষয়াবর্গ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল এই বৈঠকখনত নেপালস্থিত পাকিস্তানী দূতাৱাসৰ প্রতিৰক্ষা বিষয়ক কূটনৈতিক বিষয়া কর্নেল হাফিজ ড’ৰ ৰহমানেও অংশগ্রহণ কৰে৷ এই বৈঠকতে ভাৰতক অস্থিৰ কৰি তোলাৰ বাবে অৰুণাচল প্রদেশৰ নামত ষড়যন্ত্রৰ এক নতুন ব্লু–প্লিণ্ট ৰচনা কৰা হয় বুলি চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ৷
বাতৰি অনুসৰি নিজৰ অভীপ্সা তথা ব্লু–প্রিণ্ট কার্যকৰী কৰাৰ নেপালৰ স্থানীয় সাংবাদিকৰ পৰা আৰম্ভ কৰি সমাজসেৱক আৰু দক্ষিণ নেপালৰ মধেছিয়া সম্প্রদায়ৰ সৈতে সম্পর্ক থকা লোকসকলক চিহ্ণিত কৰি ভাৰতবিৰোধী ষড়যন্ত্রত তেওঁলোকক চামিল কৰি লোৱাৰ পৰিকল্পনা যুগুত কৰা হয়৷
কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এই কথাৰ স্পষ্ট প্রমাণ পোৱা গৈছে যে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিবলৈ চীন আৰু পাকিস্তানে নেপালৰ ভূমি ব্যৱহাৰ কৰি আছে৷ সূত্রৰ পৰা প্রাপ্ত খবৰ অনুসৰি, এই বৈঠকত চীন আৰু পাকিস্তানৰ ৭জন উচ্চ পর্যায়ৰ বিষয়া উপস্থিত আছিল৷ প্রায় ১.৪৫ ঘণ্টাজুৰি চলা এই বৈঠকত চীনৰ ফালৰ পৰা ভাৰতক অস্থিৰ কৰি তোলাৰ বাবে অৰুণাচল প্রদেশৰ বিষয়টো উত্থাপন কৰা হয়৷ এই বৈঠক যোৱা ২০ ফেব্রুৱাৰীত উদযাপন কৰা অৰুণাচল প্রদেশৰ প্রতিষ্ঠা দিৱসৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে অনুষ্ঠিত কৰা হৈছিল৷ ইয়াৰ বাবে চীনে ২৩জন স্থানীয় লোকক বাছনি কৰিছিল৷ চীন আৰু নেপালৰ মাজত এক্সেঞ্জ প্র’গ্রেম চলোৱাৰ আঁৰত উত্তেজনা সৃষ্টিৰ ফন্দি ৰচনা কৰা হৈছিল৷ এই বিনিময় কার্যসূচী অনুসৰি নেপালৰ এনে কিছুমান লোকক বাছনি কৰা হৈছিল, যিসকলে যোৱা দুটা বছৰত চীনৰ বিভিন্ন ঠাই ভ্রমণ কৰি আহিছে৷
অৱশ্যে এই কথা সুকীয়া যে চীন আৰু পাকিস্তানৰ বৃহৎ ষড়যন্ত্র, যাৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় স্তৰত অৰুণাচল প্রদেশৰ টাৱাঙক নিজৰ অংশ হিচাপে দেখুওৱাৰ যি বাক্ধাৰা সৃষ্টি কৰিছিল, সেয়া সম্পূর্ণৰূপে ফ্লপ হৈ পৰে৷ ইয়াত এনে এটি পৰিকল্পনা যুগুত কৰা হৈছিল যে নেপালৰ সেই ২৩গৰাকী লোকৰ ভিতৰত কেইগৰাকীমানক ভাৰতলৈ প্রেৰণ কৰা হ’ব৷ এতিয়াও তেওঁলোকৰ ভিতৰৰে ১৪জন লোকক উত্তৰ–পূর্বাঞ্চললৈ পঠিয়াই সম্পূর্ণ তথ্য গোটোৱাৰ বাবে পৰিকল্পনা যুগুত কৰি থকা হৈছে৷
কেন্দ্রীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্যৰ আধাৰত এই কথা জানিব পৰা গৈছে যে এই সম্পূর্ণ পৰিকল্পনাৰ আঁৰত চীনৰ চেংগডুস্থিত পিপলছ লিবাৰেচন আর্মী পশ্চিম থিয়েটাৰ ক’মানৰ কেইগৰাকীমান বিষয়াৰ গভীৰ ষড়যন্ত্র আছিল৷ আচলতে ২০২৪ বর্ষৰ ডিচেম্বৰৰ পৰা চীনে নেপালৰ ললিতপুৰ আৰু কীর্তিপুৰত নিজৰ সাংস্কৃতিক কার্যসূচী আৰু ঐতিহ্যৰ সৈতে নিজ ভাষাৰ প্রচাৰৰ বাবে দুটা কেন্দ্র স্থাপন কৰে৷ ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে দুয়োখন দেশৰ এনে কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে৷
সূত্রৰ মতে, যোৱা কিছুদিনৰ পৰা চীন আৰু পাকিস্তানৰ বিষয়াসকলৰ মাজত কাঠমাণ্ডুত একেৰাহে কেইবাখনো বৈঠক অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ ভিতৰত কেইবাখনো বৈঠক এনেদৰে আয়োজন কৰা হৈছে, য’ত দূতাৱাসৰ কার্যসূচীৰ অজুহাতত পাকিস্তানৰ আইএছআইৰ সৈতে সম্পর্কিত বিষয়ায়ো নেপালত উপস্থিত হয়গৈ৷ যোৱা সোমবাৰে আয়োজিত এই বৈঠকত পাকিস্তানৰ প্রতিৰক্ষা বিষয়ক কূটনৈতিক বিষয়াসহ দূতাৱাসৰ তিনিগৰাকী মুখ্য বিষয়াও উপস্থিত থাকে৷