নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত কংগ্ৰেছৰ টিকট বিচাৰিলে ১৫গৰাকীয়ে

২০২৬ৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ আটাইতকৈ আকৰ্ষণীয় নিৰ্বাচনী যুঁজখন বিলাসীপাৰা বিধানসভা সমষ্টিত হোৱাৰ সম্ভাৱনা ক্ৰমশঃ প্ৰকট হৈ পৰিছে। উল্লেখ্য যে জিলাখনৰ বিলাসীপাৰাতেই কংগ্ৰছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সংখ্যা সৰ্বাধিক। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা মুঠ ১৫গৰাকীৰ ভিতৰত আছে ধুবুৰীৰ প্ৰাক্তন সাংসদ আব্দুল হামিদো।

আনহাতে, বিলাসীপাৰাত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী মুঠ ১০গৰাকীৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ চিইএম (CEM) জীৱেশ ৰায়ো আছে।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে বিলাসীপাৰা বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা হিন্দু ভোটাৰতকৈ মাথো ৫ হাজাৰৰ সামান্য অধিক। তাৰেই পৰিপ্ৰেক্ষিতত, এইবাৰৰ বিধানসভা নিৰ্বাচনত বিলাসীপাৰাত ভাল ফলাফল দেখুৱাব সক্ষম হ’ব বুলি আশাবাদী হৈ আছে বিজেপিৰ স্থানীয় কাৰ্যকৰ্তাসকল।

কিন্তু, বিলাসীপাৰা পূব সমষ্টিৰ তিনিবাৰৰ প্ৰাক্তন অগপ বিধায়ক তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰশান্ত কুমাৰ বৰুৱাই এইবেলি বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা দলীয় টিকট বিচৰাৰ সমান্তৰালকৈ প্ৰয়োজনবোধে নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিলাসীপাৰাত প্ৰতিদ্বন্দিতা কৰিব বুলি বিভিন্ন সভা-সমিতিত স্পষ্টৰূপে উল্লেখ কৰি থকা দেখা গৈছে। বৰুৱাৰ আকোৰগোজ এই স্থিতিয়ে আগলৈ গৈ সমষ্টিটোত বিজেপিৰ অংকত আউল লগোৱাৰ সম্ভাবনা নথকা নহয়।

অৱশ্যে, আগলৈ গৈ বৰুৱাই নিজৰ স্থিতিত অটল হৈ থাকে নে নেথাকে সেয়া স্পষ্ট হ’ব যদিও ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিলাসীপাৰা বিধানসভা সমষ্টি দখলৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হোৱাটো নিশ্চিত বুলিয়েই কিন্তু মত স্থানীয় ৰাজনৈতিক বিশ্লেষক সকলৰ। ইয়াতে উল্লেখনীয় যে, বিগত বিধানসভা নিৰ্বাচনত তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বিলাসীপাৰা পূৱ আৰু বিলাসীপাৰ পশ্চিম বিধানসভা সমষ্টি দুটা দখল কৰিছিল এআইইউডিএফে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ ফেব্ৰুৱাৰী

You might also like