নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰসিং জৰোৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ ৬গৰাকীৰ আবেদন

২০২৬ৰ বিধানসভা নিৰ্বাচনে নিৰ্ধাৰিত কৰিব পাৰে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ সংখ্যালঘু নেতা তথা বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নিজৰ পুৰণি দক্ষিণ শালবাগান বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে এইবেলি নিৰ্বাচন খেলিবলৈ সাজু হৈছে দক্ষিণ শালমাৰাৰ বিলুপ্তি ঘটি নতুনকৈ গঠন হোৱা ধুবুৰী জিলাৰ বীৰসিং জৰোৱা বিধানসভা সমষ্টিৰ পৰা।

উল্লেখ্য যে সমষ্টিটোত চৌধুৰীকে ধৰি কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা মুঠ ৬গৰাকীৰ ভিতৰত চৌধুৰীৰ পুত্ৰ শ্ববাব চৌধুৰীও আছে। স্বাভাবিকভাবেই সমষ্টিটোৰ পৰা ৱাজেদ আলী চৌধুৰীৰ উপৰি তেওঁৰ একমাত্ৰ পুত্ৰ শ্ববাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচৰাৰ বিষয়টো লৈ একাংশ মহলত জল্পনা-কল্পনাও আৰম্ভ হৈছে।

পিছে, নিজৰ উত্তৰাধিকাৰী ৰূপে পুত্ৰক প্ৰক্ষেপ কৰাৰ ৰাজনৈতিক কৌশল ৰূপেই সমষ্টিটোৰ পৰা চৌধুৰীয়ে পুত্ৰৰো দলীয় প্ৰাৰ্থীত্ব বিচৰা বুলিয়েই কিন্তু মত স্থানীয় ৰাজনৈতিক বিশ্লেষক সকলৰ। ইয়াতে উল্লেখনীয় এয়াও যে, সম্প্রতি অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ মুঠ ৪টা জিলা পৰিষদৰ সদস্যৰ মাথো এটাত কংগ্ৰেছে বিজয়ী হ’বলৈ সক্ষম হোৱাৰ বিপৰীতে দুটাত এআইইইডিএফ আৰু এটাত নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিজয়ী হৈছে প্ৰাক্তন কংগ্ৰেছী নেতা আলী আকবৰ মিঞাৰ পত্নী।

আনকি, বিগত পঞ্চায়ত নিৰ্বাচনত ৱাজেদ আলী চৌধুৰীৰ দুৰ্গ বুলি পৰিচিত চলাকুৰা জিলা পৰিষদখন দখল কৰিবলৈও ব্যৰ্থ হৈছে কংগ্ৰেছে। তাৰেই পৰিপ্ৰেক্ষিতত, ২০২৬ৰ বিধানসভা নিৰ্বাচনত বীৰসিং জৰোৱাত কংগ্ৰেছৰ বিজয় ইমান মসৃণ নহ’ব বুলি মত সমষ্টিটোৰে একাংশ ভোটাৰৰ। উল্লেখনীয় যে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লবলগীয়া এই বিধানসভা সমষ্টিটোত শাসকীয় মিত্ৰজোঁটৰ বিজেপি অথবা অসম গণ পৰিষদ দলৰ নাই বিশেষ একো সাংগঠনিক শক্তিও।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ ফেব্ৰুৱাৰী

You might also like