নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদুৱাৰত জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নিশা বাৰ বজাতো জনসমুদ্ৰ চাৰিদুৱাৰত

শোণিতপুৰৰ ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰি যোৱানিশা উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বালিপৰা চেন্টাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তিনি হাজাৰ যুৱকে উলিওৱা বিশাল মটৰ চাইকেল ৰেলীৰে চাৰিদুৱাৰ বনদুৱাৰৰ ৰংগমঞ্চ প্ৰাংগণলৈ আদৰি অনা হয় ।

নিশা বাৰ বজাতো মুখ্যমন্ত্ৰীগৰাকীক কাষত পাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰাত চাৰিদুৱাৰ অঞ্চল জনসমুদ্ৰত পৰিণত হয়। মুখ্যমন্ত্ৰীগৰাকীক নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চাৰিদুৱাৰৰ বুধবৰীয়া বজাৰ দলঙৰ সমীপৰ পৰা সাংস্কৃতিক দল সমন্বিতে এক পদযাত্ৰা কৰি মূল মঞ্চলৈ আদৰি নিয়ে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিশাৰ জনসমুদ্ৰ কেৱল নদুৱাৰ সমষ্টিতহে সম্ভৱ। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক পুনৰ এখন সুস্থ, সবল, প্ৰগতিশীল, সুৰক্ষিত অসম নিৰ্মাণৰ বাবে বিজেপিক আশীৰ্বাদ দিয়ক।

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্য প্ৰসাদ তাছা, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাৰ লগতে ভালেমান দলীয় কাৰ্যকৰ্তা, বিষয়ববীয়া, সহস্ৰাধিক লোক উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, বালিপৰা, ১ মাৰ্চ :

You might also like