নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক : আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কাৰ্বি আংলঙৰ আদা

অসমৰ GI-টেগযুক্ত কাৰ্বি আংলঙৰ আদা সোমবাৰে প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি হোৱাটোৱে ৰাজ্যখনৰ কৃষি খণ্ডত এক ঐতিহাসিক মাইলফলক স্থাপন কৰিছে।

২১.২ মেট্ৰিক টন প্ৰিমিয়াম সতেজ আদাৰ এই চালানখন গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনত মন্ত্ৰী অতুল বৰাই জ্যেষ্ঠ বিষয়াবৰ্গ, ৰপ্তানিকাৰক আৰু কৃষকসকলৰ উপস্থিতিত ফ্লেগ-অফ কৰে।

এই ঘটনাক ৰাজ্যখনৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি বৰাই কয় যে কাৰ্বি আংলঙৰ কৃষকৰ পৰা প্ৰত্যক্ষভাৱে সংগ্ৰহ কৰা উচ্চমানৰ আদা এতিয়া প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিলে। তেওঁ কয়, “এইটো প্ৰথমবাৰৰ বাবে আদা ৰপ্তানি কৰা হৈছে। এই আদা কাৰ্বি আংলঙৰ। ইয়াৰ গুণগত মান অতি উৎকৃষ্ট। আমি ইয়াক লণ্ডনলৈ ৰপ্তানি কৰি আছোঁ। এইটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।”

Xত কৰা এটা প’ষ্টত মন্ত্ৰীজনে এই চালানক অসমৰ কৃষক আৰু কৃষি গৌৰৱৰ বাবে “ঐতিহাসিক উল্লম্ফন” বুলি বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে ভৌগোলিক সূচক (GI) টেগযুক্ত উৎপাদন ৰপ্তানিয়ে অসমৰ উচ্চমানৰ কৃষিজ সামগ্ৰীৰ বৈশ্বিক স্বীকৃতি বৃদ্ধি পোৱাৰ প্ৰতিফলন দিছে।

বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় কৃষি বজাৰত উপস্থিতি বিস্তাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এই পদক্ষেপে কৃষকৰ আয় বৃদ্ধি, ভেলু এডিছন প্ৰসাৰ আৰু বৈশ্বিক বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ চৰকাৰৰ লক্ষ্যৰ সৈতে সঙ্গতিপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে।

এই ৰপ্তানিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল Agricultural and Processed Food Products Export Development Authority (APEDA)-এ, NextOn Foods Pvt. Ltd. আৰু ৰাজ্যিক কৃষি বিভাগৰ সহযোগত।

ফ্লেগ-অফ অনুষ্ঠানত কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজোৰিয়া, কৃষি সঞ্চালক ড° পি. উদয় প্ৰৱীন, APEDAৰ জি এম বিনীতা আৰু ৰপ্তানিকাৰক সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত আছিল।

বিষয়াসকলে জনায় যে এই মাইলফলকে অসমৰ GI-টেগযুক্ত সামগ্ৰীৰ বাবে বৈশ্বিক বজাৰত নতুন দুৱাৰ মুকলি কৰিব আৰু কাৰ্বি আংলঙৰ কৃষকসকলৰ বাবে উন্নত আয় নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক, ২ মাৰ্চ

You might also like