নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংকটঃ ড০ মনমোহন সিং, দেৱেগৌড়া, প্ৰণৱ মুখাৰ্জীৰে আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ভাৰতত ব্যাপকভাৱে সংক্ৰমিত ক’ৰোনা ভাইৰাছৰ বাবে চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, দেৱেগৌড়া, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । দেশৰ এই মহাসংকটৰ পৰা উদ্ধাৰ পাবলৈ কেনেদৰে যুঁজ আৰম্ভ কৰিছে, সেই বিষয়ে আলোচনা কৰে আৰু এই যুঁজত উক্ত নেতাসকলৰ সহায়-সহযোগিতা কামনা কৰে নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীজনে জ্যেষ্ঠ ৰাজনীতিক মুলায়েম সিং যাদৱ , এছ পিৰ প্ৰধান অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিন আৰু শিৰোমণি আকালী দলৰ প্ৰকাশ সিং বাদলৰ সৈতেও আলোচনাত মিলিত হয় । তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলছ’নাৰোৰ সৈতেও শনিবাৰে মহামাৰী সন্দৰ্ভত আলোচনা কৰে আৰু এই সংকটৰ পৰা উদ্ধাৰ পাবলৈ দ্বিপাক্ষিক সহযোগিতাত গুৰুত্ব দিয়ে । উল্লেখ্য যে, ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে অহা ৮ এপ্ৰিলত সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে ।

You might also like