নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত ভূমিকেন্দ্ৰিক বিবাদক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

ডিজিটেল ডেস্ক, ১২ মাৰ্চ : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ পলাশগুৰি গাঁৱত আজি পুৱা ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিত দুটা বিবদমান ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হয়। এই মাৰপিটৰ ঘটনাত পুৰুষ-মহিলাকে ধৰি ১৪জন লোক আহত হয়। ঘটনাৰ বিষয়ে জানিব পৰা মতে, গোসাঁইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পলাশগুৰি গাঁৱৰ আজিজুল হক, চাফিজুল হক, আইয়ুব আলীৰ নামত নামজাৰি থকা প্ৰায় পাঁচ বিঘা মাটি বলপূৰ্বকভাৱে আফাজুদ্দিন আহমেদ হাজৰিকা, মাছুদুল আহমেদ হাজৰিকাৰ নেতৃত্বত তেওঁৰ আত্মীয়-স্বজন ক্ৰমে বাহাজ উদ্দিন, অধিবক্তা আকিবুল ইছলাম, ৰকিবুল ইছলাম, জিয়াৰ আলী আৰু মিজানুৰ ৰহমান নামৰ লোকসকলে দখল কৰাৰ বাবে দীৰ্ঘদিন ধৰি চেষ্টা অব্যাহত ৰাখিছে।

নিজৰ নামত থকা মাটি দখল কৰাৰ চক্ৰান্ত চলি থকাৰ বিষয়ে অৱগত হৈ মাটিৰ গৰাকীয়ে ন্যায় বিচাৰি আদালতৰ কাষ চাপে। উক্ত মাটিখিনিক লৈ আদালতত গোচৰ চলি থকা সময়ত আজি আকস্মিকভাৱে বাহাজ উদ্দিন, অধিবক্তা আকিবুল ইছলাম, ৰকিবুল ইছলাম, জিয়াৰ আলী, মিজানুৰ ৰহমান, আফাজুদ্দিন আহমেদ হাজৰিকা, মাছুদুল আহমেদ হাজৰিকা (শিক্ষক), নুৰুল ইছলাম, ইজাজ আহমেদ আৰু ফাৰুক আহমেদে পথাৰত খেতি কৰিবলৈ যায় যদিও মাটিৰ মালিক আজিজুল হকৰ পৰিয়ালৰ লোকে বাধা প্ৰদান কৰে আৰু লগে লগে উক্ত স্থানত তুমুল মাৰপিটৰ ঘটনা সংঘটিত হয়।

দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ফলত মাটিৰ মালিক পক্ষৰ আজিজুল হক (৪৫), ছাফিজুল ইছলাম (৩৮), আইয়ুব আলী (৩৫), নাজিমূল হক (২৫),  ৰোছনাৰা বেগম (৪০), মহিজন খাতুন (৩৫), মেহেৰুণ নেছা (২৮) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে, মাটি দখল কৰিব অহা পক্ষৰ সাতজন লোক ক্ৰমে আকিবুল ইছলাম (৩৫), বাহাজউদ্দিন শ্বেখ (৬৬), জিয়ানুৰ ৰহমান (২৯), নুৰুল ইছলাম (৫৯), ৰাকিবুল ইছলাম (৩৪), ছাবিয়া বিবি (৪৫), ফাৰুক আহমেদ (২৬) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত লোকসকল বৰ্তমান আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে কেইবাজনকো বাহিৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে, পৱিত্ৰ ৰমজান মাহত এনেদৰে ভূমিকেন্দ্ৰিক কাজিয়াৰ ফলত দুয়োটা পক্ষৰ লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

You might also like