নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে আজি এক নতুন সংযোজন ঘটিল। ৰাজ্যসভাৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নতুনকৈ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়ামখনৰ আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই।

নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ (গৰু ফিল্ড)ত এখন বিকল্প খেলপথাৰ হিচাপে নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল।

ইতিমধ্যে ষ্টেডিয়াম খনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি থকাৰ সমান্তৰালকৈ দৰ্শকৰ বাবে নিৰ্মাণ কৰা গেলেৰী আৰু ইনডৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু শেহতীয়াকৈ গেলেৰী মুকলি কৰাৰ পিছতে আজি আটকধুনীয়াকৈ নিৰ্মাণ কৰা ইনড’ৰ ষ্টেডিয়ামটি খেলুৱৈ সকলৰ বাবে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুকলি কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য যে যি সমূহ খেল নগাঁও ক্ৰীড়া সংস্থাই খেলুৱৈ সকলক সংস্থাৰ নুৰুল আমিন খেলপথাৰৰ ইনডৰ ষ্টেডিয়ামত দিব পৰা নাই,তেনে খেল সমূহ নতুনকৈ নিৰ্মাণ কৰা ইনডৰ ষ্টেডিয়ামখনত উপলব্ধ হ’ব। খেলুৱৈ সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এনে এটি সুন্দৰ ইনডৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে পূঁজি আবন্টন দিছিল।

বিশেষ বাৰ্তা, নগাঁও, ১৩ মাৰ্চ

You might also like