কোকৰাঝাৰত গুৱাহাটীৰ পৰাই কেইবাটাও প্ৰকল্পৰ ভূমি পূজন
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বিটিচিবাসী উৎসাহিত হৈ থকাৰ সময়তে প্ৰতিকুল বতৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোকৰাঝাৰ ভ্ৰমন বাতিল হয়। এমাহজোৰা প্ৰস্তুতি, বিশাল আয়োজন কৰাৰ পিছত হাজাৰ হাজাৰ জনতাই প্ৰধানমন্ত্ৰীক কাষৰ পৰা এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ হেপাহ পুহি ৰাখিছিল যদিও আজিৰ দিনটোতে বতৰে বিধিপথালি দিয়াত জনতাৰ সেই আশা,আশা হৈ ৰল ৷
উল্লেখ্য যে কোকৰাঝাৰ গ্ৰীণ ফিল্ডৰ পৰা আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী কেবাটাও প্ৰকল্পৰ ভূমিপুজন কৰাৰ কথা আছিল। তদুপৰি জনতা উদ্দেশ্যি ভাষন সম্বোধন কৰাৰ কথা আছিল। সেই উপলক্ষে আজি পুৱা প্ৰায় ৯ বজাৰ পৰাই গ্ৰীণ ফিল্ডলৈ জনতাৰ সোঁত বয়। স্থানীয় জনতাৰ উপৰিও বহু দুৰ দুৰণিৰ পৰাও অজস্ৰ বাচযোগে প্ৰায় লক্ষাধিক জনতা গ্ৰীণ ফিল্ডত উপস্থিত হয়।
প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় আৰু সাধাৰণ জনতা গ্ৰীণ ফিল্ডত উপস্থিত হবলৈ কেবা কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়িব লগা হয়। তৎসত্বেও প্ৰায় লক্ষাধিক জনতা গ্ৰীণ ফিল্ডত নিৰ্মান কৰা বিশাল পেণ্ডেলৰ তলত আসন গ্ৰহণ কৰি আগ্ৰেহেৰে প্ৰধানমন্ত্ৰীৰ আগমনলৈ অপেক্ষা কৰে।
এটা সময়ত ছছিয়েল মিডিয়াত বা মিডিয়াত “প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমন বাতিল” বুলি প্ৰকাশ পায় আৰু যাৰ ফলশ্ৰুতিত জনতাই বিফল মনোৰোধেৰে সভাথলী ত্যাগ কৰিবলৈ ধৰে। এনেসয়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মঞ্চত ভাষন প্ৰদান কৰিবলৈ ধৰে যদিও প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমন বাতিল হোৱাৰ কথাটো চিধাকৈ প্ৰকাশ নকৰি ক্ষন্তেক সময় পিছতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী কেবাটাও প্ৰকল্প উদ্বোধন কৰিব বুলি ভাষনত উল্লেখ কৰে।
ইয়াৰ কিছু সময় পিছত গুৱাহাটীৰ পৰা ভাৰ্চুৱেল সভাৰ আৰম্ভ হয় আৰু ভাৰ্চুৱেল সভাৰ আৰম্ভণিতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ভাষন প্ৰদান কৰে। নিজ ভাষনত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ থাকিব। তেওঁ কয় কোকৰাঝাৰৰ গোসাঁইগাঁও, বালাজান তিনালী, দেৱৰগাঁও আৰু তিতাগুৰীত ফ্লাইঅভাৰ নিৰ্মান কৰা হ’ব।
সোণকোষ আৰু বেকী নদীৰ ওপৰত দলং নিৰ্মান কৰা হ’ব। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বাশবাৰীত ৰে’লৱে ৱাগন ৱাৰ্কশ্বপ নিৰ্মান কৰা হ’ব। এয়া বিটিচিবাসীৰ বাবে ডাঙৰ উন্নয়ন আৰু প্ৰধানমন্ত্ৰীৰ নেৰ্তৃত্বত বিটিচিক উন্নতিৰ পিনে আগুৱাই নিয়াৰ এয়া বৃহৎ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে বিটিচিৰ বিকাশৰ বাবে লোৱা মহত্বপূর্ণ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি ভাৰত- ভূটান সীমান্তৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰত উপস্থিত হলে বেছি ভাল লাগিলেহেতেন বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী বাতিল হয় যদিও দীৰ্ঘদিনীয়া দাবীবোৰ পূৰণ হৈছে। বিটিচিবাসী প্ৰধানমন্ত্ৰীৰ বাবে আগ্ৰহেৰে ৰৈ আছিল বুলিও উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।
আনহাতে নিজ ভাষণত হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি প্রধানমন্ত্রী মোদীক ‘দিলদাৰ’ ব্যক্তি বুলি আখ্যা দিয়ে হাগ্ৰামা মহিলাৰীয়ে। প্ৰধানমন্ত্ৰী মোদী দিলদাৰ বুলি বিশ্ববাসীয়ে জানে আৰু বিটিচিৰ বাবে অন্তৰৰ পৰা কিছু কথা কবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় মহিলাৰীয়ে।
ইপিনে অহা এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত অসমত বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে।
উল্লেখ্য যে আজি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী বিটিচিৰ বাবে কেবাটাও প্ৰকল্পৰ ভূমিপুজন কৰে। ইয়াৰ ভিতৰত ৯৪.২৪ কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত ফ্লাইঅভাৰ নিৰ্মান, ৭৬.৭৩ কোটি টকা ব্যয় সাপেক্ষে দেৱৰগাঁওত ফ্লাইঅভাৰ নিৰ্মান, ১৮৫.৭৬ কোটি টকা ব্যয় সাপেক্ষে তিতাগুৰীত ফ্লাইঅভাৰ নিৰ্মান আৰু ১৩৪.১২ কোটি টকা ব্যয় সাপেক্ষে গোসাঁইগাঁওত ফ্লাইঅভাৰ নিৰ্মান কৰা হ’ব।
আনহাতে ৩৩৬.২০টকা ব্যয় সাপেক্ষে বেকী নদীৰ ওপৰত দলং, ২৭৪.৫৮ কোটি টকা ব্যয় সাপেক্ষে সোণকোষ নদীৰ ওপৰত দলং নিৰ্মান কৰা হ’ব। তদুপৰি কোকৰাঝাৰ জিলাৰ বাশবাৰীত ২৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰেলৱে ৱাগন ৱাৰ্কশ্বপৰো ভূমিপূজনো কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
আনহাতে অসম মালা ৩.০ৰ অধীনত ৰাজ্যখনৰ ৩৪খন জিলাত ৩,২১৭ কোটি ব্যয় সাপেক্ষে ৮৮৪ কিলোমিটাৰ পথ বহলীকৰণৰ উপৰিও ৩৬ খন দলং নিৰ্মাণৰ ভূমিপূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াৰোপৰি কামাখ্যা-ছৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰেংগী-আগৰতলা এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰো প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰে ৷
উল্লেখ্য যে আজিৰ কোকৰাঝাৰৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ১৩ মাৰ্চ