এক ইতিহাস ৰচনা কৰি দুই শতিকাজোৰা প্রতাৰণাৰ অৱসান ঘটাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিৰ পট্টা বিতৰণৰ শুভাৰম্ভ কৰিলে৷ গুৱাহাটীৰ বিষ্ণু–জ্যোতি আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত এক বিশাল অনুষ্ঠানত তিনিগৰাকী চাহ শ্রমিকক নিজ হাতে ভূমি পট্টা প্রদান কৰি প্রধানমন্ত্রী মোদীৰ মন্তব্য– অসমৰ চাহৰ লগত মোৰ এক অনন্য সম্পর্ক আছে৷
তেওঁ কয়– আজি অসমৰ চাহ বাগিচাত কাম কৰা প্রতিগৰাকী শ্রমিকৰ বাবে এক ঐতিহাসিক দিন৷ যাৰ কঠোৰ পৰিশ্রমৰ বাবেই অসমৰ পৰিচয়ে শক্তি পাইছে, যাৰ পৰিশ্রমেই অসমৰ চাহৰ সুগন্ধী সমগ্র বিশ্বতেই ভাৰতকো পৰিচয় কৰাই দিছে৷ আজি সেইসকল চাহ শ্রমিকক এনডিএ চৰকাৰে সন্মানো দিছে আৰু সহায়ো আগবঢ়াইছে৷
কংগ্রেছৰ শাসনকালত চাহ বাগিচাৰ শ্রমিকসকল কিদৰে প্রতাৰিত হৈছিল তাক উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– কংগ্রেছ চৰকাৰৰ কার্যকালত চাহ শ্রমিকক সম্পূর্ণভাৱে গুৰুত্বহীন কৰি ৰখা হৈছিল৷ শ্রমিকসকলৰ ওচৰত নাছিল ভূমিৰ কোনো নথি–পত্র৷ মই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
এই চৰকাৰখনে চাহ বাগিচাৰ সৈতে জড়িত শ্রমিকসকলৰ বাবে এক বৃহৎ উপকাৰ সাধন কৰিছে৷ আজি অসম চৰকাৰে দীর্ঘদিনীয়া এক অন্যায়ৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছে৷ কংগ্রেছে চাহ বাগিচাৰ শ্রমিকক ভূমিপট্টা নিদি এক ঐতিহাসিক অন্যায় কৰিছিল৷ কংগ্রেছৰ এই ঐতিহাসিক অন্যায় বিজেপিয়ে অন্ত পেলাই চাহ শ্রমিকক ঘৰ, মাটি আৰু বিদ্যালয় প্রদান কৰিছে৷ আজি অসমৰ চাহ শ্রমিকসকলে নিজৰ ভূমিৰ পট্টা লাভ কৰিছে আৰু এই ভূমিতেই একোটাকৈ পকীঘৰ নির্মাণ হোৱাৰ পথ খোল খাই পৰিছে৷
ইয়াৰ ফলত চাহ বাগিচাত থকা আমাৰ ভগ্ণীসকলে বিশেষভাৱে উপকৃত হ’ব৷ মই বিচাৰোঁ, চাহ বাগিচাৰ শিশুসকলেও এক উন্নতমানৰ শিক্ষা লাভ কৰে আৰু আগুৱাই যায়৷ বিজেপি চৰকাৰে ইয়াৰ বাবে সকলোধৰণৰ সুবিধা প্রদান কৰিছে৷ যাৰ বাবে প্রতিখন চাহ বাগিচাৰ শ্রমিকে আজি ক’বলৈ আৰম্ভ কৰিছে– আকৌ এবাৰ বিজেপি চৰকাৰ৷ প্রধানমন্ত্রী মোদীয়ে কয়– চাহ বাগিচাৰ শ্রমিকসকলক সন্মান প্রদর্শন কৰি মই এক ঋণৰ পৰা হাত সাৰিছোঁ৷
তেওঁ চাহ শ্রমিকসকলক উদ্দেশ্যি কয়– আপোনালোকে যদি চাহ বাগিচাত কাম কৰি সুদূৰ গুজৰাটত থকা মোৰ গাঁৱলৈ চাহপাত পঠিয়াইছিল, সেই চাহপাতেৰে চাহ বনাই বিক্রী কৰি কৰি আজি মই এই পর্যায়ত উপনীত হৈছোঁ৷ যদি চাহ বাগিচাৰ শ্রমিকসকলে পৰিশ্রম কৰি চাহপাত উৎপাদন নকৰিলে হয়, মই এই অৱস্থালৈ আহিব পাৰিলোঁ হয়নে?
মা কামাখ্যাৰ এয়াই কৃপা যে মই আজি চাহ বাগিচাৰ শ্রমিক ভাইসকলক ভূমিপট্টা প্রদান কৰি ঋণৰ পৰা মুক্ত হোৱাৰ সুযোগ পালোঁ৷ উল্লেখ্য যে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা চাহ শ্রমিকৰ ভূমিপট্টা বিতৰণৰ এই প্রক্রিয়াৰ জৰিয়তে ৩.৫ লাখ চাহ শ্রমিক পৰিয়ালে ভূমিপট্টা লাভ কৰিব৷
প্রধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে তিনিগৰাকী চাহ শ্রমিক ক্রমে কাছাৰৰ মণীহাৰ শাল চাহ বাগিচাৰ সীমা নায়ক, ডিব্রুগড়ৰ দীনজয় চাহ বাগিচাৰ কথাৰতি ভূমিজ আৰু তিনিচুকীয়াৰ চামদাং চাহ বাগিচাৰ সুশীলা গোৱালাৰ হাতত ভূমিপট্টা তুলি দি এই প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷
লক্ষণীয়ভাৱে মঞ্চলৈ ভূমিপট্টা ল’বলৈ অহা সুশীলা গোৱালাৰ চৰণ স্পর্শ কৰি মাতৃ সমাজলৈ অনন্য সন্মান প্রদর্শন কৰিলে প্রধানমন্ত্রী মোদীয়ে৷ ইয়াৰ পূর্বে অসমীয়াত ভাষণ আৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিক সমর্থন কৰি কয়– মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অনুপ্রৱেশকাৰীয়ে দখল কৰা ভূমি উদ্ধাৰৰ এক বিশাল অভিযান চলি আছে৷
কংগ্রেছৰ হাত সদায় এইসকল অনুপ্রৱেশকাৰীৰ সৈতে আছিল আৰু আজিও আছে৷ দশক দশক ধৰি কংগ্রেছে অসমৰ খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা প্রদান কৰা নাছিল৷ বিজেপি–এনডিএ চৰকাৰ খিলঞ্জীয়া লোকসকলৰ সৈতে থিয় দি ভূমিপট্টা প্রদানৰ প্রক্রিয়া আৰম্ভ কৰিছে৷
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পিএম কিষান আঁচনিৰ ২২সংখ্যক কিস্তিও মুকলি কৰে৷ এই প্রসংগত প্রধানমন্ত্রীয়ে কয়– সমগ্র দেশৰ কৃষকসকলক মা কামাখ্যা ভূমিৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ প্রধানমন্ত্রীৰ কিষান আঁচনি সঁচা অর্থত এক অসাধাৰণ পদক্ষেপ৷ কৃষক ভাই–ভনীসকলৰ অধিকাংশৰেই ২০১৪ চনৰ আগতে ম’বাইল ফোন বা বেংক একাউণ্ট নাছিল৷
কিন্তু এনডিএ চৰকাৰ অহাৰ পিছতেই তেওঁলোকৰ বেংক একাউণ্ট হ’ল৷ কেৱল অসমতেই প্রায় ১৯ লাখ কৃষকে আজিলৈকে প্রায় ৮ হাজাৰ কোটি টকা লাভ কৰিছে৷ এয়া বিশ্বৰ উন্নত দেশসমূহতো সম্ভৱ হোৱা নাই৷ যি ভাৰতবর্ষত সম্ভৱ হৈছে৷ মাত্র এটা ক্লিকতে দেশৰ কোটি কোটি কৃষকৰ ওচৰলৈ পোনপটীয়াকৈ ধন যায়৷
তেওঁ কয়– কৃষক সন্মান নিধি আঁচনিখনে কৃষকৰ বাবে সামাজিক সুৰক্ষা প্রদানৰ মাধ্যমৰূপে থিয় দিছে৷ বর্তমানৰ চৰকাৰখনে সর্বাধিক গুৰুত্ব দিছে কৃষকৰ কল্যাণৰ বাবে৷ বিগত ১০ বছৰত কৃষকে ২০ লাখ কোটি টকাৰ এমএছপি লাভ কৰিছে৷ প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– বিগত ১১ বছৰত বর্তমানৰ চৰকাৰখনে এমএছপি হওক, সুলভ মূল্যৰ ঋণ হওক, শস্য বীমা হওক বা পিএম কিষান সন্মান নিধি হওক এই আঁচনিসমূহৰ জৰিয়তে কৃষকক সকলোধৰণৰ সহায় আগবঢ়াবলৈ সক্ষম হৈছে৷
আন্তঃৰাষ্ট্রীয় সংকটৰ প্রভাৱে যাতে কৃষি আৰু কৃষিক্ষেত্রৰ লগত জড়িত কোনো অনুষ্ঠান বা ব্যক্তিবিশেষৰ ওপৰত নপৰে, তাৰ প্রতি চৰকাৰে সতর্কতা অৱলম্বন কৰি আহিছে৷ ক’ভিড মহামাৰী আৰু পৰৱর্তী সময়ত হোৱা যুদ্ধৰ বাবে আন্তঃৰাষ্ট্রীয় বজাৰত সাৰৰ মূল্য বৃদ্ধি পাইছিল, বিদেশী বজাৰৰ পৰা সাৰ ক্রয় কৰাটো অত্যন্ত কঠিন আছিল৷
কিন্তু সেই সময়তো কেন্দ্রীয় চৰকাৰে কৃষকসকলক সংকটৰ পৰা উদ্ধাৰ কৰি আন্তঃৰাষ্ট্রীয় বজাৰত ৩ হাজাৰ মূল্যৰ ইউৰিয়া বেগ ৩০০ টকাত যোগান ধৰি আহিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে আজি গুৱাহাটীৰ জ্যোতি–বিষ্ণু কলাকেন্দ্রৰ অনুষ্ঠানৰ পৰাই ১,৯৪,৮০০ কোটি টকাৰ উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷
তেওঁ ভাষণত কয়– মা কামাখ্যাৰ আশীর্বাদত ১,৯৪,৮০০ কোটি টকাৰ উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাম অতি সোনকালে সম্পন্ন কৰা হ’ব৷ অসমক শক্তিখণ্ডত আত্মনির্ভৰশীল কৰাৰ লক্ষ্যৰে ইতিমধ্যে এক বিশাল প্রকল্প লাভ কৰিছে৷ সমান্তৰালভাৱে চাহ শ্রমিক আৰু কৃষকসকলেও এই চৰকাৰৰ দিনত আর্থিকভাৱে সকাহ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী কিষান সন্মান নিধি আঁচনিৰ অধীনত ১৮ হাজাৰ কোটিতকৈ অধিক ধন কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ হৈছে৷
উল্লেখ্য যে প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে ১২০ মেগাৱাট নামনি কপিলী জলবিদ্যুৎ প্রকল্প, উত্তৰ–পূব গেছ গ্রীড প্রকল্প–নুমলীগড়– প্রডাক্ট পাইপলাইন প্রকল্পৰ উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰে’ললাইন সংযোগী পিঅ’এল টার্মিনেলৰ শিলান্যাস আৰু ফৰকাটিং–তিনিচুকীয়া ৰে’লৱে লাইন দ্বৈতকৰণৰ শিলান্যাস কৰে৷
তদুপৰি প্রধানমন্ত্রীয়ে ৰঙিয়া–মুর্কংচেলেক, চাপৰমুখ–ডিব্রুগড়, বদৰপুৰ–শিলচৰ, বদৰপুৰ–চুড়াইবাড়ী ৰে’লপথৰ বৈদ্যুতিকৰণৰ লোকার্পণ কৰাৰ লগতে ভার্চুৱেলী উদ্বোধন কৰে৷ প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে পাণ্ডু বন্দৰৰ চৌহদৰ পৰা ৰাষ্ট্রীয় ঘাইপথ ২৭লৈ এলিভেটেড ৰোড আৰু বিশ্বনাথ ঘাটত ক্রুজ টার্মিনেলৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি ডিব্রুগড়ত আঞ্চলিক উৎকর্ষতা কেন্দ্র আৰু নিমাতীত ক্রুজ টার্মিনেলৰ ভূমিপূজন কৰে৷
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ