মোজতবা খামেনেইৰ সন্ধান দিওঁতালৈ আমেৰিকাৰ মোটা অংকৰ পুৰস্কাৰ ঘোষণা
ইৰানৰ নতুন সৰ্বোচ্চ নেতা আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে আমেৰিকাই বৃহৎ পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰিছে। আমেৰিকাই ঘোষণা কৰা অনুসৰি মোজতবা খামেনেই আৰু Islamic Revolutionary Guard Corps (আই আৰ জি চি)ৰ সৈতে জড়িত কিছু জ্যেষ্ঠ বিষয়াৰ অৱস্থান সম্পৰ্কে তথ্য দিলে ১০ মিলিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ দিয়া হ’ব। এই পুৰস্কাৰৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৯২ কোটিতকৈও অধিক।
ইফালে, ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰানৰ বিৰুদ্ধে সামৰিক চাপ অব্যাহত ৰাখিছে। এই পৰিস্থিতিৰ মাজতে আমেৰিকাই ইৰানৰ শীৰ্ষ নেতৃত্বৰ ওপৰত এই নতুন পুৰস্কাৰ ঘোষণা কৰিছে।
এই সিদ্ধান্তই মধ্য প্ৰাচ্যত চলি থকা উত্তেজনাক আৰু অধিক তীব্ৰ কৰাৰ আশংকা কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ