যুদ্ধংদেহি পৰিৱেশ : মধ্যপ্ৰাচ্যৰ পৰা এছিয়ালৈ উদ্বেগজনক পৰিস্থিতি
বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সামৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধৰ পৰিস্থিতি অতি সংকটজনক হৈ উঠিছে।
খবৰ অনুসৰি যোৱা মাহৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত প্ৰত্যক্ষ সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ পিছতেই সংঘাত আৰম্ভ হয়। ইয়াৰ প্ৰতিক্ৰিয়াত ইৰানেও একাধিক মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায়। এই সংঘাতৰ মাজতে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুলা খামেনেইৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে আৰু আন কেইবাজনো নেতাও আক্ৰমণত নিহত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে ইৰানে গুৰুত্বপূৰ্ণ সামুদ্রিক পথ Strait of Hormuz বন্ধ কৰি দিয়াৰ ফলত বিশ্বজুৰি তেলৰ সংকটৰ আশংকা সৃষ্টি হৈছে। এই পথটোৰ জৰিয়তে বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আমদানি হয়।
মধ্যপ্ৰাচ্যৰ বাহিৰেও দক্ষিণ এছিয়াতো উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তান আৰু আফগানিস্তানৰ মাজত দীঘলীয়া সময় ধৰি চলি থকা উত্তেজনাই এতিয়া যুদ্ধৰ ৰূপ লৈছে।
খবৰ অনুসৰি পাকিস্তানী বায়ুসেনাই সীমান্ত অঞ্চলৰ লগতে কাবুল আৰু কান্দাহাৰত বোমাবৰ্ষণ চলাইছে। এই আক্ৰমণত অসামৰিক লক্ষ্যবস্তু আৰু Tehrik-i-Taliban Pakistan (TTP)ৰ ঘাটি লক্ষ্য কৰা হৈছিল।
প্ৰতিক্ৰিয়াত আফগান তালিবানে পাকিস্তানৰ ভিতৰত ড্ৰোন আক্ৰমণ কৰাৰ দাবী কৰিছে। কহাট, কৰাচী আৰু ইছলামাবাদ আদি অঞ্চল লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছিল বুলি কোৱা হৈছে। এতিয়ালৈকে এই সংঘাতত ৩০০ৰো অধিক লোক নিহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে।
ইয়াৰ সমান্তৰালে বিশ্বৰ অন্যতম ডাঙৰ সামৰিক সংঘাত হিচাপে পৰিচিত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ অব্যাহত আছে। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰাৰ পিছতেই এই যুদ্ধ আৰম্ভ হৈছিল।
যুদ্ধৰ সময়ত ৰাছিয়াই ‘Oreshnik Hypersonic Missile’ নামৰ অত্যন্ত দ্ৰুত আৰু শক্তিশালী মিছাইল ব্যৱহাৰ কৰাৰ খবৰ পোৱা গৈছে। এই মিছাইলৰ জৰিয়তে ইউক্ৰেইনৰ শক্তি অৱকাঠামো আৰু বিদ্যুৎ কেন্দ্ৰসমূহ লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে। আনহাতে ইউক্ৰেইনেও ড্ৰোন আৰু পশ্চিমীয়া দেশৰ সহায়ত ৰাছিয়াৰ সামৰিক ঘাটি আৰু তেল স্থাপনাত প্ৰতিক্ৰিয়ামূলক আক্ৰমণ চলাইছে।
ইফালে পূব এছিয়াতো উত্তেজনা বৃদ্ধি পাইছে। জাপান আৰু উত্তৰ কোৰিয়াৰ মাজত বহু বছৰ ধৰি উত্তেজনা অব্যাহত আছে।
শেহতীয়াকৈ উত্তৰ কোৰিয়াই সন্দেহজনক বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰাৰ তথ্য প্ৰকাশ কৰিছে জাপানে। উত্তৰ কোৰিয়াৰ এই ধৰণৰ মিছাইল আৰু পৰমাণু পৰীক্ষাই সমগ্ৰ কোৰিয়ান উপদ্বীপৰ লগতে বিশ্ব নিৰাপত্তাতো উদ্বেগ বৃদ্ধি কৰি আহিছে।
বিশেষজ্ঞসকলৰ মতে, বিশ্বৰ বিভিন্ন প্ৰান্তত একেলগে সংঘাত বৃদ্ধি পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, অৰ্থনীতি আৰু নিৰাপত্তা পৰিস্থিতিত গভীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
ডিজিটেল ডেস্ক, ১৪ মাৰ্চ