কণ্ঠশিল্পী নৱনীতা শৰ্মাৰ ‘ব’হাগৰ বা’ শীৰ্ষক গীত উন্মোচন
গোলাঘাট এগৰাকী উদীয়মান কণ্ঠশিল্পী নৱনীতা শৰ্মাৰ ‘বহাগৰ বা’ শীৰ্ষক এটি গীত কালি গোলাঘাট প্ৰেছ ক্লাবত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।
এই উপলক্ষে পশ্চিম গোলাঘাট শাখা সাহিত্য সম্পাদক স্বাগতা বৰাই আঁত ধৰা উন্মোচনী সভাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ লুকুমণি গোস্বামীয়ে।
‘বহাগৰ বা’ শীৰ্ষক গীত উন্মোচন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ড° পুতুল চন্দ্ৰ শইকীয়াই। উন্মোচনী অনুষ্ঠানত প্ৰবীণ শিল্পী প্ৰদীপ সোনাৰ, দুৰ্গাধৰ নেওগ, বাসৱ বৰবৰা, গোলাঘাট এমেছাৰ থিয়েটাৰ ছ’চাইটিৰ বিত্ত সম্পাদক মৃদুল কাকতি আদি উপস্থিত থাকে।
গীতটোৰ সুৰকাৰ প্ৰবীন শিল্পী ৰহিমুদ্দিন আহমেদ, গীতিকাৰ ৰাণা শৰ্মা আৰু ব্যৱস্থাপনা আছে হেমাঙ্গ নাথ। ব’হাগ বিহুৰ প্ৰাকক্ষণত গীতটো সকলোৱে আদৰি ল’ব বুলি আশাবাদী গায়িকাগৰাকী।
বিশেষ বাৰ্তা, গোলাঘাট, ১৭ মাৰ্চ