অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মঙলবাৰে অসমত পুণৰ ধুবুৰীৰ এগৰাকী লোকৰ দেহত কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে ৷
উল্লেখ্য যে আক্ৰান্ত এই গৰাকী ব্যক্তিও নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাত সমাবেশ সম্পৰ্কীয় ৷
এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।