নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নতুন অস্ত্র

নির্বাচনৰ বতৰ৷ অসমত এতিয়া নির্বাচনৰ গৰম বতাহ বলিছে৷ ভাৰতৰ নির্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ২০২৬ চনৰ ৯ এপ্রিলত ১২৬টা সমষ্টিত বিধানসভা নির্বাচন হ’ব৷ এই নির্বাচনত মুঠ ২ কোটি ৫০ লাখ ভোটাৰে ৩১,৪৮৬টা ভোটগ্রহণ কেন্দ্রত ভোটদান কৰিব৷ ৪ মে’ত ভোটগণনা হ’ব৷ কোনে কোন সমষ্টিৰ পৰা খেলিব, কোন দলৰ পৰা খেলিব, এইবোৰ ইতিমধ্যে চূড়ান্ত হৈছে৷ খেলিবলগীয়া বা টিকট পোৱা প্রতিজন প্রার্থীয়ে হাজাৰ হাজাৰ জনতাক লৈ সমদল কৰি মনোনয়ন–পত্র দাখিল কৰিলে৷ এতিয়া প্রতিজন প্রার্থী প্রচাৰত ব্যস্ত৷ শাসক–বিৰোধী দলীয় কর্মী সকলো নামি পাৰিছে যুদ্ধত৷ যাৰ যিমান শক্তি আছে সকলো প্রয়োগ কৰিছে৷ মুঠতে জয়ী হোৱাৰ আপ্রাণ চেষ্টা সকলোৰে৷ বিৰোধীয়ে যদি চৰকাৰৰ ভুলবোৰ, ৫ বছৰে নকৰা কামবোৰ কৈ ৰাইজৰ ভোট আদায়ৰ প্রয়াস কৰিছে, শাসকীয় প্রার্থীয়ে চৰকাৰৰ কামৰ খতিয়ান দি ৰাইজৰ পৰা পুনৰ ভোট বিচাৰিছে৷ কেৱল ভাষণেই নহয়, গীত–নৃত্যৰ মাজেৰেও ভোটাৰক আকর্ষণ কৰিবলৈ প্রয়াস চলোৱা দেখা গৈছে৷ নিজৰ দক্ষতা অনুযায়ী সকলোৱে নিজৰ কৌশল অৱলম্বন কৰিছে৷ প্রযুক্তিৰ যুগত ছ’চিয়েল মিডিয়াক সকলোৱে অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে৷ সকলো দল, প্রার্থীয়ে নিজৰ একাউণ্টৰ পৰা যিমান পাৰে সিমান প্রচাৰ চলাইছে৷ সকলো প্লেটফর্মতেই দিনটোৰ কার্যসূচীৰ লগতে ভাষণবোৰো আপলোড কৰি গৈছে৷ কোনো নেতাক বিশাল ৰাজহুৱা সভাৰ উপৰি ছ’চিয়েল মিডিয়াতো আক্রমণৰ লক্ষ্য কৰি লৈছে৷ এই আক্রমণ–অভিযোগৰ উপৰি এআইৰ দ্বাৰা নির্মিত ভিডিঅ’ৰ দ্বাৰাও নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ যদিও ইয়াৰ ইতিবাচক দিশ আছে তথাপি প্রযুক্তিৰ যুগত এআই–জেনেৰেট ভিডিঅ’ৰ দ্বাৰা চলোৱা নির্বাচনী প্রচাৰে বহু সময়ত নেতিবাচক প্রভাৱ পেলোৱাও পৰিলক্ষিত হৈছিল৷ কাৰণ এআইৰ দ্বাৰা নির্মিত ভিডিঅ’সমূহক ৰাইজে সহজে বিশ্বাস কৰি লয়৷ বিগত বছৰসমূহত কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা নির্মিত ভিডিঅ’ৰে বহুতো ভুল বার্তা দিয়া দেখা গৈছিল৷ এই সংখ্যা বর্তমান ক্রমাৎ বৃদ্ধিহে হৈছে, হ্রাস হোৱা নাই৷ বর্তমান এনে বহু ভিডিঅ’ দেখিবলৈ পোৱা যায় যে ৰাজনৈতিক নেতাই ভিন্ন ধৰণৰ সাজ–পোছাক পৰিধান কৰি নৃত্য কৰে৷ অসমৰো বহু নেতাৰ এনে ভিডিঅ’ সুলভ৷

কিছু মাহ পূর্বে মমতা বেনার্জীক শাড়ীৰ দৰে পোছাক পৰিধান কৰোৱাই নৃত্য কৰা ভিডিঅ’ৰ লগতে অডিঅ’ৰ ভাষণত তেওঁ বিজেপিত যোগদান কৰিবলৈ নিজৰ দলৰ সদস্যসকলক সমালোচনা কৰাৰ এক ভিডিঅ’ প্রস্তুত কৰিছিল৷ পিছত আৰক্ষীয়ে সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ আচলতে এনেধৰণৰ ভিডিঅ’বোৰৰ ইতিবাচক বা নেতিবাচক দুয়োটা দিশেই আছে৷ ইতিবাচক দিশবোৰ হ’ল– এনেধৰণৰ ভিডিঅ’ৰ দ্বাৰা মনোৰঞ্জন পাব পাৰি, হাস্যৰসময়ী পেৰডি সৃষ্টি কৰিব পাৰি, শিক্ষাৰ সৈতে জড়িত ভিডিঅ’ প্রস্তুত কৰি শিক্ষার্থীসকলক সহায় কৰিব পাৰি৷ কিন্তু সেই দিশবোৰত গুৰুত্ব নিদি এআইৰ দ্বাৰা নির্মিত পর্ন, ব্যক্তিৰ উলংগ ফটো এইবোৰে শিক্ষার্থীৰ মনত নেতিবাচক প্রভাৱ পেলোৱা দেখা যায়৷ বহু সময়ত এআইৰ দ্বাৰা নির্মিত ভিডিঅ’ৰ জৰিয়তে ব্যক্তিৰ সুনাম নষ্ট কৰিবলৈ প্রয়াস কৰা দেখা যায়৷ বিশেষকৈ ৰাজনৈতিক নেতা, সামাজিক ব্যক্তিসকলৰ ক্ষেত্রত বেছিকৈ দেখা যায়৷ সেয়ে নির্বাচনৰ সময়ত এনে ভিডিঅ’ৰ প্রচলন অত্যধিক৷ বিশেষকৈ অসমৰ দৰে এখন ৰাজ্যত বহু ভোটাৰ ৰাজনৈতিকভাৱে সচেতন হ’লেও এআইৰ দ্বাৰা সৃষ্ট ভিডিঅ’ক লৈ সচেতন নহয়৷ বহু লোকে সঁচা–মিছাটো সহজে ধৰিব নোৱাৰে৷ সম্প্রতি শাসনাধিষ্ঠিত চৰকাৰখনে নির্মাণ কৰা বহু বাট–পথ ভিডিঅ’ ৰূপত ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছত বিৰোধীয়ে এআইৰ দ্বাৰা সৃষ্ট ভিডিঅ’ বুলিও প্রচাৰ কৰা দেখা গৈছিল৷ এই প্রচাৰৰ মূল উদ্দেশ্যই আছিল ৰাইজক বিবুধিত পেলোৱা৷ সেয়ে ৰাইজক এইধৰণৰ দিশবোৰক লৈ সচেতন কৰাৰ প্রয়োজন আছে৷ আইনী ব্যৱস্থাৰ জৰিয়তেও নেতিবাচক দিশবোৰ ৰোধ কৰিব পাৰি নেকি তাৰ ওপৰতো আলোচনা হোৱা প্রয়োজন৷ ভাৰতৰ নির্বাচন আয়োগে নির্বাচনী প্রক্রিয়াত কৃত্রিম বুদ্ধিমত্তা আৰু ‘ডিপফেক’ ভিডিঅ’ৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ ৰাজনৈতিক দলসমূহে AIৰ দ্বাৰা তৈয়াৰী কোনো ছবি, অডিঅ’ বা ভিডিঅ’ প্রচাৰ কৰিলে তাত AI-Generated বা Synthetic Content বুলি লেবেল লগাব লাগিব বুলিও নির্দেশনা দিছিল৷ এআইৰ ভিডিঅ’ৰ দ্বাৰা ভোটাৰক বিপথে পৰিচালিত কৰিলে কঠোৰ আইনী ব্যৱস্থাও ল’ব বুলি উল্লেখ কৰিছিল৷ শেষত এই নির্বাচনৰ বাবে প্রতিজন ভোটাৰ সজাগ–সচেতন হৈ থকাৰ লগতে ৰাজনৈতিক দলৰ ইস্তাহাৰ পঢ়ি, প্রার্থীৰ যোগ্যতা বিশ্লেষণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰা উচিত৷ যাতে ভুল–মিছা প্রচাৰত আৱেগৰ বশৱর্তী হৈ ৰাইজে ভুল সিদ্ধান্ত ল’বলগীয়া নহয়৷ ৰাইজ সজাগ হওক, সচেতন হৈ থাকক৷

You might also like