নতুন বিশ্বনাথ গঢ়িম : নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস
“ড° হিমন্ত বিশ্ব শৰ্মা এজন সংবেদনশীল নেতা। হিমন্ত বিশ্ব শৰ্মা যি সময়ত বিত্ত মন্ত্ৰী আছিলে, সেই সময়ত মই শ্ৰম মন্ত্ৰী আছিলো। সেই সময়ত ৰঙাপৰাত এখন সভা হৈছিল। বহু মহিলা উপস্হিত আছিল। তেতিয়া তেওঁ পৰিকল্পনা কৰিছিল যে যি সকল মহিলা আমাৰ সভা সমিতিত আহিছে সেই সকল মহিলাৰ বাবে আমি কি কৰিব পাৰো।
২০১৫ চনত মাত্ৰ ৫০০০ গোটক ৰিভলভিং ফাণ্ড ৫০০০ টকাকৈ দিছিল। প্ৰত্যেক মহিলাই লাভ কৰিছিল ৫০০ টকাকৈ। কিন্তু ২০২৫ চনত ৪০ লাখ মহিলাই ১০ টকাকৈ লাভ কৰিছে। এতিয়া মহিলাই সন্মুখৰ পৰা নেতৃত্ব দিছে। এই যিটো আত্মবিশ্বাসৰ পৰিবৰ্তন, যি হীনমন্যতাৰ পৰা মহিলাসকল আত্ম বিশ্বাসী হৈছে ,ঘৰখনক নেতৃত্ব দিব পাৰে, ঘৰখনৰ পৰিবৰ্তনৰ মূখ্য ভূমিকা পালন কৰিব পাৰে। এইটো কেৱল ৰাজনৈতিক সদিচ্ছাৰ প্ৰভাব।
পি এম ৱাইৰ ঘৰ মহিলাৰ নামত আৰু ৰেচন কাৰ্ড মহিলাৰ নামত হ’ব। এই দুটা সৰু সিদ্ধান্তই কিমান পৰিৱৰ্তন কৰিলে। এতিয়া অৰুণোদয় আহিল। সেয়েহে আপোনালোকে আমাক ইমান মৰম কৰিছে।”- এই মন্তব্য বিশ্বনাথ বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ।
আজি বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ খেল পথাৰত কেবা সহস্ৰ মহিলাৰ উপস্হিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থী পল্লৱ লোচন দাসে এইবাৰ জয়ী হ’লে নতুন বিশ্বনাথ গঢ়িব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ যি সংকল্প , যি উন্নয়নৰ ধাৰা আমি দেখিছো। মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছে যে সমগ্ৰ অসমক এক নতুন ৰূপত এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়িবলৈ বহুতো পৰিকল্পনা আৰু আঁচনি হাতত লৈছে।
বিশ্বনাথৰ উন্নয়নৰ বাবে কেনেদৰে কি কৰিব লাগে তেওঁৰ মই বহুবাৰ আলোচনা কৰিছো। সেয়েহে তেওঁৰ নেতৃত্বত আনি বিশ্বনাথক নতুন ৰূপত আগবঢ়াম বুলি মন্তব্য কৰে।
বিশেষ বাৰ্তা, বিশ্বনাথ, ২৭ মাৰ্চ