নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ ভোটাৰ

বিদেশী খেদা অসম আন্দোলনৰ ঢৌত বিধৌত হোৱা ১৯৮৫ চনৰ বিধানসভা নির্বাচনত তদানীন্তন কংগ্রেছ চৰকাৰক ওফৰাই প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ দলে অভূতপূর্ব জনপ্রিয়তাৰে দিছপুৰৰ শাসনভাৰ দখল কৰিছিল৷ অৱশ্যে মাত্র এটা কার্যকালতে বিভিন্ন দুর্নীতিত সাঙোৰ খাই পৰা অগপ চৰকাৰক অসমৰ ভোটাৰে পৰৱর্তী নির্বাচনতে দিছপুৰৰ গাদীৰ পৰা নমাই আনি পুনৰ হিতেশ্বৰ শইকীয়াৰ কংগ্রেছক শাসনত বহুৱাইছিল৷

ইয়াৰ পিছত আকৌ এবাৰ ১৯৯৬ চনত অগপই হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰি পুনৰ দিছপুৰৰ শাসনৰ মছনদত বহিবলৈ সক্ষম হৈছিল৷ কিন্তু প্রথমবাৰৰ চৰকাৰৰ দৰে দ্বিতীয়বাৰৰো শাসন অসম গণ পৰিষদৰ বাবে সুখকৰ নহয়৷

প্রধানকৈ গুপ্তহত্যাত উদ্গনি যোগোৱাৰ গুৰুতৰ অভিযোগৰ বাবেই অসমৰ ভোটাৰে চৰম ক্ষোভেৰে প্রফুল্ল কুমাৰ মহন্তৰ চৰকাৰক উৎখাত কৰিছিল৷ সেই সময়ত দিল্লীৰ শাসনত আছিল কংগ্রেছ চৰকাৰ৷ আৰু অসমতো অগপৰ অপশাসনৰ পৰা পৰিত্রাণ পোৱাৰ বাবে ৰাজ্যখনৰ সচেতন ভোটাৰে একমাত্র বিকল্প হিচাপে বাছি লৈছিল কংগ্রেছ দলকেই৷

তৰুণ গগৈৰ প্রায় ডেৰ দশকজোৰা শাসনৰ ইতি পৰিছিল তিনিটা কার্যকালৰ অন্তত ২০১৬ চনত৷ ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ত কংগ্রেছ দলৰ বিৰুদ্ধে উঠা অবাধ দুর্নীতি আৰু অপশাসনৰ বিৰুদ্ধে দেশজুৰি প্রবল জনমতৰ সৃষ্টি হৈছিল আৰু কংগ্রেছ দলক ক্ষমতাচ্যুত কৰাৰ বাবে ভোটাৰ মাৰ বান্ধি সাজু হৈছিল৷

অভূতপূর্ব জনপ্রিয়তাৰ নৰেন্দ্র দামোদৰ মোদীয়ে প্রধানমন্ত্রীৰ আসনত বহিছিল৷ সেই যে দেশৰ ভোটাৰক সন্মোহিত কৰা মোদী মেজিক আৰম্ভ হৈছিল সেই মোদী মেজিক ২০১৪ চনৰ পৰা এই ২০২৬ চনলৈ অপৰিৱর্তিত আছে৷ স্বাভাৱিকভাৱেই মোদী মেজিকৰ প্রভাৱ দেশৰ আন গৰিষ্ঠসংখ্যক ৰাজ্যৰ দৰে অসমতো পৰিছিল৷

যোৱা দুটা বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে অসমত অনায়াসে চৰকাৰ গঠন কৰাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন কৰাৰ বাবে প্রায় প্রস্তুত হৈছে৷ এই পৰিসংখ্যাৰ পৰা দেখা গৈছে যে যোৱা চাৰিটা দশকত কেৱল দুটা কার্যকালৰ বাহিৰে অসমৰ ভোটাৰসকলে ৰাষ্ট্রীয় ৰাজনৈতিক দলকেই প্রথম পছন্দৰ দল হিচাপে নির্বাচিত কৰি আহিছে৷

ৰাজ্যৰ সামগ্রিক উন্নয়ন আৰু সুস্থিৰতাৰ স্বার্থতেই অসমৰ ভোটাৰসকলে সচেতনতাৰে পাৰ হৈ যোৱা নির্বাচনসমূহত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে৷ উল্লেখনীয় যে বিগত নির্বাচনৰ তুলনাত অহা ৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নির্বাচনত ভোটাৰৰ সংখ্যা প্রায় ৩০ লাখ বৃদ্ধি পাইছে৷

নির্বাচন আয়োগৰ তথ্য মতেই এইবাৰ ভোটাৰৰ মুঠ সংখ্যা ২,৪৯,৫৮,১৩৯গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ ১,২৪,৮২,২১৮জন আৰু মহিলা ভোটাৰ ১২,২৪,৭৫,৫৮৩গৰাকী৷ এইসকল ভোটাৰে ৰাজ্যৰ ৩১,৪৮৬টা ভোটকেন্দ্রত ভোটদান কৰিব৷ পূর্বৰ নির্বাচনসমূহৰ বিপৰীতে এইবাৰ অসমত এটা পর্যায়তে ভোট গ্রহণ অনুষ্ঠিত হ’ব৷

ইতিপূর্বে দুটা বা তিনিটা পর্যায়ত অসমত ভোট অনুষ্ঠিত হৈছিল যদিও এইবাৰ ৯ এপ্রিলত এটা পর্যায়তে সমগ্র ৰাজ্যত ভোটদান সমাপন হ’ব৷ পৰিসংখ্যা অনুযায়ী জিলা ভিত্তিত অসমৰ সর্বাধিক ভোটাৰ আছে নগাঁৱত৷ নগাঁৱত মুঠ ভোটাৰৰ সংখ্যা ১৫,৫১,৫৩০গৰাকী৷ নগাঁৱৰ পিছত দ্বিতীয় স্থানত আছে কাছাৰ৷

কাছাৰত মুঠ ভোটাৰৰ সংখ্যা ১৩,৮১,৯০৩গৰাকী৷ কাছাৰৰ পিছত তৃতীয় স্থানত আছে কামৰূপ জিলা৷ কামৰূপত মুঠ ভোটাৰৰ সংখ্যা ১২,৪৪,০৩০গৰাকী৷ একেদৰে চতুর্থ স্থানত আছে ধুবুৰী জিলা৷ ধুবুৰীত মুঠ ভোটাৰৰ সংখ্যা ১২,১৭,৭৯৭গৰাকী৷

লক্ষণীয়ভাৱে ৰাজধানী মহানগৰ গুৱাহাটী মেট্র’ত ভোটাৰৰ সংখ্যা ১০ লক্ষাধিক৷ গুৱাহাটী মেট্রৰ মুঠ ভোটাৰ হ’ল ১০,৪৯,৬৪৪গৰাকী৷ ৰাজ্যখনৰ সবাতোকৈ কম ভোটাৰ থকা জিলাখন হ’ল নদীদ্বীপ মাজুলী৷ মাজুলীৰ মুঠ ভোটাৰৰ সংখ্যা কেৱল ১ লাখ ৪৪ হাজাৰ আৰু ৮৩৭গৰাকী৷ আনহাতে, ৰংখাং আৰু আমৰি সমষ্টিৰে গঠিত পশ্চিম কার্বি আংলং জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ২,৩১,৯৫৫গৰাকী৷

১০ লাখৰ ওপৰত ভোটাৰ থকা আন কেইখনমান জিলা হ’ল–ডিব্রুগড় (১০,৪১,৯৩৫), তিনিচুকীয়া (১০,০৩,৪৯০), ধুবুৰী (১২,১৭,৭৯৭)৷ লক্ষণীয়ভাৱে কামৰূপ মেট্রকে ধৰি চিৰাং, গোৱালপাৰা, তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, কার্বি আংলং, ডিমা হাচাও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, বাক্সা আৰু ওদালগুৰিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি৷

কার্যতঃ উল্লিখিত জিলাকেইখনত মহিলা ভোটাৰেই আগন্তুক বিধানসভা নির্বাচনত প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ উল্লেখ্য যে ২০২১ চনৰ নির্বাচনত মুঠ ২,২০,৪৯,৫৬৮গৰাকী ভোটাৰৰ বিপৰীতে প’লিং হৈছিল ১,৯০,০৩,০২২টা ভোট৷ ভোটৰ হাৰ আছিল অভিলেখসংখ্যক ৮৬.২ শতাংশ৷

কিন্তু এইবাৰৰ নির্বাচনৰ প্রচাৰৰ গতিবিধি পর্যবেক্ষণ কৰি পূর্বানুমান কৰিব পৰা যায় যে ২০২৬ৰ নির্বাচনত ভোটদানৰ হাৰে ২০২১ক অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like