নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ তাৰকা গ’লফাৰ টাইগাৰ উডছ

ডিজিটেল ডেস্ক, ২৯ মার্চ : তাৰকা গ’লফাৰ টাইগাৰ উডছক সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ কৰা হয়৷ খবৰ অনুসৰি শুকুৰবাৰে ফ্ল’ৰিডাত সংঘটিত হয় এই ঘটনা৷ উডছৰ গাড়ীখন তেওঁৰ ঘৰৰ সন্মুখত বাগৰি পৰে যদিও উডছে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে৷

এই কাণ্ডৰ পিছত উডছক সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ কৰা হয়৷ শুকুৰবাৰে জে’লত ৰাতিটো কটাবলগীয়া হৈছিল৷ অৱশ্যে শনিবাৰে তেওঁক জে’লৰ পৰা মুকলি কৰি দিয়া হয়৷

সূত্র অনুসৰি, স্থানীয় সময় অনুসৰি শুকুৰবাৰে বিয়লি ফ্ল’ৰিডাৰ জুপিটাৰ দ্বীপত সংঘটিত হয় এই ঘটনা৷ উডছৰ গাড়ীখনে অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে পিছফালৰ পৰা এখন গাড়ীত খুন্দা মাৰে৷ ইয়াৰ পিছত উডছৰ গাড়ীখন বাগৰি পৰে৷

আৰক্ষীয়ে দাবী কৰিছে যে দুর্ঘটনাৰ পিছত উডছে নিজেই গাড়ীৰ পৰা নামিছিল৷ উডছে সুৰাপান কৰি গাড়ী চলাইছিল৷ যদিও অনুসন্ধানৰ সময়ত উডছৰ গাড়ীত কোনো ড্রাগ্ছ পোৱা নগ’ল৷ আকৌ উডছে নিজেই প্রস্রাৱ পৰীক্ষা দিবলৈ অস্বীকাৰ কৰিলে৷ তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰা হৈছিল৷

You might also like