নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ ব্যাপক প্ৰচাৰ অভিযান

ডিজিটেল ডেস্ক, গোলাঘাট, ২ এপ্ৰিল : ‘উন্নয়ন আৰু আধুনিক গোলাঘাটৰ প্ৰগতি ত্বৰান্বিত কৰাৰ গঠনমূলক শ্ল’গানেৰে ষষ্ঠবাৰৰ বাবে গোলাঘাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগে ব্যাপক প্ৰচাৰ অভিযানেৰে নিৰ্বাচনী বতাহ শাসকীয় বিজেপি দলৰ সপক্ষে নিবলৈ সক্ষম হৈছে।‌ সমষ্টিটোৰ গাঁৱে-ভূঞে ,চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলি গোলাঘাট পৌৰসভা এলেকাৰ অন্তিমখন প্ৰচাৰ সভা ১২ নম্বৰ ৱাৰ্ডৰ বক্সিং ক্লাবৰ সমীপৰ ৰাজহুৱা ভৱনত আয়োজিত নিৰ্বাচনী সভাত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজন্তা নেওগক ৰাইজে বিপুল আদৰণি জনায়।‌

উল্লেখ্য যে গোলাঘাট নগৰক ৰাজ্যখনৰ ভিতৰতে আদৰ্শ নগৰ হিচাপে গঢ়ি তোলাৰ খনিকৰ হিচাপে মন্ত্ৰী অজন্তা নেওগক উন্নয়ন আৰু প্ৰগতি অধিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত নগৰবাসীয়ে ষষ্ঠবাৰৰ বাবে প্ৰতিনিধি হিচাপে সপক্ষে ৰায়দান কৰাৰ নিৰ্বাচনী ছবিখন প্ৰায় স্পষ্ট হৈ পৰিছে।

নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে ৰাইজক উদ্দ্যেশ্যি কয় যে গোলাঘাট নগৰখনক লৈ মই সপোন দেখোঁ। এখন আধুনিক গোলাঘাট নিৰ্মাণ আৰু ৰাজ্যখনৰ ভিতৰতে আদৰ্শ নগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিগত দিনসমূহত নিষ্ঠা, সততা আৰু দৃঢ়তাৰে কাম কৰি আহিছোঁ।‌ গোলাঘাট সমষ্টিয়েই হৈছে মোৰ আপোন ঘৰ। ৰাইজ হৈছে মোৰ নিজা পৰিয়াল। সমষ্টিটোৰ পৰা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অহাৰ পাছৰে পৰা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে দিনে-নিশাই কাম কৰিছোঁ। এই ক্ষেত্ৰত কোনোদিনেই আপোচ কৰা নাই। ৰাইজে যেনেদৰে মৰম-স্নেহ, আশীৰ্বাদ দিছে, ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ। কোনোবা জনমৰ পুণ্যৰ ফলতহে যেন মই গোলাঘাটবাসীক সেৱা কৰিবলৈ সুযোগ লাভ কৰা বুলি মন্তব্য কৰে।

এই নিৰ্বাচন খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ নিৰ্বাচন। অসমীয়া জাতি, জাতীয় জীৱনক শক্তিশালী কৰাৰ উদ্দেশ্যে বিজেপি মিত্ৰজোঁটৰ সপক্ষে ৰাইজক থিয় হ’বলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ এখন শক্তিশালী চৰকাৰ অসমত প্ৰতিষ্ঠা হোৱাটো নিশ্চিত বুলিও তেওঁ ঘোষণা কৰে।‌

উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিত বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তৃতীয়বাৰৰ বাবে বিতোপন শইকীয়া, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজেপিৰ প্ৰাক্তন নেতা ৰুবুল বৰা আদি অৱতীৰ্ণ হৈছে। কিন্তু বিজেপি প্ৰাৰ্থী মন্ত্ৰী অজন্তা নেওগৰ সমুখত বিশেষ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰাৰ সম্ভাৱনা নাই। মূলতঃ সমষ্টিটোত বিজেপি প্ৰাৰ্থী মন্ত্ৰী অজন্তা নেওগ আৰু কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ মাজতেই দুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ  নিৰ্বাচনী প্ৰতিচ্ছবি স্পষ্ট হৈছে।

You might also like