নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চূড়ান্ত হ’ল ফিফা বিশ্বকাপ ফুটবলৰ ৪৮টা দল

ডিজিটেল ডেস্ক, ২ এপ্রিল : চূড়ান্ত হ’ল ফিফা বিশ্বকাপ ফুটবলৰ ৪৮টা দল৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ফুটবলত ভাগ ল’বলগীয়া ৪৮টা দলক ১২টা গ্রুপত ভাগ কৰা হৈছে৷ ইৰাকে অন্তিমটো দল হিচাপে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে যদিও চাৰিবাৰৰ চেম্পিয়ন ইটালীয়ে অপ্রত্যাশিতভাৱে প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হয়৷

জুন–জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ গ্রুপ পর্যায়ৰ চূড়ান্ত সূচীও প্রস্তুত কৰা হৈছে৷ প্রতিযোগিতাখনৰ ফাইনেল মেচখন ১৯ জুলাইত অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে ৪৮খন দেশৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ দেশৰ সংখ্যাৰ লগে লগে বিশ্বকাপত খেলৰ সংখ্যাও বৃদ্ধি পাব৷ এতিয়ালৈকে ৩২টা দলৰ মাজত অনুষ্ঠিত বিশ্বকাপত ৬৪খন খেল অনুষ্ঠিত হৈছিল৷ এইবাৰ ৮০খন খেল অনুষ্ঠিত হ’ব৷

প্রতিযোগিতাখনৰ গ্রুপ পর্বৰ সূচী হ’ল এনেধৰণৰ– গ্রুপ এত মেক্সিকো, দক্ষিণ আফ্রিকা, দক্ষিণ কোৰিয়া, চেক গণৰাজ্য, গ্রুপ বিত কানাডা, বছনিয়া আৰু হার্জেগ’ভিনা, কাটাৰ, ছুইজাৰলেণ্ড, গ্রুপ চিত ব্রাজিল, মৰক্কো, হাইটি, স্কটলেণ্ড, গ্রুপ ডিত আমেৰিকা, পাৰাগুৱে, অষ্ট্রেলিয়া, তুৰস্ক, গ্রুপ ইত জার্মানী, কুৰাকাও, আইভৰি কষ্ট, ইকুৱেডৰ, গ্রুপ এফত নেদাৰলেণ্ডছ, জাপান, ছুইডেন, টিউনিছয়া, গ্রুপ জিত বেলজিয়াম, ইজিপ্ত, ইৰান, নিউজিলেণ্ড, গ্রুপ এইচত স্পেইন, কেপ ভার্ডে, ছৌদি আৰব, উৰুগুৱে, গ্রুপ আইত ফ্রান্স, ছেনেগাল, ইৰাক, নৰৱে, গ্রুপ জেত আর্জেণ্টিনা, আলজেৰিয়া, অষ্ট্রিয়া, জর্দান, গ্রুপ কেত পর্তুগাল, কংগো, উজবেকিস্তান, কলম্বিয়া আৰু গ্রুপ এলত ইংলেণ্ড, ক্র’ৱেছিয়া, ঘানা আৰু পানামা৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ উদ্বোধনী মেচথনত মেক্সিকোৱে দক্ষিণ আফ্রিকাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like