ধুৰন্ধৰ–৩
🔹 মনোজ কুমাৰ বৰঠাকুৰ
নির্বাচন আহিলে হঠাতে অসমত এচাম মানুহ ওলায় যিসকলক ধুৰন্ধৰ–৩ বুলি কৈছোঁ কেইবাটাও কাৰণত৷ অৱশ্যে, ধুৰন্ধৰৰ আভিধানিক অর্থ ব্লকবাষ্টাৰ হিন্দী চিনেমাখনত দেখুওৱাৰ দৰে অতিকৈ দক্ষ, নির্দিষ্ট কার্য সম্পাদনত নিপুণ যদিও ইয়াক আমি অসমীয়াই বেয়া কামত সিদ্ধহস্ত বুলিহে বুজোঁ ৷ এইসকল লোক সাধাৰণতে সাহিত্য-সংস্কৃতি বা শিক্ষাদানৰ ক্ষেত্রখনত সদাব্যস্ত এক বিশেষ বাকধাৰা সৃষ্টি কৰাত৷ বাকধাৰাটো হ’ল গণতান্ত্রিক পদ্ধতিৰে প্রতিষ্ঠিত সকলো অনুষ্ঠান–প্রতিষ্ঠানক নিৰাপদ দূৰৈৰ পৰা সমালোচনা কৰা, আক্রমণ কৰা আৰু একপ্রকাৰ নৈৰাজ্যৰ ভাব নতুন পুৰুষৰ মনত প্রোথন কৰা৷ ক্ষমতাত বা শাসনত যিয়েই নাথাকক, সেইসকল যেন সর্বসাধাৰণৰ শত্রু, নিষ্পেষণকাৰী, প্রজাৰ দুখ–দুর্দশাৰ প্রতি উদাসীন, ভণ্ড, অপৰাধী আৰু দুৰাচাৰী, তেনে এক বাকধাৰাৰ সৃষ্টি কৰি নতুন প্রজন্মৰ মন–মগজু খং–ক্ষোভ আৰু ঘৃণাৰে ভৰাই তোলে৷ আধুনিক যুগৰ, বিশেষকৈ শিল্প বিপ্লৱৰ প্রাৰম্ভৰে পৰা সমাজবাদী চিন্তা–চর্চাই সকলো সামাজিক বিষয় আৰু কাম–কাজত অগ্রাধিকাৰ পাই আহিছে৷ সমাজৰ উত্তৰণত পুঁজিৰ ব্যাপক ব্যৱহাৰৰ দ্বাৰা সৃষ্টি হোৱা উচ্চ মধ্যবিত্ত আৰু ধনিক শ্রেণীৰ উত্থান, শ্রমজীৱীৰ শ্রম শোষণ, কৃষকৰ দুৰৱস্থাৰ অৱসানৰ বাবে ৰবার্ট অ’ৱেন, পি জে প্রউধান, ছেইণ্ট ছাইমন, লুই ব্লেংক, কার্ল মার্ক্স, এঞ্জেল্ছ আদি যুগন্ধৰ সমাজবাদী চিন্তানায়কৰ শ্রেণীদ্বন্দ্ব, শ্রেণী সংঘাত, ভয়াৱহ সর্বাত্মক হিংসাশ্রয়ী বিপ্লৱৰ যোগেদি নতুন সমাজ বা ইউট’পিয়ান কমিউনিজম প্রতিষ্ঠাৰ আদর্শকে একমাত্র মানৱ সমাজ উন্নয়নৰ চাবিকাঠী বুলি গোঁৱাৰৰ দৰে ভাবি অহৰহ নতুন প্রজন্মক প্রৰোচনা কৰি নিজে পুঁজিবাদী সমাজখনে আগবঢ়োৱা সকলো সা–সুবিধা, ধন–সম্পদ কুক্ষিগত কৰি থকাসকলেই হ’ল আমি ক’ব খোজা ধুৰন্ধৰ–৩, যি সকলোৰে মাজতে ভদ্রলোক হৈ থাকি সমাজখন ভিতৰৰ পৰা গেলাই পেলায়৷ এইসকল ধুৰন্ধৰ–৩ প্রখ্যাত বুদ্ধিজীৱী সম্পূর্ণ স্ব–ধর্মবিৰোধী আৰু নিজকে ধর্মৰহিত আধুনিক বৈজ্ঞানিক সমাজৰ প্রতিভূ বুলি ভাবে আৰু বাকী সকলো ধীমান বুদ্ধিজীৱী বা সমাজ সচেতন ব্যক্তিকে পুজিঁবাদৰ প্রবক্তা, শাসকৰ উচিষ্টভোজী বুলি সর্বদা উপহাস কৰে৷ প্রতিটো নির্বাচনৰ আগে আগে এই ধুৰন্ধৰ–৩ বুদ্ধিজীৱীসকলে শুই থকাৰ পৰা এঙামুৰি দি উঠে আৰু সংবাদ মাধ্যমৰ সকলো অংগকে প্রভাৱান্বিত কৰিবলৈ উদ্ধৃতিসর্বস্ব বিশালাকায় নিবন্ধ লিখে আৰু মানৱ সমাজক পুঁজিবাদী হাতোৰাৰ পৰা মুক্ত কৰাৰ আহ্বান জনায় আৰু অকল বাঁও আৰু গণতান্ত্রিক দলক নহ’লে কংগ্রেছকহে ভোটদান কৰি বিজয়ী কৰিবলৈ কাতৰ আহ্বান জনায়৷ যেতিয়া নামৰ আগত ডক্টৰেট ডিগ্রী থকা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ প্রবক্তা এজনে একেবাৰে সমাজখনৰ নির্মোহ অভিভাৱকৰ দৰে কথাবোৰ কয় বা লিখে, সাধাৰণ জনতাই ওৰণিৰ আঁৰৰ বা বোর্খাৰ মাজৰ আচল ব্যক্তিজনৰ মানসিকতা ধৰিব নোৱাৰে৷ সেইসকল কিন্তু বামপন্থী ৰাজনৈতিক দল–সংগঠনৰ সদস্য নহয় বা ৰাইজৰ দলৰো সদস্য নহয়, কোনো ৰাজনৈতিক ৰেলী বা জনসভাত অংশগ্রহণ নকৰে৷ তেওঁলোক বিষ্ণু ৰাভা বা হেমাংগ বিশ্বাসৰ দৰে সৎ আৰু সাহসী বামপন্থী নেতা বা চিপিআই, চিপিএম আদি দলৰ শ্রদ্ধেয় সাধাৰণ সদস্যসকলৰ দৰে নহয়, যি আজীৱন এটা আদর্শকে খামুচি ধৰি সকলো ত্যাগ কৰি যায় বৈষয়িক লাভ লোকচান বা পৰিয়ালৰ কথাও নভবাকৈ৷ সেই তথাকথিত ধর্মনিৰপেক্ষ সর্বাধুনিক চিন্তাবিদসকল বিষাক্ত কীটৰ দৰে, যাৰ ওচৰলৈ গ’লে বা সান্নিধ্যলৈ আহিলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ নতুন, কোমল বয়সৰ, জ্ঞানপিপাসু সৰলমনা, ল’ৰা–ছোৱালীবোৰে সকলো কথা ওলোটাকৈ ভাবিবলৈ আৰম্ভ কৰে, সনাতন সংস্কৃতিয়ে শিকোৱা নীতিবোধ, নীতিকথা, সমাজ আচাৰ সকলো দলিয়াই পেলাবলৈ উদ্যত হয়৷ সমাজখন ভাঙি–ছিঙি নতুনকৈ বনোৱাৰ বাবে জীৱন উৎসর্গা কৰিবলৈ উদ্যত হয়৷ তেওঁলোকক সেই ধর্মনিৰপেক্ষই নহয়, ধর্মবিৰোধী বুদ্ধিজীৱীবোৰে এটা কথা নকয় যে সমাজ ভাঙিবলৈ, মানুহ মাৰিবলৈ বৰ সহজ, কিন্তু সমাজ গঢ়িবলৈ বৰ টান, মানুহ এজন জীয়াই তোলা অসম্ভৱ৷ পৃথিৱীত ধ্বংসৰ যোগেদি, ৰক্তপাতৰ মাজেদি যিবোৰ সমাজ স্থাপন হৈছিল সকলো ভাঙি পৰিল ৰক্তপাতৰ মাজেদিয়েই৷ ভয়াৱহ ৰক্তপাতৰ পিছতো কিন্তু কাংক্ষিত সুষম, সকলোৰে সমানাধিকাৰ, সমমর্যাদা থকা সমাজখন নাহে, যেনেকৈ ভাৰতত নাহিলে দশক দশকজোৰা সাম্যবাদী, সমাজবাদী, মাওবাদী বৈপ্লৱিক কার্যকালাপ, নৰসংহাৰৰ পিছতো৷ উদাহৰণ ওড়িশা, ঝাৰখণ্ড, বিহাৰ, বংগৰ নক্সালবাদী আৰু মাওবাদী বিপ্লৱৰ কৰুণ ইতিহাস৷ শত–সহস্র সুঠাম, তজবজীয়া, ডেকা–গাভৰু আৰু বিদ্রোহ দমনৰ বাবে আগবাঢ়ি যোৱা সেনা জোৱানৰ ৰক্তৰে ৰঞ্জিত ঝাৰখণ্ডৰ বাস্তাৰ জিলাৰ দৰে ঠাইবোৰৰ ছবি দেখিলে সকলো অনুভূতিপ্রৱণ স্বদেশপ্রেমী মানুহৰে বুকু কঁপি উঠে, নুঠে সেই ধুৰন্ধৰসকলৰ, যিবোৰৰ কলিজা গোপন অভীপ্সাৰে, জাতিধ্বংসৰ সংকল্পৰে খামিডাঠ৷
এই দীঘলীয়া অৱতাৰণা কৰিব লগা হ’ল এটা বিশেষ কাৰণত৷ বিগত দিনচেৰেক উভতি চালে সকলোৱে দেখিব যে প্রতিঘৰ অসমীয়া মানুহৰে ঘৰৰ সন্তান, অসমৰ সূর্যকণ্ঠ, হূদ্স্পন্দন জুবিন গার্গৰ অকাল আৰু অনাকাংক্ষিত মৃত্যুৰ পিছত, এচাম মানুহ হঠাৎ আচৰিত ধৰণে সক্রিয় হৈ উঠে জুবিনৰ ন্যায় বিচাৰৰ দাবীত, যিসকলে জুবিন জীয়াই থাকোঁতে, সহস্র মঞ্চত গান গাই ভাগৰি পৰোঁতে এবাৰো কাষলৈ অহা নাছিল, মাত এষাৰ দিয়া নাছিল৷ কাষত আছিল শত–সহস্র জুবিনৰ গুণমুগ্ধ ফেন ক্লাবৰ নিঃস্বার্থ সদস্যসকল৷ জুবিনে যি সময়ত খীণ–মীন ভাগৰুৱা দেহাটিৰেই প্রাণে–মনে ভালপোৱা অসমখনক বিশ্ব সংস্কৃতিৰ বৰঘৰলৈ আগুৱাই নিবলৈ নিশা নিশা নোশোৱাকৈ অহোপুৰুষার্থ কৰিছিল, হাজাৰ হাজাৰ গান গাই, লিখি, সুৰ সংযোজন কৰি বিশ্ববাসীক অবাক কৰিছিল, সেই সময়ত এই বুদ্ধিজীৱীগণে জুবিনৰ দুর্নাম ৰটিছিল৷ আজি তেওঁলোকে জুবিনক ন্যায় দিব লাগে বুলি চিঞৰিছে, ৰাজনৈতিক মঞ্চখনত জুবিনৰ ফটো লগাই চাকি–বন্তি দিছে যাতে তেওঁলোকৰ বা তেওঁলোকে সমর্থন কৰা ৰাজনৈতিক দলটো ক্ষমতালৈ আহে৷ খেনোৱে জুবিনৰ ওপৰত কিতাপ লিখি বেপাৰত লাগিছে ঢৌতে খৰ মাৰি দুপইচা ঘটিবলৈ৷ সেইসকল ধুৰন্ধৰ বুদ্ধিজীৱীৰ বিশুদ্ধ ৰাজনৈতিক চাল, অভিসন্ধি আজিৰ প্রজন্মই নিশ্চয় লক্ষ্য কৰি আছে আৰু আমি ভাবোঁ সঠিক সময়তে উচিত পদক্ষেপ গ্রহণ কৰি স্বদেশ আৰু স্বজাতিক ৰক্ষা কৰিব৷
লেখক প্রাণৰ শিল্পী জুবিন গার্গৰ খুৰাক
ফোন : ৯৯৫৪৪–৩১৫৫২