সম্পাদকীয় : যুদ্ধ আৰু শান্তি
শান্তিৰ অর্থ কেৱল যুদ্ধৰ অনুপস্থিতি নহয়, শান্তিৰ অর্থ ন্যায়, সমতা আৰু মর্যাদাসহকাৰে জীয়াই থকাৰ অধিকাৰ৷ ভোকাতুৰ শৰীৰত, বঞ্চিত মনত শান্তিৰ অস্তিত্ব নাথাকে৷ গতিকে প্রকৃত শান্তি কামনা কৰিলে আমি দৰাচলতে যুঁজিব লাগিব দৰিদ্রতাৰ বিৰুদ্ধে– বৈষম্য আৰু অশিক্ষাৰ বিৰুদ্ধে৷ মহাত্মা গান্ধীয়ে কৈ গৈছে যে চকুৰ সলনি চকু কাঢ়িলে সমগ্র পৃথিৱীৰ দৃষ্টি হেৰাব৷ বর্তমান পৰিস্থিতিত এই কথাষাৰ পূর্বতকৈ অধিক প্রাসংগিক৷ প্রবল শক্তিধৰ ৰাষ্ট্রৰ শীর্ষ নেতা মদগর্বিতা আৰু ঘৃণাৰ ৰাজনীতিৰ বিষম পৰিণতি যুদ্ধৰ ভয়ংকৰ প্রভাৱত দগ্ধ হয় জনসাধাৰণ৷ পাৰমাণৱিক অস্ত্রৰ যুগত আৰু এখন বিশ্বযুদ্ধৰ সূত্রপাত মানে মানৱ সভ্যতাৰ সমাপ্তি৷ যুদ্ধ আৰু শান্তি হ’ল চিৰন্তন দ্বন্দ্ব৷ মানৱ সভ্যতাৰ ইতিহাস প্রকৃততে যুদ্ধ আৰু শান্তিৰ ইতিহাস৷ সেই তাহানিৰ কলিংগ যুদ্ধৰ কথা এইখিনিতে উনুকিয়াব পাৰি৷ পৰম প্রতাপী মৌর্য সম্প্রাট অশোক কলিংগ ৰাজ্য আক্রমণ কৰি অলেখ সৈন্যৰ প্রাণ হৰণ কৰিও যুদ্ধক্ষেত্রত পৰি ৰোৱা দ’ম দ’ম মৃতদেহ, তেজৰ ডোঙা দেখি বিচলিত হৈ পৰে৷ নিৰীহ লোকৰ হত্যাকাণ্ডৰূপে তীব্র অনুশোচনাত ভোগাৰ পাছত অশোক হৈ পৰে বৌদ্ধধর্মৰ অনুগামী৷ জিঘাংসু প্রবৃত্তি ত্যাগ কৰি সম্রাট অশোক পৰৱর্তী জীৱনত পৰম ধার্মিক হৈ পৰে আৰু ধর্মপ্রচাৰ তথা জনকল্যাণমূলক কর্মত প্রবৃত্ত হয়৷ এমে হূদয় পৰিৱর্তন ৰত্নাকৰ–বাল্মীকিৰ কাহিনীৰ লগতহে তুলনীয় যদিও লিখিত বুৰঞ্জীত এনে ঘটনা বিৰল৷ বিশ্ব সাহিত্যত মহত্ত্বমৰূপে পৰিগণিত হোৱা মনীষী লি’ টলষ্টয়ৰ ‘ৱাৰ এণ্ড পীচ’ উপন্যাসখনৰ কাহিনীয়ে যুদ্ধ আৰু শান্তিৰ শ্বাশ্বত দ্বন্দ্বৰ কথা সোঁৱৰায়৷ ফৰাচী সম্রাট নেপোলিয়নৰ ৰাছিয়া আক্রমণৰ পটভূমিত (১৮০৫–১৮১২) ৰচিত হ’লেও টলষ্টয়ে কোনো প্রচলিত ঐতিহাসিক মহাকাব্য লিখা নাছিল৷ বৰঞ্চ তেওঁ যুদ্ধক দেখুৱায় নিৰর্থক কথাৰ সমষ্টিৰূপে৷ বিশৃংখল আদেশ, হেৰাই যোৱা বার্তাবাহক, সৈন্যসকলে নাজানেই তেওঁলোকে কিয় যুদ্ধ কৰিছে৷ টলষ্টয়ে অতি স্পষ্টতাৰে নিজৰ বক্তব্য দাঙি ধৰিছে– ইতিহাস মহান ব্যক্তিসকলে প্রস্তুত নকৰে৷ ইতিহাসবিদসকলে ইতিহাসক ওলোটাকৈ লিখে–ফলাফল দেখি উদ্দেশ্য আৰোপ কৰে অথচ বাস্তৱ ক্ষেত্রত সেয়া আছিল লাখ লাখ অসংলগ্ণ মানৱীয় কর্মৰ সমষ্টি৷ যুদ্ধৰ পটভূমিৰ বিপৰীতে টলষ্টয়ে শান্তিৰ কথা কয়–সেয়া পাৰিবাৰিক জীৱন, প্রেম, সুখ–দুখ, প্রাত্যহিকতাৰ কাহিনী৷ উপন্যাসৰ মর্মস্পর্শী মুহূর্তবোৰ যুদ্ধ ক্ষেত্রৰ নহয় চ’ৰাঘৰত, সন্তান জন্মৰ সময়ত নীৰৱতাৰ কোলাত, সাধাৰণ কথোপকথনত ফুটি উঠে এই আন্তৰিক ক্ষণবোৰ৷
এই উপন্যাসে ক্ষমতাৰ প্রতি সংশয় জন্মায়, জটিলতাৰ প্রতি ধৈর্য শিকায় আৰু সাধাৰণ জীৱনৰ প্রতি শ্রদ্ধা জগায়৷ নৈতিকভাৱে উপন্যাসে সক্রিয় নায়কক নহয়, গ্রহণযোগ্য নায়কক মূল্য দিয়ে৷ যোগেশ দাসৰ ‘জাৱৰ আৰু নাই’ৰ কেন্দ্রীয় চৰিত্র বাখৰ হ’লেও, আমি ক’ব পাৰোঁ যে দৰাচলতে যুদ্ধৰ পৰিণতি আৰু প্রভাৱেহে সমগ্র উপন্যাসখনক আচছন্ন কৰি ৰাখিছে৷ পৰিস্থিতিৰ দাস হৈ পৰা বাখৰকো সেয়ে আমি গ্রহণ কৰিব পাৰো৷ কাৰণ যুদ্ধ পৰিস্থিতিৰ প্রভাৱত স্তিমিত হৈ পৰা বাখৰৰ গ্রহণযোগ্যতা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ তেনেদৰে ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ গল্প ‘যীশুখ্রীষ্টৰ ছবি’ত ইংৰাজ সৈনিকৰ শিশু কন্যাৰ ৰোমন্থনৰ মর্মস্পর্শী কাহিনীয়ে যুদ্ধৰ পৰিণতিৰ কাৰুণ্য প্রতিফলিত কৰে৷ একে লেখকৰ ‘এজনী জাপানী ছোৱালী’ত পাৰমাণৱিক আক্রমণৰ ভয়াৱহতা ফুটি উঠিছে৷ এনেদৰে যুদ্ধবিদীর্ণ মানৱৰ হাহাকাৰ আৰু সভ্যতাৰ প্রতি ভাবুকি যুগে যুগে সাহিত্যত প্রতিফলিত হৈ আহিছে৷ তথাপি মানুহে শিকনি নলয়৷ কাৰণ এটা কথা ধ্রুৱসত্য যে ইতিহাসে আমাক শিকায় যে ইতিহাসে আমাক একো নিশিকায়৷ অর্থাৎ ইতিহাস চিহ্ণিত পৰিহার্য বিষয়বোৰ আমি কেতিয়াও পৰিহাৰ নকৰোঁ, বৰং ইতিহাসৰ পুনৰাবৃত্তিহে পৰিলক্ষিত হয়৷ সাম্প্রতিক বিশ্বত যুদ্ধৰ প্রকৃতি সলনি হৈছে৷ বর্তমান যুদ্ধ কেৱল ৰণক্ষেত্রত নহয়, চাইবাৰ আক্রমণ, অর্থনৈতিক অৱৰোধ, ভুৱা প্রচাৰ–পপ্রচাৰৰ যুঁজ চলে কিন্তু ইয়াৰ ফল একেই–সর্বসাধাৰণৰ দুর্ভোগ৷ এয়া মর্মান্তিক, কোনোপধ্যে মানি ল’ব পৰা নাযায়৷ বাস্তৱ ক্ষেত্রত যুদ্ধৰ মূল্য দিব লগা হয় নিৰীহ জনসাধাৰণে, যুদ্ধপিপাসু নেতাসকলে নহয়৷ যুদ্ধই কেতিয়াও কোনো সমস্যাৰেই স্থায়ী সমাধান দিব নোৱাৰে৷ সাময়িক বিজয় আহিলেও এৰি থৈ যায় অমোচনীয় কৰুণ গাথা–ধ্বংসস্তূপ, অনাথ শিশু, স্মামীহাৰা নাৰী, প্রজন্মজুৰি ঘৃণা–প্রতিশোধৰ বীজ৷ প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণাম কি সেয়া আমি আটায়ে দেখিছোঁ৷ কোটি কোটি প্রাণৰ বিনিময়ত পালোঁ কি আমি? কেৱল নতুন ভৌগোলিক সীমা, নতুন শত্রুতা৷ মানৱ সভ্যতাৰ ইতিহাস প্রকৃততে যুদ্ধ আৰু শান্তিৰ ইতিহাস৷ এফালে সাম্রাজ্য গঢ়া বা আধিপত্য বিস্তাৰৰ লোভ, ক্ষমতাৰ অহংকাৰে ধর্ম–জাতি–ভাষাৰ সংঘাত যি যুগে যুগে ৰক্তপাত নমাই আহিছে ৰক্তক্ষয়ী ইতিহাসৰ বিপৰীতে অশোক, বুদ্ধ, টলষ্টয়, গান্ধীৰ দৰে মানুহ যিসকলে অস্ত্রৰ সলনি অহিংসা, ঘৃণাৰ সলনি প্রেমক পথৰূপে বাছি লৈছে৷ সাম্প্রতিক বিশ্বত আটাইতকৈ প্রাসংগিক হ’ব যদি ৰাষ্ট্রনেতা আলোচনাক অস্ত্রৰ বিকল্পৰূপে ভাবে, কূটনীতিক যদি দুর্বলতাৰ পৰিৱর্তে প্রজ্ঞাৰ অন্য ৰূপ বুলি গ্রহণ কৰে৷ আমাৰ কাম হ’ব ঘৃণাৰ ৰাজনীতি প্রত্যাখ্যান কৰি সহমর্মিতাৰ সংস্কৃতি গঢ়ি তোলা৷ যুদ্ধই ইতিহাসৰ সৃষ্টি কৰে, শান্তিয়ে ভৱিষ্যৎ গঢ়ে৷ সিদ্ধান্ত আমাৰ হাতত– কোন পথে আমি আগবাঢ়িম৷