নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই অনা অভিযোগ সন্দৰ্ভত দেওবাৰে নিশা ১২.৩০ বজাত ক্ৰাইম ব্ৰাঞ্চত পৱন খেড়াৰ বিৰুদ্ধে গোচৰ তৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। উল্লেখ্য যে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপ’ৰ্ট থকাৰ কংগ্ৰেছ নেতা পৱন খেড়াই যি অভিযোগ তুলিছিল, সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰে ৰিণিকি ভূঞা শৰ্মাই।

অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰি ৰিণিকি ভূঞা শৰ্মাই কয়- এনে মিছা কথা মই জীৱনত কেতিয়াও শুনা নাই। ৩খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা। পাছপ’ৰ্টকেইখন সম্পূৰ্ণ এআই জেনেৰেটেড আৰু ফটোশ্বপ কৰি কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো এজেণ্ডা নাই। সেয়ে মোক ছফট টাৰ্গেট কৰি লৈছে। কোনো মগজু থকা মানুহে এনে কাম নকৰে। এতিয়া আৰক্ষীত গোচৰ দিয়া হৈছে। তেওঁলোকে সকলো চালি-জাৰি চাই তদন্ত কৰিব আৰু দোষীয়ে শাস্তি পাব লাগিব।

৫২ হাজাৰ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনেকুৱা হ’লে ৩-৪খন ৰাজ্য মোৰ অধীনত থাকিলে হয়। মিছা কথা ক’লেও এটা সীমা থাকিব লাগে। এতিয়া সকলো আইনীভাৱে আগবাঢ়িব। কংগ্ৰেছৰ এই অভিযোগ মিছা আৰু ভিত্তিহীন।

You might also like