নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানত সন্ধানহীন পাইলট উদ্ধাৰ অভিযানত আমেৰিকাৰ ব্যয় ৮৫০ কোটি টকা

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল : চিনেমাৰ কায়দাৰে ইৰানত সন্ধানহীন হোৱা পাইলটক উদ্ধাৰ কৰিলে আমেৰিকাই। শুকুৰবাৰে আমেৰিকাৰ যুদ্ধ বিমান F-15E ইৰানে আক্ৰমণ কৰি ভূপতিত কৰাৰ পিছৰে পৰা নিখোজ হৈ আছিল বিমানখনৰ এজন পাইলট। অৱশেষত প্ৰায় ২৪ ঘণ্টাৰ পাছত তেওঁক উদ্ধাৰ কৰে আমেৰিকান সেনাই। পিছে এই উদ্ধাৰ অভিযানত আমেৰিকাই বহু পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়।

শত্ৰুৰাষ্ট্ৰ ইৰানৰ পাহাৰৰ আঁৰত লুকাই থকা পাইলটজনক উদ্ধাৰৰ বাবে আমেৰিকাই পাঁচখন বিমান ব্যৱহাৰ কৰিছিল। তথ্য অনুসৰি, এই অভিযানত আমেৰিকাই নিজেই নিজৰ দুখন সামৰিক বিমান ধ্বংস কৰিবলগীয়া হয়। যাৰ মূল্য প্ৰায় ১০০ মিলিয়ন ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৫০ কোটি টকা।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত এজন আমেৰিকান বিষয়াই জনায় যে এই অভিযানত আমেৰিকাৰ দুখন MC-130J বিমানে অংশগ্ৰহণ কৰিছিল। শত্ৰুৰ এলেকাত প্ৰৱেশ কৰি পাইলটজনক উদ্ধাৰ কৰি আনিবলৈ এই বিমান ব্যৱহাৰ কৰা হৈছিল। ইৰানৰ এটা পৰিত্যক্ত ঘাটিত এই বিমানসমূহ অৱতৰণ কৰোৱা হৈছিল। অৱতৰণৰ পিছত বিমান দুখনত সমস্যাই দেখা দিয়ে। বহু চেষ্টা কৰাৰ পাছতো এই বিমান দুখনৰ উৰণ সম্ভৱ নহ’ল। এই পৰিস্থিতিত শত্ৰুৰ হাতত গোপন প্ৰযুক্তি পৰি যোৱাৰ আশংকাৰ বাবেই বাধ্য হৈ আমেৰিকান সেনাই বিমান দুখন সেই ঠাইতেই ধ্বংস কৰি এৰি আহিবলগীয়া হয়।

You might also like