নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিজেপি আৰু কংগ্রেছৰ ইস্তাহাৰ

জাতীয়তাবাদী ভাবাৱেগক উপেক্ষা কৰি ক্ষমতা দখলৰ ৰাজনীতিৰ দিন উকলিল৷ দেশৰ ৰাজনীতিত চাৰি দশক পূর্বে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ জাতীয়তাবাদী ৰাজনীতিয়ে বিশেষ স্থান দখল কৰিছিল যদিও এতিয়া অধিকাংশ ৰাজ্যতে আঞ্চলিক দলসমূহে বিপর্যয়ৰ সন্মুখীন হৈছে৷ গণতান্ত্রিক ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ শক্তি নিৰূপণ কৰে নির্বাচনসমূহৰ জনাদেশৰ ভিত্তিত৷ নির্বাচন প্রক্রিয়াক স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ নির্বাচন আয়োগে এই সময়ছোৱাত নেৰানেপেৰা চেষ্টা চলাইছে যদিও প্রকৃতার্থত জনপ্রতিনিধি বাছনি প্রক্রিয়া ব্যয়বহুল হৈছে৷ এনে পৰিস্থিতিৰ সুযোগ লৈছে ৰাষ্ট্রীয় দলসমূহে৷ ক্ষমতা দখলৰ অংকত ৰাষ্ট্রীয় দলসমূহেও জাতীয়তাবাদীৰ ভাবাৱেগক অগ্রাধিকাৰ প্রদান কৰা পৰিলক্ষিত হৈছে৷ অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নির্বাচনত মূল যুঁজ বিজেপি আৰু কংগ্রেছৰ মাজতেই হ’ব৷ ৰাজ্যৰ ৰাজনীতিত প্রথমবাৰৰ বাবে চাৰিটা আঞ্চলিক দলে নির্বাচনী যুঁজত নামিছে৷ ইয়াৰে অসম গণ পৰিষদ আৰু বিপিএফে বিজেপিৰ স’তে মিত্রতা গঢ়াৰ বিপৰীতে অসম জাতীয় পৰিষদে কংগ্রেছৰ স’তে জোঁটবন্ধন গঢ়ি তুলিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল এনডিএৰ অংশীদাৰ যদিও দলটোৱে এইবাৰ অকলশৰীয়াকৈ নির্বাচনী যুঁজত নামিছে৷ ৰাজ্যৰ আঞ্চলিক দলসমূহ সম্প্রতি সর্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ শক্তিৰ ওপৰত নির্ভৰশীল হৈছে৷ ৰাষ্ট্রীয় দলৰ সমর্থন অবিহনে আঞ্চলিক দলসমূহে নির্বাচনী ৰণত সাফল্য লাভ কৰাটো সহজসাধ্য নহয়৷ ইয়াৰ বিপৰীতে আঞ্চলিক দলসমূহক এলাগী কৰিও ৰাষ্ট্রীয় দলসমূহে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ এনে পৰিস্থিতিত ৰাজ্যৰ ৰাজনীতিত ৰাষ্ট্রীয় দল আৰু আঞ্চলিক দলসমূহৰ মাজত জাতীয়তাবাদী ধাৰাৰ ব্যৱধান ক্রমাগতভাৱে হ্রাস পাইছে৷ চলিত বিধানসভা নির্বাচনত বিজেপি আৰু কংগ্রেছৰ নির্বাচনী ইস্তাহাৰ দুখন পৰীক্ষা কৰিলেই এই কথা স্পষ্ট হৈ উঠে৷ বিজেপিয়ে নির্বাচনী সংকল্প পত্রত এইবাৰ ৩১টা প্রতিশ্রুতি পূৰণৰ আশ্বাস দিছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বার্থত এখন বেদখলমুক্ত অসম গঢ়াৰ প্রতিশ্রুতিক সংকল্প পত্রখনত এক নম্বৰ স্থানত অন্তর্ভুক্ত কৰা হৈছে৷ অবৈধ বিদেশীক চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰাৰ লগতে অনুপ্রৱেশকাৰীয়ে বেদখল কৰা সকলো ভূমি বেদখলমুক্ত কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ মিছন বসুন্ধৰাৰ অধীনত খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্রদান কৰাৰো প্রতিশ্রুতি দিয়া হৈছে৷ অসম গতিশক্তি মাষ্টাৰ প্লেনৰ আধাৰত পাঁচ লাখ টকাৰ অসমৰ আন্তঃগাঁথনিত বিনিয়োগৰ সংকল্পও লৈছে বিজেপিয়ে৷ পাঁচ বছৰত ৰাজ্যখনৰ পথ, ৰে’লপথ, বিমানপথ, জলপথৰ উপৰি অসম নগৰ উন্নয়ন অভিযানৰ অধীনত ঔদ্যোগিক চহৰ নির্মাণৰো পৰিকল্পনা লোৱা হৈছে৷ অসমক বানমুক্ত কৰিবলৈ ১৮ হাজাৰ কোটিতকৈও অধিক টকাৰ বানমুক্ত অসম অভিযান আৰম্ভ কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ বিগত পাঁচ বছৰত স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্রত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখন৷ এই সময়ছোৱাত ১ লাখ ৬৫ হাজাৰ যুৱক–যুৱতীক মেধাৰ ভিত্তিত নিযুক্তি প্রদান কৰা হৈছে৷ অহা পাঁচ বছৰত ২ লাখ চৰকাৰী চাকৰিত নিয়োগৰ সংকল্প লৈছে শাসকীয় দলটোৱে৷
মাথোঁ চৰকাৰী চাকৰিৰ জৰিয়তে ৰাজ্যখনৰ কর্মসংস্থাপনহীন যুৱক–যুৱতীসকলক নিয়োগৰ সুবিধা প্রদান কৰাটো সম্ভৱ নহয়৷ যুৱক–যুৱতীসকলৰ মাজত কর্মমুখী যাত্রা আৰু স্বাৱলম্বনৰ পথ মুকলিৰ জৰিয়তেহে ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰি৷ বিজেপি সংকল্প পত্রত এইবাৰ ১০ লাখ যুৱক–যুৱতীক মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযানৰ অধীনত ২০ লাখকৈ বিত্তীয় সাহায্য প্রদান কৰাৰ লগতে সদ্যস্নাতকসকলক চাকৰিৰ বাবে প্রস্তুতি চলাই থকা প্রতিগৰাকীক মুখ্যমন্ত্রীৰ জীৱন প্রেৰণা আঁচনিৰ অধীনত ২৫ হাজাৰ টকাকৈ প্রদান কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ ইয়াৰ উপৰি ৰাজসাহায্যযুক্ত দৰত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল যোগানৰ ব্যৱস্থা কৰাৰ লগতে প্রত্যেকখন জিলাতে এখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা আৰু অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ ৰাজ্যখনৰ বিনামূলীয়া শিক্ষা ব্যৱস্থাক প্রসাৰ কৰিবলৈ প্রাক্ প্রাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পর্যায়লৈ কেইবাখনো অভিলাষী আঁচনি উল্লেখ কৰা হৈছে৷ ৰাজ্যখনৰ মহিলা সবলীকৰণৰ ক্ষেত্রত অৰুণোদয় আঁচনিখনে দেশজুৰি চর্চিত হৈছে৷ সম্প্রতি ৰাজ্যখনৰ ৩৮ লাখ মহিলাই মাহিলি ১২৫০ টকাকৈ লাভ কৰি আছে৷ অৰুণোদয়ক প্রসাৰ কৰি মাহিলি ৩ হাজাৰ টকাকৈ বৃদ্ধি কৰাৰ আঁচনিৰ কথা ঘোষণা কৰা হৈছে৷ ৰাষ্ট্রখনৰ ঐতিহ্য সংস্কৃতিৰ সুৰক্ষা আৰু সংৰক্ষণ, ক্ষুদ্র আৰু উপায়হীন কৃষকৰ বাবে ১১ হাজাৰ বার্ষিক সাহায্য, মীনপালকসকলক আর্থিক সাহায্য, আধুনিক কৃষি আন্তঃগাঁথনি, ৰাজ্যখনৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ, বিষ্ণুপ্রিয়া মণিপুৰী, ৰাজভৰ নেৱাৰ, ভূজেল, চবৰ, সতনামী আৰু কিৰণ শ্বেইখ জনগোষ্ঠীৰ বাবে কেন্দ্রীয় অ’বিচিৰ তালিকাত অন্তর্ভুক্ত, মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী জনজাতিক স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মর্যাদা প্রদান, জনজাতীয় বেল্ট আৰু ব্লকসমূহক অধিক সুৰক্ষা, চাহ শ্রমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি, প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ১৫ লাখ আৱাস নির্মাণ, ১৫ লাখ পৰম্পৰাগত শিপিনীক নিযুত শিপিনীৰ আঁচনিৰ অধীনত আর্থিক সকাহ দিয়াৰ সংকল্প লৈছে বিজেপিয়ে৷ ২০৩৬ চনৰ ভিতৰত অসমখনক ৩০০ বিলিয়ন ডলাৰ অর্থনীতিৰ ৰাজ্যৰূপে গঢ়িবলৈ বিশেষ অর্থনৈতিক অঞ্চল আৰু অসম ইলেক্ট্র’নিক মিছন আৰম্ভ কৰাৰ প্রতিশ্রুতি প্রদান কৰা হৈছে৷ ইফালে, অসমবাসীৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনিবলৈ কংগ্রেছে নির্বাচনী ইস্তাহাৰত পাঁচটা প্রতিশ্রুতি প্রদান কৰিছে৷ ৰাজ্যৰ আর্থিক অৱস্থাৰ ওপৰত শ্বেতপত্র প্রকাশ আৰু দুর্নীতিবিৰোধী আয়োগ গঠন, স্বচ্ছ ভূমি অভিলেখ আৰু ৰাজহ আহৰণ প্রণালী, চৰকাৰী ঠিকাত স্থানীয় লোকক অগ্রাধিকাৰ, বান আৰু খহনীয়া প্রতিৰোধ, চিকিৎসালয় আৰু বিদ্যালয়ৰ খালী পদত নিযুক্তিক কংগ্রেছে নির্বাচনী ইস্তাহাৰখনত অগ্রাধিকাৰ দিছে৷ ইয়াৰ উপৰি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মাহিলি ১২৫০ টকাকৈ পেন্সন আৰু এটা সুকীয়া মন্ত্রালয় গঠনৰ প্রতিশ্রুতি দিছে কংগ্রেছে৷ জাতীয়তাবাদৰ ভাবাৱেগৰ আধাৰতো নির্বাচনী ইস্তাহাৰ প্রস্তুত কৰি উলিয়াইছে ৰাজ্যৰ প্রধান ৰাজনৈতিক দল দুটাই৷ এইক্ষেত্রত অসমৰ ভোটদাতাই ৯ এপ্রিলত কি জনাদেশ প্রদান কৰে, সেয়া স্পষ্ট হ’ব ৪ মে’ৰ ভোটগণনাত৷

You might also like