বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিৰ ভোট বৰ্জনৰ সিদ্ধান্ত
সম্পাদক গৰাকীৰ বাদে প্ৰাৰ্থী বৰাই বিপিএফ দলৰ বিহপুৰীয়া সমষ্টি সমিতিৰ আন কাকে চিনি না পাওঁ বুলি তুচ্ছ তাচ্ছিল্য কৰি বিৰূপ মন্তব্য কৰে
সমাগত বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ বিয়লি সামৰণি পৰিব। এনডিএ চৰকাৰ গঠন কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিয়ে বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ মন্তব্য আৰু ভূমিকাত তীব্র অসন্তুষ্টি প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্রকাশ কৰিছে।
বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি গৰাকীৰ লগতে সমষ্টি সমিতিখনক সম্পূর্ণ একাষৰীয়া কৰি সম্পাদকক লৈ কালি বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই আলোচনা কৰে।
তদুপৰি এই সন্দৰ্ভত সম্পাদক গৰাকীৰ বাদে প্ৰাৰ্থী বৰাই বিপিএফ দলৰ বিহপুৰীয়া সমষ্টি সমিতিৰ আন কাকে চিনি না পাওঁ বুলি তুচ্ছ তাচ্ছিল্য কৰি বিৰূপ মন্তব্য কৰে। বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ এনে মন্তব্যত বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল ক্ষুণ্ণ হৈ পৰে।
বিপিএফৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সভাপতি দুৰ্গাসিং দেউৰী, সহকাৰী সম্পাদক মিলন দেউৰী, অনুপ কামান, সাংগঠনিক সম্পাদক প্ৰদীপ কছাৰী, প্ৰচাৰ সম্পাদক হানিফ আহমেদ, গাঁও পঞ্চায়ত সমিতিৰ সদস্যসকলে এই বিষয়ত তীব্র ক্ষোভ প্রকাশ কৰি অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে বুলিও জনায়।
নিয়মীয়া বাৰ্তা, নাৰায়ণপুৰ, ৭ এপ্রিল