ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্ততে কংগ্ৰেছ দলত এক গুৰুত্বপূর্ণ আঘাত পৰিল। ওদালগুৰি অঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰা মতে, কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। কেৱল প্ৰাৰ্থিত্ব প্ৰত্যাহাৰেই নহয়, তেওঁ কংগ্ৰেছ দলো ত্যাগ কৰা বুলি জানিব পৰা গৈছে।
এই ঘটনাই নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ ৰাজনৈতিক পৰিস্থিতিত নতুন সমীকৰণৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ ভোটগ্ৰহণৰ পূৰ্বে এই সিদ্ধান্তে কংগ্ৰেছ দলৰ সংগঠনত প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
ওদালগুৰি সমষ্টিত এতিয়া পৰৱৰ্তী সময়ত কংগ্ৰেছৰ কৌশল কি হ’ব আৰু এই সিদ্ধান্তই নিৰ্বাচনী ফলাফলত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষ্যণীয় হ’ব।
ডিজিটেল ডেস্ক, ৮ এপ্ৰিল