নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ সংকট চলি থকাৰ মাজতে মঙলবাৰে হঠাতে ভাৰতৰ ষ্টক বজাৰত বৃহৎ উত্থান পৰিলক্ষিত হয় । কেন্দ্ৰীয় চৰকাৰে ২১৪ টাকৈ ঔষধৰ ক্ষেত্ৰত থকা ৰপ্তানিৰ নিষেধাজ্ঞা বাতিল কৰাৰ পাচতে দেশৰ শ্বেয়াৰ বজাৰত এই পৰিৱৰ্তন দেখিবলৈ পোৱা যায় । মঙলবাৰে এটা দিনতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে ৮ লাখ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হয় । শ্বেয়াৰ বজাৰৰ এই উত্থান ২০০৯ চনৰ পাছত সৰ্বাধিক । উল্লেখ্য যে মঙলবাৰে ছেনছেক্স ২৪৭৬.২৬ পইণ্ট উত্থান হৈ ৩০০৬৭ ত সামৰণি পৰে । বৃদ্ধিৰ হাৰ আছিল ৮.৯৭ শতাংশ । আনহাতে নিফটিৰ ক্ষেত্ৰত ৭০২.১০ পইণ্ট বৃদ্ধি পাই ৮৭৮৫.৯০ সমাপ্ত হয় । বৃদ্ধিৰ হাৰ আছিল ৮.৬৯ শতাংশ ।
উল্লেখ্য যে, সোমবাৰে মহাবীৰ জয়ন্তী উপলক্ষে শ্বেয়াৰ বজাৰ বন্ধ আছিল । যোৱ শুকুৰবাৰে ছেনছেক্সত ৬৭৪.৩৬ পইণ্টৰ পতন ঘটি ২৭৫৯০.৯৫ পইণ্টত সমাপ্তি ঘটিছিল । আনহাতে , নিফটিও ১৭০ পইণ্ট নিম্নগামী হৈ ৮০৮৩.৮০ পইণ্টত সমাপ্তি ঘটিছিল । কিন্তু মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে অত্যন্ত প্ৰয়োজনীয় ২৪ টা ঔষধৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাচতে ঔষধ কোম্পানীসমূহৰ সূচক ১০.২ শতাংশ বৃদ্ধি পায় । শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থানৰ মূল কাৰণো কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত বুলি শ্বেয়াৰ বজাৰৰ বিশেষজ্ঞ সকলে মন্তব্য কৰিছে । উল্লেখ্য যে, মঙলবাৰে দেশৰ ১০ টাকৈ ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ শ্বেয়াৰ সমন্বিতে নিফটি ফাৰ্মা সূচক একেসময়তে ৯.৮৪ শতাংশ বৃদ্ধি পায় । দেশৰ ২৪ টা ঔষধ বিশ্বৰ অন্য়ান্য দেশলৈ ৰপ্তানিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে শ্বেয়াৰ বজাৰ সক্ৰিয় হৈ উঠে । ঔষধ কোম্পানীসমূহৰ ভিতৰত ড০ ৰেড্ডী, চিপলা, অৰবিন ফাৰ্মা আৰু লুপিনেৰ শ্বেয়াৰ এনএছইত ৯-১০ শতাংশ বৃদ্ধি পায় । এনএছই নিফটিৰ বেংক সূচক আৰু নিফটিত প্ৰাইভেট বেংকৰ সূচক যথাক্ৰমে ৮.৮৬ আৰু ৯.১৯ শতাংশ বৃদ্ধি পায় ।
উল্লেখ্য যে, ক’ৰোনা ভাইৰাছত আক্ৰান্ত মাৰ্কিন যুক্তৰাষ্ট্ৰ , ইটালী, স্পেইনসহ আন বহু দেশলৈ হাইড্ৰক্সিক্লোৰোকুইন ঔষধ ৰপ্তানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে । শ্বেয়াৰ বজাৰৰ উত্থানৰ ফলত ইণ্ডাছলেণ্ড বেংক (২২ শতাংশ), এক্সিছ বেংক ( ১৯ শতাংশ), মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ (১৫ শতাংশ), আইচিআইচিআই বেংক (১৪ শতাংশ), হিন্দুস্তান ইউনিলিভাৰ (১৪ শতাংশ), মাৰুতী ছুজুকী (১৩ শতাংশ) আৰু এইচ চি এল টেকেও (১২ শতাংশ) লাভ অৰ্জন কৰা পৰিলক্ষিত হয় । আনহাতে, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ৫০ পইচাৰ উত্থান পৰিলক্ষিত হয় । অৰ্থাৎ ভাৰতীয় ১ টকাৰ বিনিময় মূল্য এতিয়া ৭৫.৬৩ আমেৰিকান ডলাৰ ।