নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বৰ্ষাপাৰাত ৰিয়ানৰ ৰাজস্থানৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ডিজিটেল ডেস্ক, ৯ এপ্ৰিল : চলিত ১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ গুৱাহাটীৰ তিনিখন হাইভ’ল্টেজ মেচৰ কাইলৈ অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷ চমকপ্ৰদ প্ৰদৰ্শনেৰে জয়ৰ হেটট্ৰিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভণি কৰা ৰিয়ানৰ দল আৰ আৰে কাইলৈ ডিফেণ্ডিং চেম্পিয়ন আৰ চি বিৰ বিৰুদ্ধেও আত্মবিশ্বাসৰে এ চি এ ষ্টেডিয়ামত নামিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন আৰ আৰ দলৰ নতুন লক্ষ্য গুৱাহাটীত লগতে ঘৰুৱা মেচত জয়ৰ হেটট্ৰিক কৰা৷

ইফালে, আৰ আৰ আৰু আৰ চি বিৰ মেচক লৈ গুৱাহাটীৰ সমৰ্থকৰ উৎসাহ-উৎকণ্ঠা তীব্ৰ হৈ পৰিছে৷ ৰাজস্থানৰ বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বেটিং তাণ্ডৱত মতলীয়া দৰ্শকৰ সন্মুখত কাইলৈ নিশা দেখা যাব বিশ্ব ক্ৰিকেটৰ সম্ৰাট বিৰাট কোহলিক৷ ৰান মেচিন কোহলিয়ে প্ৰথমবাৰৰ বাবে এ চি এ ষ্টেডিয়ামত আই পি এল মেচ খেলিব৷ এয়া আৰ চি বি দলৰো গুৱাহাটীত আই পি এলৰ অভিষেক মেচ৷ অসম তথা উত্তৰ-পূবৰ আৰ চি বিৰ সমৰ্থকৰ বাবে কাইলৈৰ মেচখন এক দীৰ্ঘদিনীয়া অপেক্ষাৰ বাস্তৱ প্ৰাপ্তি৷

ইতিমধ্যে এই মেচৰ টিকট ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটো এপত দুদিন পূৰ্বে শেষ হৈছিল৷ কিন্তু শেহতীয়াকৈ অসমৰ কেইখনমান জিলাৰ পৰা একেবাৰে কমসংখ্যক টিকট গুৱাহাটীলৈ ঘূৰি অহাত আজিৰে পৰা সেয়া পুনৰ ক্ৰিকেটপ্ৰেমীৰ বাবে মুকলি কৰা হৈছে৷ বাকী থকা এই টিকট ডিষ্টিক্ট-জ’মাটো এপৰ লগতে জি এছ ৰোডৰ চিটী চেণ্টাৰ আৰু ছাউথ পইণ্ট স্কুলৰ কাউণ্টাৰত পোৱা যাব৷

ইফালে, কাইলৈৰ মেচখন উপভোগ কৰিবলৈ গুৱাহাটীলৈ আহিব কোহলি পত্নী বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা৷ অৰ্থাৎ খেলপথাৰত বৈভৱ-বিৰাটৰ বেটিং ৰোমাঞ্চৰ লগতে গেলেৰীত মোহময়ী অনুষ্কাৰ উপস্থিতিয়ে বৰ্ষাপাৰাৰ নিশা গ্লেমাৰ অধিক ৰঙীন কৰি তুলিব৷

You might also like