গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভঙাগড়স্থিত ৰুদ্ৰাক্ষ মলৰ পিছফালে উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো সোণাপুৰৰ সিদ্ধান্ত দাস নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, ৰুদ্ৰাক্ষ মলৰ সপ্তম মহলাৰ পৰা পৰি যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ সঠিক কাৰণ উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১১ এপ্ৰিল