নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল : অসমৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান ঘটে। হৃদৰোগত আক্রান্ত হৈ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ ।

জ্যেষ্ঠ ৰাজনীতিবিদ যতীন মালী এসময়ত অসম গণ পৰিষদৰ এগৰাকী আগশাৰীৰ নেতা আছিল। অগপ চৰকাৰৰ কাৰ্যকালত শিক্ষামন্ত্রী আছিল যতীন মালী। প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰাৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত যতীন মালীয়ে পলাশবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল।

You might also like