নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত ২০২৬ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট

ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল : গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত এই গৌৰৱোজ্জ্বল প্ৰতিযোগিতাত বহু প্ৰতিভাশালী প্ৰতিযোগীক পিছ পেলাই এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয় গুৱাহাটীৰ সংগীতা ৰাভাই।

বিহু সম্ৰাজ্ঞী সংগীতা ৰাভাই লাভ কৰিছে এটি মুকুট, বিহু সম্ৰাজ্ঞী দণ্ড, মানপত্ৰ, জাপি, মুঠ ১ লাখ ৭১ হাজাৰ ১০১ টকা, সোণৰ গহনা, এটা টিভি, এটা ৰেফ্ৰিজেৰেটৰ, এটা ৱাশ্বিং মেচিন আৰু কেইবাটাও আকৰ্ষণীয় উপহাৰ। উল্লেখ্য যে এই বৰ্ষত লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী খিতাপৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬গৰাকী বিহুৱতীয়ে প্ৰতিযোগিতাত অংশ লৈছিল। এই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত আছিল অজিত গগৈ, প্ৰবীণ শইকীয়া আৰু জয়া শীল ঘোষ ।

আনহাতে, গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই ‘বিহু কুঁৱৰী’ আৰু লখিমপুৰৰ বৰষা বুঢ়াগোঁহায়ে ‘বিহুৰাণী’ৰ খিতাপ অৰ্জন কৰে । বিহু সম্ৰাজ্ঞীৰ সৈতে একেলগে তেওঁলোকৰ পুৰস্কাৰসমূহো প্ৰদান কৰে। বিহু কুঁৱৰী আৰু বিহুৰাণী দুয়োগৰাকী বিজয়ীকে মানপত্ৰ আৰু নগদ ধনৰ লগতে সোণৰ গহনা আৰু বিভিন্ন আকৰ্ষণীয় উপহাৰেৰে সন্মানিত কৰা হয় ।

আনফালে, গুৱাহাটী বিহু সন্মিলনী ২০২৬-ৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে লাচিত গগৈয়ে । একেদৰে গোবিন চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান অৰ্জন কৰে ।

You might also like